কলকাতা কাণ্ডঃ অভিযুক্ত সঞ্জয় ৰয়ৰ লগতে আন দুই শিক্ষাৰ্থীৰ পলিগ্ৰাফ টেষ্ট সম্পন্ন

চিবিআইৰ জেৰাত তেওঁ দোষ স্বীকাৰ কৰিছিল যদিও ছিলদাহ আদালতত নিজকে নিৰ্দোষী বুলি কৈছিল। সঞ্জয় ৰয়ে বাৰে বাৰে নিজৰ ভাষ্য সলনি কৰি আছে যাৰ বাবে চিবিআইৰ তদন্তত কিছু অসুবিধা হৈছে।

কলকাতা কাণ্ডঃ অভিযুক্ত সঞ্জয় ৰয়ৰ লগতে আন দুই শিক্ষাৰ্থীৰ পলিগ্ৰাফ টেষ্ট সম্পন্ন

সঞ্জয় ৰয়

Published: 

25 Aug 2024 16:51 PM

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালৰ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত সঞ্জয়ৰ ৰয়ৰ দেওবাৰে পলিগ্ৰাফ টেষ্ট সম্পন্ন হয়। প্ৰেচিডেন্সি জেলত চিবিআইয়ে সঞ্জয়ৰ পলিগ্ৰাফ টেষ্ট কৰে। তেওঁৰ লগতে ছল্টলেকৰ চি জি অ’ কমপ্লেক্সত অৱস্থিত চি বি আইৰ কাৰ্যালয়ত আৰু কিছু লোকৰ পলিগ্ৰাফ টেষ্ট চলি আছে। আজি দুপৰীয়ে ১২:৩০ বজাৰ পৰা ৩:০০ বজালৈ সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্ট কৰা হয়। এই পলিগ্ৰাফ টেষ্টত সঞ্জয়ক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা হয়। অৱশ্যে বিষয়াসকলে তেওঁক কি প্ৰশ্ন কৰে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই।

আৰ জি কৰ হাস্পাতালৰ কনিষ্ঠ চিকিৎসকগৰাকীক হত্যা আৰু ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল সঞ্জয় ৰয়। চিবিআইৰ জেৰাত তেওঁ দোষ স্বীকাৰ কৰিছিল যদিও ছিলদাহ আদালতত নিজকে নিৰ্দোষী বুলি কৈছিল। সঞ্জয় ৰয়ে বাৰে বাৰে নিজৰ ভাষ্য সলনি কৰি আছে যাৰ বাবে চিবিআইৰ তদন্তত কিছু অসুবিধা হৈছে।

চিবিআইৰ সূত্ৰ অনুসৰি জানিব পৰা মতে , সঞ্জয় ৰয়ে চিবিআইক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আছে।  চিকিৎসালয়ত প্ৰৱেশৰ কাৰণ, চিকিৎসালয়ত প্ৰৱেশৰ সময়, চিকিৎসালয়ৰ চেমিনাৰ হলত ​​নিজেই প্ৰৱেশ কৰাৰ কাৰণ আৰু হত্যাকাণ্ডৰ সন্দৰ্ভত তেওঁ অহৰহ নিজৰ বক্তব্য সলনি কৰি থাকে। যাৰ বাবে চিবিআইয়ে পলিগ্ৰাফ টেষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পাছতে আদালতে সঞ্জয় ৰয়ৰ লগতে ৭ জনৰ পলিগ্ৰাফ টেষ্ট কৰাৰ অনুমতি দিছিল। ইয়াৰে ৪ জনৰ পলিগ্ৰাফ টেষ্ট  শনিবাৰে আৰু সঞ্জয়ৰ লগতে ৩ জনৰ টেষ্ট আজি পলিগ্ৰাফ টেষ্ট হয়। ইয়াৰ ভিতৰত দুগৰাকী শিক্ষাৰ্থীও আছে।

অৱশ্যে এই টেষ্টত কি  প্ৰশ্ন সোধা হয় আৰু অভিযুক্তই কি উত্তৰ দিয়ে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনকো জেৰা চলাই আছে। বিশেষকৈ মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষক জেৰা চলাই আছে চিবিআইয়ে। প্ৰাক্তন অধ্যক্ষগৰাকীৰো ইতিমধ্যে পলিগ্ৰাফ টেষ্ট সম্পূৰ্ণ হৈছে। প্ৰাক্তন অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে বহু অভিযোগ লাভ কৰিছে।

উল্লেখ্য যে, ৯ আগষ্টত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল আৰু এই ঘটনাৰ ন্যায় বিচাৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈছিল। এই ঘটনাৰ শুনানি উচ্চতম ন্যায়ালয়তো হৈ আছে আৰু ন্যায়ালয়ে কলকাতা আৰক্ষীৰ গাফলতিৰ কথা উল্লেখ কৰিছিল। এই ঘটনাৰ তদন্ত এতিয়া চিবিআইয়ে কৰি আছে যদিও এতিয়ালৈকে মাত্ৰ এজনলোককে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰয় বৰ্তমান ন্যায়িক জিম্মাত আছে। এই ভয়ংকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডত কেইবাজনোলোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে যদিও আৰক্ষীয়ে আন কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।  তদন্তৰ অন্ততহে পোহৰলৈ আহিব সকলো সত্য।

বমি বমি লাগিছে? এই তিনিটা ঘৰুৱা খাদ্যেই দিব তৎক্ষণাত সকাহ
পুৱা খালী পেটত চাহ খায় নেকি? সাৱধান! সন্মুখীন হ’ব পাৰে ভাবিব নোৱাৰা সমস্যাৰ
ডাকঘৰে দিছে লাখপতি হোৱাৰ সুযোগ ! এই আঁচনিত দৈনিক ৩৩৩ টকা বিনিয়োগ কৰি লাভ কৰক ১৭ লাখ
ডায়েবেটিছৰ সমস্যাত সকাহ দিয়ে পাকঘৰৰ ৫ বিধ সহজ মছলাই, জানিবলৈ চাওক এতিয়াই
দেৱাল লেখন অভিযানত মুখ্যমন্ত্ৰী
সমষ্টিত দমকল পুতিলে সাংসদ ৰকিবুল হুচেইনে...
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিনে ন্যায় নাপায়ঃ ৰকিবুল
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা