মহম্মদ ইউনুছ-প্ৰধানমন্ত্ৰী মোদী বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছেনে ? বাংলাদেশৰ অনুৰোধত কি ক’লে জয়শংকৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশৰ বৰ্তমানৰ মুৰব্বী মহম্মদ ইউনুছৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে নে ? শেহতীয়াকৈ এই সন্দৰ্ভত বিবেচনা কৰা কথা উল্লেখ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।

এছ জয়শংকৰ
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে । ইয়াৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশৰ বৰ্তমানৰ মুৰব্বী মহম্মদ ইউনুছৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে নে ? শেহতীয়াকৈ এই সন্দৰ্ভত বিবেচনা কৰা কথা উল্লেখ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।
শনিবাৰে এখন সংসদীয় সমিতিৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, আগন্তুক বিমষ্টেক(BIMSTEC)
সন্মিলনত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বৈঠকৰ বাবে চুবুৰীয়া দেশখনে কৰা অনুৰোধৰ বিষয়ে বিবেচনা কৰা হৈছে। সূত্ৰই জনোৱা মতে, বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় পৰামৰ্শদাতা সমিতিৰ চলিত বৰ্ষৰ প্ৰথমখন বৈঠকত বহু সাংসদে বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰে । লগতে ভাৰতে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন কৰে।
সূত্ৰ অনুসৰি, জয়শংকৰে সদস্যসকলৰ আগত কয় যে, বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হিন্দুসকলৰ ওপৰত সংঘটিত আক্ৰমণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু সংখ্যালঘু লোকক লক্ষ্য কৰি লোৱা হোৱা নাছিল বুলি দাবী কৰিছে। জয়শংকৰে সমিতিৰ সদস্যসকলক বাংলাদেশ, মালদ্বীপ, ম্যানমাৰ আৰু শ্ৰীলংকাৰ সৈতে সম্পৰ্কৰ বিষয়ে অৱগত কৰে। পাছত পাকিস্তান আৰু চীনৰ বিষয়ে পৃথকে পৃথকে কথা পাতিব বুলিও কয় বৈদেশিক মন্ত্ৰীগৰাকীয়ে ।
অনুমান কৰা হৈছে যে, জয়শংকৰে বৈঠকত এই কথাও কয় যে, পাকিস্তানৰ বৰ্তমানৰ মনোভাৱৰ বাবে SARC (South Asia Cooperation Association) নিষ্ক্ৰিয় হৈ পৰিছে আৰু সেয়েহে ভাৰতে BIMSTEC (Bay of Bengal Initiative for Multi-Sectoral Technical and Economic Cooperation) শক্তিশালী কৰাৰ চেষ্টা কৰিছে।
ইয়াৰ পূৰ্বে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহীদ হুছেইনে কয় যে, বাংলাদেশে কূটনৈতিকভাৱে ভাৰতৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ আয়োজন কৰিছে। এই বৈঠক বিমষ্টেক সন্মিলনৰ সময়ত দুয়োখন দেশৰ শীৰ্ষ নেতাৰ মাজত হ’ব পাৰে। ইফালে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ২৮ মাৰ্চত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰাৰ কথা।