Republic Day 206: গণৰাজ্য দিৱসৰ পূৰ্বে দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰঃ কি কি ক’লে…
কাইলৈ সমগ্ৰ দেশে পালন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস। ইয়াৰ পূৰ্বে আজি দেশবাসীক সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে। এই সময়চোৱাত তেওঁ গণতান্ত্ৰিক যাত্ৰা, সাংবিধানিক আদৰ্শ আদিকে ধৰি বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতি
কাইলৈ সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস (Republic Day 2026)। ইয়াৰ পূৰ্বে দেওবাৰ (২৫ জানুৱাৰী) য়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে দেশবাসীক সম্বোধন কৰে। এই সময়চোৱাত তেওঁ দেশবাসীক শুভেচ্ছা জনাই বিগত এবছৰত দেশৰ সাফল্যৰ ওপৰত আলোকপাত কৰে। ভাষণৰ সময়চোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে গণতান্ত্ৰিক যাত্ৰা, সাংবিধানিক আদৰ্শ, অংশীদাৰিত্বৰ দায়িত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ নাগৰিকসকলক এখন সমৃদ্ধিশালী, স্বাৱলম্বী, আৰু প্ৰগতিশীল ভাৰতৰ বাবে ঐক্য, সৰ্বাংগীনতা, আৰু সংকল্প শক্তিশালী কৰিবলৈ আহ্বান জনায়।
‘দেশ দাসত্বৰ পৰা মুক্ত’
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা আমি আমাৰ গণৰাজ্যক সাংবিধানিক আদৰ্শৰ দিশে আগবঢ়াই লৈ আহিছো। এই দিনটোতে সংবিধান বলবৎ হৈছিল। গণতন্ত্ৰৰ জন্মস্থান ভাৰত দাসত্বৰ পৰা মুক্ত হ’ল, আমাৰ গণতান্ত্ৰিক গণৰাজ্যৰ সৃষ্টি হ’ল। আমাৰ সংবিধান বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গণৰাজ্যৰ মূল নথি।
ঐক্যৰ শক্তিক উজ্জ্বল কৰি তোলা
ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত দেশপ্ৰেমমূলক ঐক্যৰ শক্তিৰ ওপৰত আলোকপাত কৰে। তেওঁ এই সময়চোৱাত বন্দে মাতৰমৰ ইতিহাসৰ কথাও মনত পেলায়। জাতীয়তাবাদী কবি সুব্ৰমণিয়া ভাৰতীয়ে তেওঁৰ তামিল কবিতা “বন্দে মাতৰম য়েনবোম”ৰ জৰিয়তে কেনেকৈ বন্দে মাতৰামক জনপ্ৰিয় কৰি তুলিছিল সেই কথা কয় ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰোপৰি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰা ৰা বন্দে মাতৰমক ভাৰতৰ গীতিময় জাতীয় প্ৰাৰ্থনা বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত পৰক্ৰম দিৱাস হিচাপে উদযাপন কৰা সন্দৰ্ভতো মত প্ৰকাশ কৰে, এই সময়চোৱাত তেওঁ জয় হিন্দ কেনেকৈ আমাৰ এক আবেগ তাৰ ওপৰতো মত প্ৰকাশ কৰে।
#WATCH | President Droupadi Murmu addresses on the eve of Republic Day 2026.
She says, "… Beneficiaries are being directly connected to facilities through technology. 'Ease of Living' is being emphasised with the goal of improving everyday life.
Efforts have been made to… pic.twitter.com/2px9WBJ8f8— ANI (@ANI) January 25, 2026
প্ৰতিভাৰ কথা
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, আমাৰ প্ৰতিভাবান শিল্পী, লেখকসকলে আমাৰ চহকী পৰম্পৰাক আধুনিক প্ৰকাশ দিছে। আমাৰ শক্তিশালী উদ্যোগীসকলে জাতিটোৰ উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাত অৰিহণা যোগাইছে। কৃষকসকলে দেশবাসীৰ বাবে পুষ্টিকৰ খাদ্য উৎপাদন কৰে। মহিলাসকলে বহু ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰি আছে। আমাৰ নিষ্ঠাবান চিকিৎসক, নাৰ্ছ, আৰু সকলো স্বাস্থ্যকৰ্মীয়ে দেশবাসীৰ স্বাস্থ্যৰ যত্ন লয়। তেওঁ কয়, আৰক্ষী জোৱান আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) দেশৰ আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষাৰ বাবে সদায় সাজু। আমাৰ অভিযন্তাসকলে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ নাগৰিকসকলে দেশখনত শক্তিশালী কৰি তুলিছে।
“কন্যাই অভিলেখ গঢ়িলে”
তেওঁ কয় যে ৫৭ কোটি জন ধন একাউণ্টৰ ৫৬% মহিলাৰ হাতত আছে। ১০ কোটিৰো অধিক আত্মসহায়ক গোট আছে। আমাৰ কন্যাসকলে ক্ৰীড়াত অভিলেখ ৰচিছে। মহিলা ক্ৰিকেট দল আৰু অন্ধ দলটোৱে বিশ্বকাপ দখন কৰিছে। দেশৰ উন্নয়নৰ বাবে মহিলাৰ সক্ৰিয় আৰু সৱল অংশগ্ৰহণ অতি প্ৰয়োজনীয়। মহিলাৰ স্বাস্থ্য, নিৰাপত্তা, আৰু অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত মহিলাৰ অৰিহনা বৃদ্ধি পাইছে।
“ৰাষ্ট্ৰ-নিৰ্মাণত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা”
ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মাণত মহিলাৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, ভাৰতীয় মহিলাসকলে কু-সংস্কাৰ ভংগ কৰি কৃষি আৰু মহাকাশৰ পৰা আৰম্ভ কৰি ক্ৰীড়া আৰু সশস্ত্ৰ বাহিনীলৈকে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশ্ব ক্ৰীড়াৰ ক্ষেত্ৰতো মহিলাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। ১০ কোটিৰো অধিক মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু নাৰী শক্তি বন্দনা আইনত মহিলাৰ প্ৰায় ৪৬% প্ৰতিনিধিত্ব আছে, যিয়ে মহিলা উন্নয়নত আৰু অধিক শক্তিশালী কৰিব।
অন্য খবৰ পঢ়কঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা পদ্ম বঁটা, চাওক সম্পূৰ্ণ তালিকা…