শত্ৰুৰ সকলো চেষ্টা হ’ব ব্যৰ্থঃ ৰুছ শক্তি S-500ৰ দৰেই প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণ হ’ব দেশত
দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি আৰু অধিক শক্তিশালী কৰিবলৈ ডি আৰ ডি অ’ই ‘প্ৰজেক্ট কুশ’ৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰিছে। এই পৰ্যায়ৰ লক্ষ্য হৈছে ৰাছিয়াৰ অত্যাধুনিক S-500ৰ অনুৰূপ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণ। ৰাছিয়াৰ এই S-500 ব্যৱস্থাই হাইপাৰছ’নিক মিছাইলকো বাধা দিব পাৰে আৰু ৬০০ কিলোমিটাৰ পৰ্যন্ত লক্ষ্যত আঘাত কৰিবলৈ সক্ষম।

ভাৰতৰ প্ৰতিৰক্ষাত প্ৰজেক্ট কুশৰ অভেদ্য ঢাল
পাকিস্তানৰ সৈতে শেহতীয়া সংঘৰ্ষৰ সময়ত ভাৰতৰ নিৰাপত্তাৰ ঢালৰ ৰূপত অৱতীৰ্ণ হৈছিল ৰুছ নিৰ্মিত প্ৰতিৰক্ষা ব্যৱস্থা S-400। এই শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থাই সম্পূৰ্ণৰূপে ব্যৰ্থ কৰি তুলিছিল পাকিস্তানৰ আক্ৰমণৰ প্ৰচেষ্টা। এতিয়া ভাৰতে সামৰিক শক্তি বৃদ্ধিৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গানেৰে ভাৰতে নিজাকৈ নিৰ্মাণ কৰিছে নানা সামৰিক অস্ত্ৰ-শস্ত্ৰ। ৰুছ শক্তি S-400ৰ দৰে প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণৰ বাবে ভাৰতে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
এতিয়া এই S-400তকৈয়ো শক্তিধৰ ৰাছিয়াৰে S-500ৰ দৰে শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণৰ বাবে যো-জা চলাইছে ভাৰতে। দেশৰ প্ৰতিৰক্ষা প্ৰস্তুতি আৰু অধিক শক্তিশালী কৰিবলৈ ডি আৰ ডি অ’ই ‘প্ৰজেক্ট কুশ’ৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰিছে। এই পৰ্যায়ৰ লক্ষ্য হৈছে ৰাছিয়াৰ অত্যাধুনিক S-500ৰ অনুৰূপ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণ। ৰাছিয়াৰ এই S-500 ব্যৱস্থাই হাইপাৰছ’নিক মিছাইলকো বাধা দিব পাৰে আৰু ৬০০ কিলোমিটাৰ পৰ্যন্ত লক্ষ্যত আঘাত কৰিবলৈ সক্ষম।
সূত্ৰ অনুসৰি ভাৰতে এতিয়া এই দিশত আগবাঢ়িছে আৰু ৪০০ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ ইন্টাৰচেপ্টৰ মিছাইল আৰু নতুন প্ৰজন্মৰ ৰাডাৰ চিষ্টেমৰ কাম কৰি আছে। এই নতুন অস্ত্ৰত ১৫০০ কিলোমিটাৰ পৰ্যন্ত ট্ৰেকিং ক্ষমতা থকা এআই ভিত্তিক প্ৰযুক্তি আৰু দীৰ্ঘ দূৰত্বৰ ৰাডাৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলি খবৰ প্ৰকাশ পাইছে। স্বাভাৱিকতেই এয়া হ’ব ভাৰতৰ প্ৰতিৰক্ষাৰ দিশত আন এক শক্তিশালী সংযোজন।
উল্লেখ্য যে ভাৰতৰ সৈতে ক্ৰমাৎ শত্ৰুতা বৃদ্ধি পোৱা চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ হাতত ১২ হাজাৰ কিলোমিটাৰ পৰ্যন্ত দূৰত্বৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ আছে আৰু লগতে পাকিস্তানক মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্ৰ যোগান ধৰি আছে। এনে পৰিস্থিতিত ভাৰতক সম্ভাৱ্য যিকোনো ভাবুকিৰ পৰা নিজৰ গুৰুত্বপূৰ্ণ ঘাটি, কমাণ্ড চেণ্টাৰ আৰু বৃহৎ চহৰসমূহক ৰক্ষা কৰিবলৈ এক শক্তিশালী বায়ু প্ৰতিৰক্ষা ঢালৰ প্ৰয়োজন।
ইয়াৰ উপৰিও প্ৰজেক্ট কুশ S-400ৰ দৰে বিদেশী ব্যৱস্থাতকৈ কম খৰচী। S-400ৰ পাঁচটা ইউনিটৰ মূল্য প্ৰায় ৪৩,০০০ কোটি টকা। আনহাতে কুশৰ পাঁচটা স্ক’ৱাড্ৰনৰ খৰচ মাত্ৰ ২১,৭০০ কোটি টকা। প্ৰজেক্ট কুশ হৈছে ভাৰতৰ থলুৱা দীৰ্ঘ দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। এই প্ৰজেক্ট কুশক ERADS (Extended Range Air Defence System) বা PGLRSAM (Programme Long Range Surface-to-Air Missile) বুলিও কোৱা হয়।
এই প্ৰজেক্ট কুশৰ লক্ষ্য হৈছে ভাৰতৰ বৰ্তমানৰ MR-SAM (৮০ কিলোমিটাৰ) আৰু ৰাছিয়াৰ পৰা অনা S-400 (৪০০ কিলোমিটাৰ)ৰ মাজৰ ব্যৱধান দূৰ কৰা। এই ব্যৱস্থাত তিনি ধৰণৰ ইন্টাৰচেপ্টৰ মিছাইল অন্তৰ্ভুক্ত কৰা হ’ব-
M1 ১৫০ কিলোমিটাৰ ৰেঞ্জ
M2 ২৫০ কিলোমিটাৰ ৰেঞ্জ
M3 350km ৰেঞ্জ
সম্প্ৰতি এই M1 ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰ্যায়ত আছে আৰু শীঘ্ৰে পৰীক্ষণ আৰম্ভ হ’ব।
এই প্ৰকল্পৰ কিছু বিশেষ বৈশিষ্ট্য-
এই ব্যৱস্থাই ৫০০-৬০০ কিলোমিটাৰ দূৰত্বলৈকে শত্ৰুৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব পাৰিব।
ক্ৰুজ মিছাইল, ড্ৰ’ন, ষ্টেলথ ফাইটাৰ জেট, স্মাৰ্ট বোমাৰ দৰে ভাবুকিৰ সৈতে মোকাবিলা কৰিব পাৰিব।
M1 আৰু M2 ইন্টাৰচেপ্টৰত ডুৱেল পালছ মটৰ আৰু থ্ৰাষ্ট ভেক্টৰ কণ্ট্ৰ’ল থাকিব আৰু ইয়াৰ ফলত দ্ৰুতগতিত দিশ সলনি কৰিব পাৰিব।
ডি আৰ ডি অ’ই ২০২৮-২০২৯ চনৰ ভিতৰত ভাৰতীয় বায়ুসেনা আৰু নৌসেনাত ‘প্ৰজেক্ট কুশ’ক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
এই ব্যৱস্থাই ভাৰতৰ বৰ্তমানৰ আকাশ, বৰাক-৮ আৰু S-400 ব্যৱস্থাৰ সৈতে যৌথভাৱে বায়ু প্ৰতিৰক্ষা নেটৱৰ্ক গঠন কৰিব।