অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ ক্ষেত্ৰত কিমান সফল ৰে’ল সুৰক্ষা বাহিনী ? যোৱা ৪ বছৰত ৰোহিংগীয়াসহ ৯১৬ জনক আটক

যোৱা ৪ বছৰত ৰোহিংগীয়াকে ধৰি ৯১৬ জন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰে’ল সুৰক্ষা বাহিনীয়ে । এই তথ্য প্ৰকাশ কৰিছে ৰে’ল মন্ত্ৰালয়ে । ৰে’ল মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনৰ পৰা আৰ পি এফে ৫৮৬ জন বাংলাদেশী নাগৰিক আৰু ৩১৮ জন ৰোহিংগীয়াকে ধৰি ৯১৬ জন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে।

অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ ক্ষেত্ৰত কিমান সফল ৰে’ল সুৰক্ষা বাহিনী ? যোৱা ৪ বছৰত ৰোহিংগীয়াসহ ৯১৬ জনক আটক

প্ৰতীকী ফটো

Published: 

20 Jan 2025 | 12:53 PM

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে ৰে’ল সুৰক্ষা বাহিনীয়ে । যোৱা ৪ বছৰত ৰোহিংগীয়াকে ধৰি ৯১৬ জন অনুপ্ৰৱেশকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৰে’ল সুৰক্ষা বাহিনীয়ে । এই তথ্য প্ৰকাশ কৰিছে ৰে’ল মন্ত্ৰালয়ে । ৰে’ল মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনৰ পৰা আৰ পি এফে ৫৮৬ জন বাংলাদেশী নাগৰিক আৰু ৩১৮ জন ৰোহিংগীয়াকে ধৰি ৯১৬ জন অনুপ্ৰৱেশকাৰীক আটক কৰিছে।

উল্লেখ কৰিব লাগিব যে, বিগত বৰ্ষৰ জুন আৰু জুলাই মাহত ৰে’ল সুৰক্ষা বাহিনীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত অঞ্চলসমূহত ৮৮ জন বাংলাদেশী আৰু ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক আটক কৰাৰ তথ্যও প্ৰকাশ কৰিছে ৰে’ল মন্ত্ৰালয়ে । ৰে’ল মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, আটক কৰা লোকসকলে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল । কিয়নো এই ব্যক্তিসকলৰ একাংশই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰিছিল ।

অবৈধভাৱে সীমা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ পাছত ৰে’লেৰে নিজৰ গন্তব্যস্থানলৈ যোৱা সময়তে তেওঁলোকক আটক কৰা হয় বুলি উল্লেখ কৰিছে ৰে’ল মন্ত্ৰালয়ে । বিবৃতিটোত কোৱা হৈছে যে, ২০২৪ চনৰ অক্টোবৰ মাহত প্ৰকাশিত খবৰত উল্লেখ কৰা হৈছিল যে, বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি পোৱাৰ পাছতো অবৈধ প্ৰব্ৰজনকাৰীয়ে ভাৰতত অনুপ্ৰৱেশ অব্যাহত ৰাখিছে । অসমক ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰি আহিছে অনুপ্ৰৱেশকাৰীয়ে । ইয়াৰ লগতে অবৈধভাৱে প্ৰৱেশ কৰাৰ পাছতে দেশৰ অন্য়ান্য স্থানলৈ যাবলৈ সুচল যাতায়তৰ বাবে ৰে’লৱে সেৱা ব্যৱহাৰ কৰি আহিছে অনুপ্ৰৱেশকাৰীয়ে ।

ৰে’ল মন্ত্ৰালয়ে কয় যে, অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ৰে’ল নেটৱৰ্কৰ নিৰীক্ষণ আৰু সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰতো গুৰুত্ব দিয়া প্ৰয়োজন । লগতে প্ৰেছ বিবৃতিত ৰে’ল মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, ৰে’ল সেৱাই অনুপ্ৰৱেশকাৰীক ৰাজ্যসমূহৰ মাজেৰে যাতায়ত কৰাত সহায় কৰাই নহয়, দেশত অবৈধ প্ৰৱেশ ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ প্ৰচেষ্টাও জটিল কৰি তোলে।

“উপৰোক্ত বিষয়টো বিবেচনা কৰাৰ বাবে আৰ পি এফে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ), স্থানীয় আৰক্ষী আৰু চোৰাংচোৱা ইউনিটৰ দৰে গুৰুত্বপূৰ্ণ নিৰাপত্তা সংস্থাসমূহৰ সৈতে সহযোগিতা কৰি নিজৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। এই পদ্ধতিয়ে কাৰ্যকৰী দক্ষতা যথেষ্ট বৃদ্ধি কৰিছে । ইয়াৰ ফলত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণ, আটক আৰু অবৈধ অনুপ্ৰৱেশৰ সৈতে জড়িত ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে ।’ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত এই কথা প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ৰে’ল মন্ত্ৰালয়ে ।

ৰে’ল মন্ত্ৰালয়ে লগতে কয় যে, যিহেতু আৰ পি এফক আটক কৰা ব্যক্তিৰ বিৰুদ্ধে গোচৰ চলাবলৈ প্ৰত্যক্ষভাৱে ক্ষমতা প্ৰদান কৰা হোৱা নাই। গতিকে আটক কৰা এইসকল অনুপ্ৰৱেশকাৰীক আইনী প্ৰক্ৰিয়াৰ বাবে আৰক্ষী আৰু অন্যান্য কৰ্তৃত্বপ্ৰাপ্ত সংস্থাক গতাই দিয়া হয় বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...