নতুন সংকটত পাকিস্তান! সিন্ধু জল চুক্তি নহয়, ঝিলাম নদীৰ ওপৰত ভাৰতে কৰিব এই কাম…
Tulbul Navigation Project: পাকিস্তানক আন এক আঘাত দিবলৈ সাজু হৈছে ভাৰত। এইবাৰ ভাৰতে জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ কৰিবলৈ ওলাইছে তুলবুল নেভিগেশ্যন প্ৰজেক্ট। কিন্তু কি এই তুলবুল প্ৰজেক্ট? যাৰ কেৱল নাম শুনিয়েই ভয়ত কঁপিছে পাকিস্তান।

পাকিস্তানলৈ নামিছে অমানিশা! পহলগাম আক্ৰমণৰ পিছত ভাৰতে স্থগিত ৰাখিছিল সিন্ধু জল চুক্তি। বহু চেষ্টাৰ পিছতো পৰিস্থিতি এতিয়ালৈ স্বাভাৱিক হৈ উঠা নাই। যাৰ বাবে অধিক বেয়াৰ দিশে গতি কৰিছে পাকিস্তানৰ অৱস্থা। ইয়াৰ মাজতে পাকিস্তানক আন এক আঘাত দিবলৈ সাজু হৈছে ভাৰত। এইবাৰ ভাৰতে জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ কৰিবলৈ ওলাইছে তুলবুল নেভিগেশ্যন প্ৰজেক্ট। কিন্তু কি এই তুলবুল প্ৰজেক্ট? যাৰ কেৱল নাম শুনিয়েই ভয়ত কঁপিছে পাকিস্তান।
তুলবুল নেভিগেশ্যন প্ৰজেক্ট কি?
এয়া হৈছে জম্মু-কাশ্মীৰৰ ঝিলাম নদীৰ ওপৰত থকা নিয়ন্ত্ৰিত জল সংৰক্ষণ প্ৰকল্প। এই প্ৰকল্পৰ লক্ষ্য আছিল উলাৰ হ্ৰদৰ সমুখভাগত ৪৩৯ ফুট দীঘল আৰু ৪০ ফুট বহল বান্ধ নিৰ্মাণ কৰা, যাতে নাৱেৰে গোটেই বছৰটো ঝিলাম নদীত যাত্ৰা কৰিব পাৰে। বিশেষকৈ যেতিয়া পানীৰ স্তৰ কম হয়, সেই সময়ত নাও চলোৱাত যাতে কোনো সমস্যা নহয়। এই প্ৰকল্পৰ জৰিয়তে উলাৰ হ্ৰদত প্ৰায় ৩ লাখ একৰ-ফুট পানী জমা হ’ব, যাৰ ফলত বাৰামুল্লা আৰু শ্ৰীনগৰৰ মাজত যাতায়ত সহজ হ’ব। তথ্য অনুসৰি ইয়াৰ ফলত যোগাযোগ ব্যৱস্থা উন্নত হোৱাই নহয়, জলসিঞ্চন আৰু বিদ্যুৎ উৎপাদনৰ বাবেও সুবিধা হ’ব।
প্ৰসংগক্ৰমে এই প্ৰকল্পটো আগতে ১৯৮৪ চনত আৰম্ভ হৈছিল। কিন্তু পাকিস্তানৰ বিৰোধিতাৰ বাবে ১৯৮৭ চনত বন্ধ কৰি দিয়া হৈছিল। পাকিস্তানে দাবী কৰিছিল যে এই প্ৰকল্পই সিন্ধু জল চুক্তি উলংঘা কৰিছে। পিছলৈ ২০১০ চনত পুনৰ প্ৰকল্পটো আৰম্ভ কৰা হয় আৰু ২০১৬ চনৰ ভিতৰত প্ৰায় ৮০% কাম সম্পূৰ্ণ হয়। কিন্তু তাৰ পিছত পুনৰ কাম বন্ধ কৰা হয়। বৰ্তমান পৰিস্থিতিত ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ পিছত এই প্ৰকল্পটো পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।
ভাৰত কেনেকৈ লাভৱান হ’ব?
সিন্ধু চুক্তি অনুসৰি ৰবি, ব্যাস আৰু চুটলেজ নদীৰ ওপৰত ভাৰতৰ সম্পূৰ্ণ অধিকাৰ আছে। সিন্ধু, ঝিলাম আৰু চেনাব নদীৰ পানী মূলতঃ পাকিস্তানলৈ যায়। কিন্তু ভাৰতে এই নদীসমূহৰ পানী যাতায়াত আৰু বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এতিয়া তুলবুল প্ৰকল্পৰ জৰিয়তে ভাৰতে নিজৰ পানী ভালদৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত কাশ্মীৰত বাণিজ্য, কৰ্মসংস্থাপন আৰু যোগাযোগ বৃদ্ধি পাব। বিদ্যুৎ উৎপাদনত স্থিতিশীলতা থাকিব, লগতে বানৰ আশংকাও হ্ৰাস পাব।
কিয় ইয়াৰ বিৰোধিতা কৰিছে পাকিস্তানে?
ইফালে এই প্ৰকল্পৰ বিৰোধিতাৰে পাকিস্তানে দাবী কৰিছে যে তুলবুল প্ৰকল্পৰ জৰিয়তে ভাৰতে ঝিলাম নদীৰ পানী বন্ধ কৰিব পাৰে, যিটো সিন্ধু জল চুক্তিৰ উলংঘা। ভাৰতে দাবী কৰিছে যে এই প্ৰকল্পটো জল সংৰক্ষণৰ বাবে নহয়, বৰঞ্চ নৌ পৰিবহণৰ বাবেহে। গতিকে ই চুক্তি পৰিসীমাৰ ভিতৰত পৰে। অৱশ্যে এই প্ৰকল্পটো কাশ্মীৰৰ ৰাজনীতিতো এক বিতৰ্কিত বিষয় হৈ আহিছে। এফালে প্রাক্তন মুখ্যমন্ত্রী ওমৰ আব্দুল্লা এই প্রকল্পটো পুনৰ আৰম্ভ কৰাৰ পক্ষত আছে ৷ আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে এই প্ৰকল্পত আপত্তি দৰ্শাই। সেয়া যিকি নহওক তুলবুল নেভিগেশ্যন প্ৰকল্প কেৱল আন্তঃগাঁথনি প্ৰকল্প নহয়, ইয়াৰ কৌশলগত, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱেও অতি গুৰুত্বপূৰ্ণ।