আঁতৰি থাকক এনে বন্ধুৰ পৰা, কৰিব পাৰে বিশ্বাসঘাটকতা

2 July 2025

TV9 ASSAM

চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত বিভিন্ন দিশৰ কথা উল্লেখ কৰিছে। মানুহে কেনেকৈ জীৱনত সফলতা লাভ কৰিব লাগে, কি কি নীতি জীৱনৰ বাবে ভাল এই সকলোবোৰ উল্লেখ কৰি গৈছে।

চাণক্য

চাণক্যই উল্লেখ কৰি গৈছে যে মানুহে জীৱনত কেনেকুৱা বন্ধু ৰাখিব লাগে।  কেনে বন্ধুক বিশ্বাস কৰিব নালাগে। তেওঁ কৈ গৈছে যে কেনেকৈ বিশ্বাসঘাটকতা কৰিব পৰা বন্ধুক চিনা যায়।

বন্ধু

 বন্ধু বুলি কোৱা যিসকলে গ'ম নোপোৱাকৈ আপোনাৰ কাম নষ্ট কৰাৰ চেষ্টা কৰে, বা মুখৰ আগত মিঠা কথা কৈ পিছত বেয়া কথা কয়, তেনে বন্ধু বিষৰ সমতুল্য। এনে লোকৰ পৰা দূৰত থাকিব।

বিশ্বাসঘাটক

চাণক্যই কয়, বিষক কেতিয়াও গ্ৰহণ কৰিব নালাগে। সেয়ে মিঠা মিঠা কথা কৈ আপোনাৰ হৈ বেয়া কাম কৰি থকাসকলৰ বাবে দূৰত থাকিব লাগে।  যদি আপুনি গ'ম পাই কোনোৱে বেয়া কৰিছে তেন্তে দূৰত থাকক।

বিষ

এনে লোকসকলক এৰাই চলা ভাল। এনে লোকসকলৰ লগত বন্ধুত্ব স্থাপন কৰা ভাল নহয়। কিয়নো এওঁলোক কেৱল শত্ৰু হ'ব পাৰে। যিকোনো সময়তে এনে লোকে বিশ্বাসঘাটকতা কৰিব পাৰে।

ত্যাগ

যিমানেই ভাল বন্ধু নহওক কিয় কেতিয়াও জীৱনৰ সকলো ৰহস্যৰ কথা খুলি কব নালাগে। কিয়নো কিছুমান কথা লুকাই ৰখা ভাল। ভাল আৰু পুৰণি বন্ধু হোৱাৰ পাছতো কিছুমান বস্তু ব্যক্তিগত কৰি ৰাখিব লাগে।

বন্ধু

ইয়াৰোপৰি যিসকল লোকে সকলো সময়তে আনৰ বেয়া কথা কৈ থাকে সেইসকল লোকৰ পৰা দূৰত থাকিব লাগে। কিয়নো বেয়া অভ্যাসৰ বাবে কেতিয়াবা ভাল বন্ধুয়েও বিশ্বাসঘাটকতা কৰিব পাৰে।

বেয়া কথা

পঢ়িবলৈ ক্লিক কৰক 

মনত বেয়া ভাব আহিলে কি কৰিব