শত্ৰুক নাশ কৰিবলৈ সাজু! ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ উত্তৰ কোৰিয়াই প্ৰেৰণ কৰিব ৩০,০০০ সেনা জোৱান…
শত্ৰুক ধ্বংস কৰিবলৈ সাজু উত্তৰ কোৰিয়া। শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি, উত্তৰ কোৰিয়াৰ কিমে ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ ৩০,০০০ জোৱান প্ৰেৰণ কৰিব। ইয়াৰ সহায়ত শক্তিশালী হৈ উঠিব ৰাছিয়া।

বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ সাজু উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন। সেনাৰ কফিনৰ কাষত কান্দি থকা কিমে এনে এক ঘোষণা কৰিছে যিয়ে বিশ্বক শংকিত কৰি তুলিছে। বিশেষকৈ ইউক্ৰেইন আৰু ইউৰোপৰ অৱস্থা অতি বেয়া হৈ পৰিছে। দৰাচলতে উত্তৰ কোৰিয়াই ইউক্ৰেইনত ৰাছিয়াৰ সৈতে যুদ্ধ কৰিবলৈ আৰু ৩০ হাজাৰ সৈনিক প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে। সৈনিকৰ শ্বহীদ হোৱাৰ পিছত কিমে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ কিমে হাজাৰ হাজাৰ সেনা প্ৰেৰণ কৰিছে। উত্তৰ কোৰিয়াই দাবী কৰিছে যে দেশখনে প্ৰায় ১১ হাজাৰ সৈনিক প্ৰেৰণ কৰিছে, কিন্তু ইউক্ৰেইনে দাবী কৰিছে যে এই সেনাৰ সংখ্যা ১৪ হাজাৰ আৰু অতিৰিক্ত সেনা প্ৰেৰণ কৰিছে ৩ হাজাৰ। চিএনএনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ জোৱানৰ মৃত্যুৰ পিছত কিম জং উনে আৰু ৩০ হাজাৰ জোৱান প্ৰেৰণৰ প্ৰস্তুতি চলাইছে।
চিএনএনৰ বাতৰি অনুসৰি উত্তৰ কোৰিয়াৰ সৈন্যই শীঘ্ৰে ৰাছিয়াৰ দখলত থকা ইউক্ৰেইনত উপস্থিত হৈ পুটিনৰ সেনাবাহিনীক শক্তিশালী কৰি তুলিব। ইমানেই নহয়, দেশখনে ৰাছিয়াক পৰ্যাপ্ত পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, গুলী-বাৰুদ আদিৰ যোগান ধৰিব। আন এক প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াৰ পৰা সেনা কঢ়িয়াই নিবলৈ ৰাছিয়াই ইতিমধ্যে সামৰিক বিমান প্ৰস্তুত কৰিছে। ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সেৱাইও এক প্ৰতিবেদনত উল্লেখ কৰিছিল যে ইউক্ৰেইনত ৬ হাজাৰ উত্তৰ কোৰিয়াৰ সৈনিক নিয়োজিত হ’ব। আনকি দক্ষিণ কোৰিয়াৰ সাংসদ ছয়ং কোৱানে দাবী কৰিছিল যে উত্তৰ কোৰিয়াই ৰাছিয়ালৈ সৈন্য প্ৰেৰণৰ বাবে নতুন সৈনিক নিযুক্তি আৰম্ভ কৰিছে।
উত্তৰ কোৰিয়াৰ এই সহায়ৰ বিনিময়ত ৰাছিয়াই দেশখনত অৰ্থনৈতিক সাহাৰ্য প্ৰদান কৰিছে। ৰাছিয়া-উত্তৰ কোৰিয়াৰ বন্ধুত্ব দেখি এতিয়া দক্ষিণ কোৰিয়া, আমেৰিকা আৰু অন্যান্য় মিত্ৰ ৰাষ্ট্ৰসমূহ চিন্তিত হৈ পৰিছে। দেশ কেইখনে ভয় খাইছে যে, যদি ৰাছিয়াই উত্তৰ কোৰিয়াক সংবেদনশীল প্ৰযুক্তিৰ যোগান ধৰে তেন্তে উঃকোৰিয়াৰ পাৰমাণৱিক কাৰ্যসূচীয়ে গতি লাভ কৰিব। এই সকলোবোৰৰ মাজতে চলিত বৰ্ষৰ এপ্ৰিল মাহত কিম জং উনে প্ৰথমবাৰৰ বাবে নিশ্চিত কৰিছিল যে উত্তৰ কোৰিয়াই ৰাছিয়াৰ বাবে সৈনিক প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, শেহতীয়াকৈ নৰ্থ কোৰিয়াত ৬ টাকৈ কফিন আহিছিল, য’ত কিমে নিজেই পতাকা মেৰিয়াই দিছিল। সেই সময়ত কিমক অত্যন্ত দুখী দেখা হৈছিল। এই কফিনত আছিল কোৰিয়া আৰু ৰাছিয়ান সেনা। এই সৈনিকসকলক স্মৰণ কৰি এক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল। ইয়াৰ পূৰ্বে জানুৱাৰী মাহত ইউক্ৰেইনে দাবী কৰিছিল যে তেওঁলোকে কুৰ্স্ক অঞ্চলত উত্তৰ কোৰিয়াৰ সৈন্যক বন্দী কৰিছে। কিন্তু এই সেনাবোৰৰ পৰা ভুৱা প্ৰমাণ পত্ৰ উদ্ধাপ হৈছিল, গতিকে এই সকলোবোৰ সেনা চাইবেৰিয়াৰ কোনোবা দুৰ্গম অঞ্চলৰ বুলি সন্দেহ কৰা হৈছিল।
অন্য খবৰ পঢ়কঃ UNSC ৰ অধ্যক্ষ পদ লাভৰ পাছতেই পাকিস্তানৰ আচল স্বৰূপ পোহৰলৈ! ক’লে- এতিয়া কাশ্মীৰৰ ওপৰত কাম কৰাৰ সময়…