শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লগ কৰিবলৈ মাতিলে, তাৰ পিছত প্ৰেমিকৰ ব্যক্তিগত অংগত…যুৱতীৰ ভয়ংকৰ কাণ্ড

জানিব পৰা মতে দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়া হৈছিল, তাৰ পিছত প্ৰেমিকাই প্ৰেমিকৰ লগত কৰিলে ভয়ংকৰ কাণ্ড। ইয়াৰ পিছতে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত প্ৰেমিকজন নিজৰ ঘৰত উপস্থিত হয়।

লগ কৰিবলৈ মাতিলে, তাৰ পিছত প্ৰেমিকৰ ব্যক্তিগত অংগত…যুৱতীৰ ভয়ংকৰ কাণ্ড
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 02 Jul 2025 11:51 AM

উত্তৰ প্ৰদেশৰ সন্ত কবিৰনগৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনৰ খলিলাবাদ কোতৱালি অঞ্চলৰ মুছাৰা গাঁৱত প্ৰেমিকৰ ব্যক্তিগত অংগ কাটি পেলালে প্ৰেমিকাই। জানিব পৰা মতে দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়া হৈছিল, তাৰ পিছত প্ৰেমিকাই প্ৰেমিকৰ লগত কৰিলে ভয়ংকৰ কাণ্ড। ইয়াৰ পিছতে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত প্ৰেমিকজন নিজৰ ঘৰত উপস্থিত হয়।

পৰিয়ালৰ লোকে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়, য’ত তেওঁৰ চিকিৎসা কৰা হয়। ঘটনা অনুসৰি খলিলাবাদ কোতৱালি অঞ্চলৰ জংগল কালাৰ বাসিন্দা বিকাশ নিশাদ (১৯) সোমবাৰে চুবুৰীয়া মুছাৰা গাঁৱৰ প্ৰেমিকাক লগ কৰিবলৈ গৈছিল। দুয়োৰে মাজত দীৰ্ঘদিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক। দুয়োজনে ইজনে সিজনক লগ পোৱাৰ ছবছৰ হৈছিল। সোমবাৰে বিকাশক ফোন কৰি ঘৰলৈ মাতিছিল প্ৰেয়সীয়ে।

ইয়াৰ পিছত বিকাশে নিশা প্ৰেয়সীৰ ঘৰ পালেগৈ। দুয়োজনে প্ৰায় ছয় ঘণ্টা একেলগে কটালে। কিন্তু তাৰ মাজতে প্ৰেমিকাই বিকাশৰ ব্যক্তিগত অংশত ব্লেডেৰে আক্ৰমণ কৰাৰ অভিযোগ। যাৰ পিছত দ্ৰুতগতিত ৰক্তক্ষণৰ হ’বলৈ ধৰিছিল।  বিকাশে তেনেকেই  নিজৰ ঘৰত উপস্থি হয়। তাতে তেওঁ পাঁচ ঘণ্টা ধৰি ৰক্তক্ষৰণ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ অৱস্থা আৰু বেয়া হৈ পৰিছিল। ইয়াৰ পিছত পৰিয়ালৰ লোকে গ’ম পোৱাত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যায়। বিকাশক চিকিৎসালয়খনৰ জৰুৰীকালীন ৱাৰ্ডত চিকিৎসা প্ৰদান কৰা হয়।

যুৱকজনৰ মাতৃয়ে কি ক’লে?

বিকাশ অচেতন হৈ পৰিছিল। অৱশ্যে তিনি ঘণ্টাৰ ভিতৰতে ৰক্তক্ষৰণ বন্ধ হৈছিল। কেৱল এয়াই নহয় বিকাশক তেজো দিয়া লগা হৈছিল, তাৰ পিছতহে তেওঁৰ চেতনা ঘূৰি আহিল। ঘটনা সন্দৰ্ভত বিকাশৰ মাতৃ কয়,  “ছোৱালীজনী মোৰ ল’ৰাৰ পিছত পৰি আছিল। সোমবাৰে নিশা লগ কৰিবলৈ মোৰ ল’ৰাটোক নিজৰ ঘৰলৈ মাতিলে। তাৰ পিছত পুৱা তেওঁ তাৰ ব্যক্তিগত অংশত আক্ৰমণ কৰিলে। ইয়াৰ ফলত  বিপদত পৰিছে মোৰ ল’ৰাৰ জীৱন।”

ইফালে খলিলাবাদ কোতৱালি আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈকে কোনো অভিযোগ পোৱা নাই বুলি জানিবলৈ দিয়ে। অভিযোগ লাভ কৰাৰ পিছত গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।