উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক গলবস্ত্ৰক অসন্মান ৰাহুল গান্ধীৰ! খাৰ্গে ক’লে প্ৰকৃত কথা…

উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগ গলবস্ত্ৰ পৰিধান নকৰাৰ বাবে পুনৰ বিতৰ্কত সোমাই পৰিছে ৰাহুল গান্ধী। কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে বিজেপিয়ে উত্তৰ-পূবক অসন্মান কৰাৰ অভিযোগ তুলিছে।

উত্তৰ-পূবৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক গলবস্ত্ৰক অসন্মান ৰাহুল গান্ধীৰ! খাৰ্গে কলে প্ৰকৃত কথা...

বিতৰ্কত ৰাহুল গান্ধী

Published: 

27 Jan 2026 | 01:35 PM

পুনৰ বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিজেপিৰ নেতাসকলে কৰা অভিযোগ অনুসৰি, দেওবাৰে ৰাষ্ট্ৰপতিৰ বাসগৃহত আয়োজিত অভ্যৰ্থনা অনুষ্ঠানত গলবস্ত্ৰ ল’বলৈ তেওঁ অস্বীকাৰ কৰে। ৰাষ্ট্ৰপতিয়ে দুবাৰলৈ এই সন্দৰ্ভত বিবেচনা কৰিবলৈ কৈছিল যদিও ৰাহুলে (Rahul Gandhi) মানি লোৱা নাছিল। উল্লেখ কৰা প্ৰয়োজন যে এই বিশেষ পাটকা বা গলবস্ত্ৰখন উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। গতিকে ৰাহুলৰ এই কাণ্ড উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অসন্মানজনক বুলি মন্তব্য কৰে বিজেপিয়ে।

কিন্তু বিজেপিৰ এই অভিযোগ কংগ্ৰেছে অস্বীকাৰ কৰিছে। এতিয়া এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে। তেওঁ কয় যে, ৰাহুল গান্ধীয়ে পাটকা পৰিধান কৰিছিল। কিন্তু যেতিয়া খাদ্য গ্ৰহণ কৰি আছিল তেতিয়া সেইখন ভাঁজ কৰি থৈ দিয়ে। কিন্তু এইটোকে এতিয়া বিজেপিয়ে ইচ্ছ্যু বনাই লৈছে। খাৰ্গেৰ উপৰি কেইবাগৰাকী কংগ্ৰেছ নেতাই কৈছে যে ৰাহুলে গলবস্ত্ৰ পৰিধান কৰিছিল আৰু খাদ্য গ্ৰহণৰ সময়ত খুলি থৈছিল।

ইয়াৰোপৰি খাৰ্গে বিজেপিৰ বিৰুদ্ধে বিৰোধী নেতাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠানৰ তৃতীয় শাৰীত মাত্ৰ ২ জন বিৰোধী নেতাক বহিবলৈ দি তেওঁলোকে সংবিধানক অপমান কৰিছে। আমিও দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিবলৈ ৰাজ্যিক মন্ত্ৰীসকলৰ সৈতে শাৰী পাতি ৰৈছিলো। কিন্তু তেওঁলোকে ইচ্ছাকৃতভাৱে বিৰোধিক অপমান কৰিছে।

বিজেপিক গৰিহনা জনাই খাৰ্গে কয় যে, বিজেপিয়ে কেৱল কংগ্ৰেছক অপমান কৰিহলৈ এনে কৰিছে। আগন্তুক নিৰ্বাচনৰ কথা মনত ৰাখি এই কাম কৰিছে।  তেওঁ আৰু কয়, মই এগৰাকী জ্যেষ্ঠ নেতা। কিন্তু তেওঁলোকে মোক তৃতীয় শাৰীত আৰু ৰাজ্যিক মন্ত্ৰীৰ লগত কেনেকৈ বহিবলৈ দিব? আপোনালোকে মোক, কংগ্ৰেছক, সংবিধানক অপমান কৰিছে।

 

উল্লেখ্য যে, ৰাহুল গান্ধীৰ কাৰ্যক নিন্দা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এক বিশেষ পোষ্ট কৰিছিল। শৰ্মাই লিখিছিল- “সময় সলনি হ’ব পাৰে, কিন্তু কংগ্ৰেছ দলৰ তথাকথিত শীৰ্ষ নেতা শ্ৰীৰাহুল গান্ধী ডাঙৰীয়াৰ মানসিকতা দুৰ্ভাগ্যজনকভাৱে কেতিয়াও সলনি নহ’ল। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি গভীৰভাৱে অসংবেদনশীল আৰু অপমানজনক এক কাৰ্যত গান্ধী ডাঙৰীয়াই আজি সন্ধিয়া মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই আয়োজন কৰা অভ্যৰ্থনাত অঞ্চলটোৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগত পাটকা (গলবস্ত্ৰ) পৰিধান কৰিবলৈ অস্বীকাৰ কৰে৷

মাননীয় ৰাষ্ট্ৰপতি আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিদেশী অতিথিসকলৈকে সকলোৱে সন্মান আৰু গৌৰৱৰ সৈতে পাটকা পৰিধান কৰিছিল। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই অকলে পৰিধানৰ পৰা বিৰত থাকি উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক আকৌ এবাৰ অপমানিত কৰিলে। এনেধৰণৰ দৃষ্টিকটু কাৰ্যকলাপে বুজায় উত্তৰ-পূৰ্বাঞ্চলৰ লগতে প্ৰায় সমগ্ৰ দেশতে তেওঁলোকৰ মানুহৰ পৰা আস্থা হেৰোৱাৰ প্ৰকৃত কাৰণ৷ তথাপি এইধৰণৰ অসংবেদনশীল কাৰ্য কংগ্ৰেছে পুনৰাবৃত্তি কৰিয়ে থাকে৷

যি নহওক এই অপমানজনক আচৰণৰ বাবে ৰাহুল গান্ধী ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওচৰত নিশ্চিতকৈ ক্ষমা প্ৰাৰ্থনা কৰিবই লাগিব। উত্তৰ-পূবৰ জনসাধাৰণক সন্মান জনোৱাতো সকলোৰে দায়িত্বই নহয়, আমাৰ বাবে ই এক অধিকাৰ”।

 

অন্য খবৰ পঢ়কঃ অসাৰ আমেৰিকাৰ হেঁচা! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অব্যাহত ৰাখিব ভাৰতে…

এচিডিটিৰ পৰা উপশম পাব পাৰি, প্ৰতিদিনে ৰাতিপুৱা ক’লা কিচমিচ খালে আৰু কি কি লাভ হয়?
ৰাতিপুৱা খালী পেটত পানী খালে কি হয়? দূৰ হ'ব এই ৫ টা সমস্যা
এই ৪ ৰাশিৰ লোক কেতিয়াও নহয় দৰিদ্ৰ, সদায় লগত থাকে ধন!
বাৰে বাৰে গৰম কৰি খাব নালাগে এই খাদ্য!
৭৭ সংখ্যক গণৰাজ্য দিৱসত বায়ুসেনাৰ AIR SHOW
কৰ্তব্য পথত উজলিল অসমৰ টেৰাকোটা শিল্প
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান