নিজ হাতেৰে মচিলে শিৰৰ সেন্দূৰ, কোনখন কাৰাগাৰত ৰখা হ’ব সোনম ৰঘুবংশীক?

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সোনম ৰঘুবংশীৰ এতিয়া নতুন ঠিকনা হ'ব শ্বিলঙৰ জিলা কাৰাগাৰ। সোনমক জেলত ৰখাৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই কাৰাগাৰত মুঠ ৪৯৬ গৰাকী কয়দী আছে, ইয়াৰে মাত্ৰ ১৯ গৰাকী মহিলা।

নিজ হাতেৰে মচিলে শিৰৰ সেন্দূৰ, কোনখন কাৰাগাৰত ৰখা হব সোনম ৰঘুবংশীক?

সোনম ৰঘুবংশী

Published: 

14 Jun 2025 | 12:00 PM

জনপ্ৰিয় হিন্দী ধাৰাবাহিক চিআইডি নিশ্চয় আপুনিও চাইছে। কোনো এটা গোচৰত অপৰাধী ধৰা পৰাৰ পাচত এচিপি প্ৰদ্যুমন বা বাকী চিআইডি বিষয়াই কোৱা এটা সংলাপ আপুনিও হয়তো শুনিছে, “আব ছাৰি জিন্দগী জেইল মে বেথে ৰেহনা………..ক’ৰ্ট কা অৰ্ডাৰ আনে টক”। হয়, সোনম ৰঘুবংশীৰ সৈতেও যেন তেনেকুৱাই হৈছে। স্বামী ৰাজা ৰঘুবংশীৰ হত্যাৰ গোচৰত এতিয়া কাৰাবাস খাটিব লাগিব সোনমৰ লগতে তেওঁ প্ৰেমিক আৰু আন কেইগৰাকী অভিযুক্তই। কিন্তু কোনখন কাৰাগাৰত ৰখা হ’ব সোনম ৰঘুবংশীক জানো আহক।

বিয়াৰ এমাহ নৌহওঁতেই মধুচন্দ্ৰিকা পালিবলৈ আহি স্বামীক হত্যা কৰালে সোনম ৰঘুবংশীয়ে। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সোনম ৰঘুবংশীৰ এতিয়া নতুন ঠিকনা হ’ব শ্বিলঙৰ জিলা কাৰাগাৰ। সোনমক জেলত ৰখাৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই কাৰাগাৰত মুঠ ৪৯৬ গৰাকী কয়দী আছে, ইয়াৰে মাত্ৰ ১৯ গৰাকী মহিলা। এই কাৰাগাৰত ২০ সংখ্যক মহিলা কয়দী হ’ব সোনম। এই কাৰাগাৰত সোনম হ’ব দ্বিতীয়গৰাকী এনে মহিলা বন্দী, যাক হত্যাৰ গোচৰত ইয়াত ৰখা হ’ব। হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা এগৰাকী মহিলা ইতিমধ্যে এই কাৰাগাৰত আছে।

সম্প্ৰতি সোনম আৰক্ষীৰ জিম্মাত। ৰিমাণ্ডৰ পিছত শ্বিলং জিলা কাৰাগাৰত ৰখা হ’ব সোনমক। কেৱল এয়াই নহয়, ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হ’লে সোনমক আজীৱন শ্বিলং জিলা কাৰাগাৰত ৰখা হ’ব। কাৰাগাৰ ৱাৰ্ডেনৰ কাৰ্যালয়ৰ সমীপৰ জেলত ৰখা হ’ব সোনমক। তেওঁৰ লগত থাকিব ২ গৰাকী জ্যেষ্ঠ আণ্ডাৰট্ৰাইল মহিলা বন্দী, যিয়ে সোনৰ ওপৰত চকু ৰাখিব। ২৪ ঘণ্টাই চিচিটিভি কেমেৰাৰ জৰিয়তে সোনমক নিৰীক্ষণ কৰা হ’ব।

আন মহিলা কয়দীৰ দৰে কাম কৰিব লাগিব সোনমে

সোনমৰ সুৰক্ষাৰ কথা মনত ৰাখি জেলত সকলো প্ৰস্তুতি কৰা হৈছে, যাতে তেওঁ কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰে। কাৰাগাৰৰ নিয়ম অনুসৰি টিভি চোৱাৰ লগতে পৰিয়ালৰ লোকক লগ পোৱা আৰু কথা পতাৰ সুবিধা লাভ কৰিব সোনমে। সোনমক লগ কৰিবলৈ অহা সকলৰ নাম জেল প্ৰশাসনক দিব লাগিব। কাৰাগাৰৰ নিয়ম অনুসৰি সোনমে পাব পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰ। কাৰাগাৰত থকা আন মহিলা বন্দীসকলৰ লগত চিলাই আৰু দক্ষতা বিকাশৰ লগত জড়িত অন্যান্য কামো কৰিব লাগিব সোনমে।

হত্যাকাণ্ডৰ আন এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ

উল্লেখ্য যে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ আন এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ হৈছে। সোনমে চাৰিবাৰ আক্ৰমণ কৰিছিল ৰাজাক। প্ৰথম তিনিটা আক্ৰমণৰ পৰা ৰক্ষা পৰে ৰাজা। চতুৰ্থ প্ৰচেষ্টাত সোনম আৰু তেওঁৰ সংগীসকলে ৰাজাক হত্যা কৰাত সফল হয়। এই কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, সোনম আৰু তেওঁৰ সংগীয়ে ইয়াৰ পূৰ্বেও তিনি ঠাইত ৰাজাক হত্যা কৰাৰ চেষ্টা কৰিছিল যদিও কিবা কাৰণত তেওঁলোকে এই প্ৰচেষ্টাত সফল হ’ব পৰা নাছিল। আৰক্ষীয়ে জনোৱা মতে, চতুৰ্থ প্ৰচেষ্টাত নিহত হৈছে ৰাজা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...