মনত বেয়া চিন্তা আহিলে কি কৰিব? জানক উপায়

2 July 2025

TV9 ASSAM

প্ৰায় সকলো মানুহৰে বিভিন্ন সমস্যা থাকে। এনে কিছুমান সমস্যা লৈ বহু মানুহে বৃন্দাবনৰ বাবা প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ যায়। সেই ব্যক্তিসকলক মহাৰাজে বিভিন্ন সমস্যাৰ সমাধান দিয়ে।

প্ৰেমানন্দ মহাৰাজ

এনে এজন লোক প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ সমস্যাৰ কথা কৈছিল। তেতিয়া প্ৰেমানন্দ মহাৰাজে তেওঁক সমাধানৰ পথ দিয়ে। লগতে জীৱনৰ গুৰুত্বৰ বিষয়ে কয়।

ভক্ত

এজন ভক্তই প্ৰেমানন্দ মহাৰাজক সোধে যে- মনত বেয়া ভাব আহিলে বা নিজকে শেষ কৰাৰ চিন্তা আহিলে কি কৰিম। লোকজনে কয় যে, তেওঁৰ বাৰে বাৰে নিজকে শেষ কৰাৰ মন যায়।

প্ৰশ্ন

তেতিয়া প্ৰেমানন্দ মহাৰাজে কয়, মৰিলে কি হ'ব , মৃত্যুৰ পাছতো একো সলনি নহয়। আপুনি শৰীৰ ত্যাগ কৰিব কিন্তু আত্মা তেনেকৈয়ে থাকিব। প্ৰেতলৈ ৰূপান্তৰিত হোৱাৰ পাছত মৰিবও নোৱাৰে, পলাই যাবও নোৱাৰে।

উত্তৰ

প্ৰেমানন্দ মহাৰাজে কয় যে, গতিকে যেতিয়াই এনে ভাব মনলৈ আহে তেতিয়া 'ৰাধা'ৰ নাম জপ কৰিব। তেওঁ কয়, চিন্তা নকৰিব। যদি পুনৰ মৃত্যুৰ ইচ্ছা মনলৈ আহে তেন্তে 'ৰাধা ৰাধা' নাম জপ কৰিব।

কি কৰিব

 তেতিয়া ভক্তই কয় যে, মই নিজৰ ভুলৰ পৰা পলাব নিবিচাৰো, নিজৰ শৰীৰো শেষ কৰিব নিবিচাৰো  ,সেইবাবে আপোনাৰ ওচৰলৈ আহিছো।

ভক্তই কি কয়

তেতিয়া মহাৰাজে কয় যে, শৰীৰটোক সময়তকৈ আগতে শেষ কৰা মহাপাপ। তেতিয়া ব্যক্তিজনে কয় যে, মই পিতৃ-মাতৃৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিব বিচাৰো। পলাব নিবিচাৰো। জীৱনত পৰাজয় হ'ব নিবিচাৰো।

উত্তৰ

পঢ়িবলৈ ক্লিক কৰক 

চাণক্য নীতি