PoK Unrest: পাক অধিকৃত কাশ্মীৰত মানৱ অধিকাৰ উলংঘন! পাকিস্তানৰ বিৰুদ্ধে সৰৱ নতুন দিল্লী

PoK Unrest: পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা ঘটনাক ‘মানৱ অধিকাৰ উলংঘা’ বুলি তীব্ৰ সমালোচনা কৰিছে ভাৰতে।

PoK Unrest: পাক অধিকৃত কাশ্মীৰত মানৱ অধিকাৰ উলংঘন! পাকিস্তানৰ বিৰুদ্ধে সৰৱ নতুন দিল্লী

বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল

Published: 

04 Oct 2025 | 02:10 PM

পাক অধিকৃত কাশ্মীৰত ‘মৃত্যুৰ তাণ্ডৱ’ৰ বাবে পাকিস্তান চৰকাৰক জগৰীয়া কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। শুকুৰবাৰে বিয়লি এক সংবাদমেলত নিজৰ স্থিতি স্পষ্ট কৰে নতুন দিল্লীয়ে। পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা ঘটনাক ‘মানৱ অধিকাৰ উলংঘা’ বুলি তীব্ৰ সমালোচনা কৰিছে ভাৰতে।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “পাক অধিকৃত কাশ্মীৰত চলি থকা প্ৰতিবাদ আৰু শোভাযাত্ৰাৰ বিষয়ে আমি অৱগত। ইয়াৰ সমান্তৰালভাৱে পাকিস্তানী সেনাই তাত থকা সাধাৰণ জনতাৰ ওপৰত কেনেদৰে নৰকীয় অত্যাচাৰ কৰিছে সেই বিষয়েও আমি জানিব পাৰিছোঁ। এই সকলোবোৰ আচলতে পাকিস্তানৰ দমনমূলক মতাদৰ্শৰ প্ৰতিফলন। আৰু এই মানৱ অধিকাৰ উলংঘনৰ দায়িত্বও তেওঁলোকে ল’ব লাগিব।”

এনে নহয় যে পাকিস্তানৰ অধীনত থকা কাশ্মীৰত চলি থকা সংঘাতত বিশেষ মাইলেজ লাভ কৰিবলৈ সক্ষম হৈছে পাকিস্তান চৰকাৰ। প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা হৈছে। কিন্তু তাৰ পাছতো তেওঁলোকক নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। অৱশেষত শুকুৰবাৰে পাকিস্তান প্ৰশাসনে বন্দুক থৈ আলোচনাৰ পথ বাছি ল’লে।

ইতিমধ্যে এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া জম্মু-কাশ্মীৰৰ যুটীয়া আৱামী একচন কমিটীৰ সৈতে বৈঠকত মিলিত হৈছে ৮ জনীয়া পাকিস্তানী প্ৰশাসনিক প্ৰতিনিধি সমিতি। আলোচনাৰ জৰিয়তে সমাধান বিচাৰিছে তেওঁলোকে।

মন কৰিবলগীয়া যে সোমবাৰৰ পৰা পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদৰ ঢৌ তীব্ৰ হয়। প্ৰতিবাদ, শোভাযাত্ৰা আৰু অৱশেষত আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত সংঘৰ্ষ। যাৰ বাবে এতিয়ালৈকে ১৫ জনতকৈ অধিক প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাইছে। আহত হৈছে ২০০ৰো অধিক লোক।

মুঠ ৩৮টা দাবীৰে ৰাজপথলৈ ওলাই আহিছে জম্মু-কাশ্মীৰ যুটীয়া আৱামী একচন কমিটী। পাক অধিকৃত কাশ্মীৰৰ বিধানসভাৰ ১২খন আসনৰ সংৰক্ষণ বাতিল কৰা, বিদ্যুৎ আৰু খাদ্যৰ ওপৰত ৰাজসাহায্য প্ৰদানকে ধৰি একাধিক দাবীত তেওঁলোক সৰৱ হৈ পৰিছে। শিক্ষা আৰু স্বাস্থ্য মুক্ত কৰাৰ দাবীতো সৰৱ হৈ পৰিছে একচন কমিটী। এই প্ৰতিবাদে বাৰুকৈয়ে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে পাকিস্তানৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...