সাৱধান! ৰে’লৱেৰ টিকটত জালিয়াতি, পোহৰলৈ আহিছে আচৰিত তথ্য

Railways: ৰে’ল মন্ত্ৰালয়ে আনিছে নতুন নিয়ম। য’ত উল্লেখ কৰিছে আই আৰ চি টি চিৰ ৱেবছাইট বা এপৰ পৰা তৎকাল টিকট বুকিং কৰাৰ বাবে আধাৰ কাৰ্ড নম্বৰ বাধ্যতামূলক। এই নিয়ম ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে।

সাৱধান! ৰেলৱেৰ টিকটত জালিয়াতি, পোহৰলৈ আহিছে আচৰিত তথ্য

ৰে'লৱেৰ টিকটত জালিয়াতি

Published: 

06 Jul 2025 | 02:58 PM

১ জুলাইৰ পৰা তৎকাল টিকট বুকিং কৰাৰ নিয়ম সলনি হৈছে। এতিয়াৰ পৰা আধাৰ নম্বৰ পৰীক্ষণ অবিহনে তৎকাল টিকট বুকিং কৰিব নোৱাৰে। অৱশ্যে দুদিন পূৰ্বে আৰম্ভ এই নিয়মৰ সৈতেও আৰম্ভ হৈছে জালিয়াতি।

জানিব পৰা মতে, তৎকাল টিকট বুকিঙৰ নতুন নিয়মতো প্ৰৱঞ্চক জড়িত হৈ পৰিছে। অনলাইনত বিক্ৰী হৈছে আধাৰ নম্বৰ। সেই নম্বৰটো দি তৎকাল টিকট ক্ৰয় কৰা হৈছে। মূলতঃ এজেণ্টসকলে এই আধাৰ আইডি ক্ৰয় কৰি তৎকাল টিকট বুকিং কৰি আছে।

টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপত বিক্ৰী হৈছে আধাৰ নম্বৰ। টকা দি সেই আধাৰ নম্বৰটো পাব পাৰি। তাৰ পিছত তৎকাল টিকট কিনাটো একেবাৰে সহজ। ইতিমধ্যে ৪০টাতকৈও অধিক হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপ পোৱা গৈছে। অনলাইনত চলি আছে তৎকাল টিকটৰ ক’লা বজাৰ।

নতুন নিয়ম অনুসৰি আই আৰ চি টি চিৰ ৱেবছাইট বা এপৰ পৰা তৎকাল টিকট বুকিং কৰাৰ সময়ত আধাৰ কাৰ্ড নম্বৰ দিয়াটো বাধ্যতামূলক কৰিছে ৰেল মন্ত্ৰালয়ে।

আধাৰ পৰীক্ষণত আই আৰ চি টি চি আই ডি কিনিবলৈ খৰচ হয় ৩৬০ টকা। এই আইডিটো কিনি একাউণ্টত লগ ইন কৰিলে অ’টিপিৰ জৰিয়তে তৎকাল টিকট লাভ কৰিব পাৰিব।

প্ৰৱঞ্চকসকলে ফাষ্ট তৎকাল বুকিং নামৰ এটা চফটৱেৰও তৈয়াৰ কৰিছে। য’ত বটে (Bot) ব্ৰাউজাৰত থকা সকলো তথ্য স্বয়ংক্ৰিয়ভাৱে পূৰণ কৰে। তাৰ পিছত এটা ক্লিকতে টিকট বুকিং হয়। এই বট চফটৱেৰৰ দাম ৯৯৯ টকাৰ পৰা ৫০০০ টকালৈ। অৰ্থাৎ ৰে’লৰ এজেণ্টসকলে যদি এই বট এবাৰ কিনি লয়, তেন্তে নিমিষতে তৎকাল টিকট বুকিং কৰিব পাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...