প্ৰথম চাকৰি পোৱা সকলক ১৫ হাজাৰ টকা উপহাৰ দিব চৰকাৰে, প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা কি ? জানক

প্ৰধানমন্ত্ৰী মোদীয়ে যুৱক-যুৱতীসকলৰ নিয়োগ বৃদ্ধিৰ বাবে ১ লাখ কোটি টকাৰ আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত যিয়ে প্ৰথমবাৰৰ বাবে চাকৰি পাব, তেওঁ পাব ১৫ হাজাৰ টকা। কেন্দ্ৰীয় চৰকাৰে দিব এই ধন।

প্ৰথম চাকৰি পোৱা সকলক ১৫ হাজাৰ টকা উপহাৰ দিব চৰকাৰে, প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা কি ? জানক

প্ৰধানমন্ত্ৰী মোদী

Updated On: 

16 Aug 2025 | 02:02 PM

যুৱ-প্ৰজন্মৰ বাবে ডাঙৰ উপহাৰ কেন্দ্ৰৰ। ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত লালকিল্লাৰ পৰা এই উপহাৰৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপহাৰ হৈছে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা। আচলতে এই আঁচনিৰ জৰিয়তে কি লাভ হ’ব?

প্ৰধানমন্ত্ৰী মোদীয়ে যুৱক-যুৱতীসকলৰ নিয়োগ বৃদ্ধিৰ বাবে ১ লাখ কোটি টকাৰ এই আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত যিয়ে প্ৰথমবাৰৰ বাবে চাকৰি পাব, তেওঁ পাব ১৫ হাজাৰ টকা। কেন্দ্ৰীয় চৰকাৰে দিব এই ধন।

প্ৰধানমন্ত্ৰী মোদীয়ে এই আঁচনিখনৰ সন্দৰ্ভত কয়, “দক্ষতা বিকাশ, স্বনিয়োজন, ইন্টাৰশ্বিপৰ অভিযান চলি আছে। আজি দেশৰ যুৱক-যুৱতীসকলৰ বাবে আছে এটা ভাল খবৰ। আজিৰে পৰা ১ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা আৰম্ভ হৈছে। এই আঁচনিৰ অধীনত চৰকাৰে প্ৰথম চাকৰি পোৱাৰ সকলক ১৫ হাজাৰ টকা দিয়াৰ সিদ্ধান্ত লৈছে।”

প্ৰসংগক্ৰমে, যোৱা মাহত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে জনাইছিল যে, কেন্দ্ৰীয় কেবিনেটে এমপ্লইমেণ্ট লিংকড ইনচেন্টিভ স্কিমত অনুমোদন জনাইছে।

আশা কৰা হৈছে যে, প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দুবছৰত ৩.৫ কোটিৰো অধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰিব। ইয়াৰে ১.৯২ কোটি হিতাধিকাৰী হ’ব প্ৰথমবাৰৰ বাবে চাকৰি পোৱা যুৱক-যুৱতী। এই আঁচনিখন দুটা ভাগত বিভক্ত।

যিসকলে প্ৰথম চাকৰি লাভ কৰিছে,তেওঁলোকে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন (EPFO)ত পঞ্জীয়ন কৰাৰ পিছত এমাহৰ ইপিএফ দৰমহা পাব, যিটো সৰ্বাধিক ১৫ হাজাৰ টকা হ’ব। এই ধন দুটা কিস্তিত উপলব্ধ হ’ব। এক লাখ টকা পৰ্যন্ত দৰমহা থকাসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব।

চাকৰিৰ ৬ মাহৰ পিছত প্ৰথম কিস্তি লাভ কৰিব। ১২ মাহৰ পিছত দ্বিতীয় কিস্তি লাভ কৰিব। এই ভাট্টাৰ এটা অংশ এটা নিৰ্দিষ্ট সময়ৰ বাবে চেভিংছ একাউণ্টত ফিক্সড কৰা হ’ব। এই ধন পিছত উলিয়াব পাৰিব।

দ্বিতীয় খণ্ডত কোম্পানীটোৰ পৰিচালকে কৰ্মচাৰী নিযুক্তিৰ বাবে বিশেষ ভাট্টা লাভ কৰিব। যদি ১ লাখ টকা পৰ্যন্ত দৰমহা পোৱা কৰ্মচাৰীক নিযুক্তি দিয়া হয় তেন্তে কোম্পানীটোৰ নিযুক্তি প্ৰদানকাৰীক ২ বছৰৰ বাবে মাহিলী ৩০ হাজাৰ টকাৰ ভাট্টা দিব চৰকাৰে। কোনো কৰ্মচাৰীয়ে ৬ মাহ কাম কৰিলেহে এই সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও আপুনি উৎপাদন খণ্ডত তৃতীয় আৰু চতুৰ্থ বছৰতো এই ভাট্টা লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...