কলকাতা কাণ্ড সন্দৰ্ভত ভুৱা প্ৰচাৰৰ অভিযোগঃ নেতা, বুদ্ধিজীৱি, সাংবাদিকসহ বহুকেইগৰাকীলৈ জাননী প্ৰেৰণ
কলকাতা কাণ্ড সন্দৰ্ভত সামাজিক মাধ্যম যোগে ভুৱাপ্ৰচাৰৰ অভিযোগত ৰাজনৈতিক নেতা, সাংসদ, বুদ্ধিজীৱী, সাংবাদিকসহ বহু সাধাৰণ লোকলৈয়ো জাননী প্ৰেৰণ কৰিছে কলকাতা আৰক্ষীয়ে। তথ্য অনুসৰি সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰা এনে প্ৰায় ১০০০ নেটিজেনক কলকাতা আৰক্ষীয়ে এতিয়ালৈকে চিনাক্ত কৰিছে।

কলকাতা কাণ্ডই জোকাৰিছে দেশ
দেশ কঁপোৱা কলকাতাৰ ধৰ্ষণ তথা হত্যাকাণ্ডৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। এই জঘন্য কাণ্ডৰ সৈতে জড়িত দোষীৰ শাস্তি দিবলৈ সকলোৱে একেমুখে দাবী তুলিছে। কিন্তু নিহত চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবী জনোৱাৰ সময়তে এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যম যোগে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগত ৰাজনৈতিক নেতা, সাংসদ, বুদ্ধিজীৱী, সাংবাদিকসহ বহু সাধাৰণ লোকলৈয়ো জাননী প্ৰেৰণ কৰিছে কলকাতা আৰক্ষীয়ে। তথ্য অনুসৰি সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰা এনে প্ৰায় ১০০০ নেটিজেনক কলকাতা আৰক্ষীয়ে এতিয়ালৈকে চিনাক্ত কৰিছে।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি লালবজাৰে এই অভিযুক্ত লোকসকললৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে। আনকি শাসকীয় দলৰ সাংসদকো এনে ভুৱা খবৰ প্ৰচাৰৰ অভিযোগত কলকাতা আৰক্ষীয়ে ৰেহাই দিয়া নাই। তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰায়ক দেওবাৰে লালবজাৰলৈ সোধ-পোছৰ বাবে মাতি নিয়া হয় বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে যোৱা ৯ আগষ্টত আৰ জি কাৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে সামাজিক মাধ্যমত এই ঘটনা সন্দৰ্ভত বহু ‘অপ্ৰমাণিত তথ্য’ বিয়পি পৰে। শেহতীয়াকৈ মৃত চিকিৎসক যুৱতীগৰাকীৰ মৃতদেহত পোৱা বীৰ্যৰ পৰিমাণ সন্দৰ্ভতো সামাজিক মাধ্যমত কিছু ভুৱা খবৰ প্ৰকাশ পাইছিল।
একেদৰে একাংশ নেটিজেনে সামাজিক মাধ্যমত সন্দেহজনক অভিযুক্ত সন্দৰ্ভতো প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছিল। এই ঘটনাৰ লগত এগৰাকী কনিষ্ঠ চিকিৎসক তথা প্ৰাক্তন তৃণমূল মন্ত্ৰীৰ পুত্ৰ জড়িত বুলিও দাবী কৰা হৈছিল যদিও পিছত এই দাবী ভুল প্ৰমাণিত হয়। কলকাতা আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰ জি কাৰ ধৰ্ষণ গোচৰৰ ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু অসত্য তথ্য বা উৰাবাতৰি বিয়পি পৰিছে।
এনে উৰাবাতৰিসমূহ যথেষ্ট বিপদজনক হ’ব পাৰে বুলি উল্লেখ কৰি কলকাতা আৰক্ষীয়ে প্রয়োজনত আইনী ব্যৱস্থা ল’ব পাৰে বুলি উৰাবাতৰি বিয়পাই দিয়া লোকসকলক সকীয়াই দিছে৷ ইয়াৰ পিছতে প্ৰায় ৫০ জন লোকক লালবজাৰলৈ সোধ-পোছৰ বাবে মাতি অনা হয় আৰু সামাজিক মাধ্যমত শ্বেয়াৰ কৰা খবৰ সমূহৰ ক্ষেত্ৰত তেওঁলোকৰ হাতত কি প্ৰমাণ আছে সেই সম্পৰ্কে বুজ লোৱা হৈছে বুলি জানিব পৰা গৈছে।
ইফালে আৰক্ষীৰ এনে পদক্ষেপ সন্দৰ্ভত ৰাজ্যখনৰ বিৰোধী নেতা সুবেন্দু অধিকাৰীয়ে এক টুইট যোগে মত প্ৰকাশৰ স্বাধীনতা এখন সুস্থ গণতন্ত্ৰৰ মেৰুদণ্ড বুলি উল্লেখ কৰে আৰু যদি কোনোবাই কেৱল মতামত পোষ্ট কৰাৰ বাবেই ৰাজ্যিক প্ৰশাসনৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে বা সেই পোষ্ট যদি অশ্লীল নহয়, তেন্তে তেওঁ বিনামূলীয়াকৈ আইনী সহায় আগবঢ়াবলৈ সাজু বুলি মন্তব্য কৰিছে।