লালকিল্লাৰ পৰা ট্ৰাম্পক প্ৰত্যুত্তৰ মোদীৰ! ক’লে- স্বাৰ্থপৰায়ণতাই আমাক জালত পেলাব নোৱাৰে…

আজি স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দ্বাদশবাৰলৈ দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ এই সময়চোৱাত আওপকীয়াকৈ আমেৰিকাক উদ্দেশ্য কৰি ভাৰতৰ স্থিতি প্ৰকাশ কৰে।

লালকিল্লাৰ পৰা ট্ৰাম্পক প্ৰত্যুত্তৰ মোদীৰ! কলে- স্বাৰ্থপৰায়ণতাই আমাক জালত পেলাব নোৱাৰে...

প্ৰধানমন্ত্ৰী মোদী আৰু ড'নাল্ড ট্ৰাম্প

Updated On: 

15 Aug 2025 | 11:19 AM

প্ৰত্যক্ষভাৱে নহ’লেও, পৰোক্ষকৈ লালকিল্লাৰ পৰা শুল্ক সন্দৰ্ভত ভাৰতৰ স্থিতি প্ৰকাশ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিগত সময়চোৱাত ভাৰতৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰিছে লগতে শুল্কৰ ভাবুকিও দি আহিছে। ট্ৰাম্পৰ ভাবুকি আৰু বাণিজ্য চুক্তিৰ ওপৰত ক্ৰমবৰ্ধমান হেঁচাৰ মাজতে ৭৯ সংখ্যক স্বাধীনতা দিৱসত দেশৰ স্থিতি প্ৰকাশ কৰিলে মোদীয়ে।

লালকিল্লাৰ পৰা দিয়া ভাষণত মোদীয়ে স্পষ্টকৈ কয় যে, “মই কেতিয়াও দেশৰ পশুপালক আৰু মাছমৰীয়াৰ লগত জড়িত ক্ষতিকাৰত নীতিৰ লগত আপোচ নকৰো। এনে নীতিৰ আগত মই সদায় দেৱাল হৈ থিয় দি থাকিম।  ইয়াৰ ক্ষেত্ৰত কোনো বুজাবুজি নহয়”।

মোদীৰ এই মন্তব্য গুৰুত্বপূৰ্ণ। কিয়নো আমেৰিকা আৰু ভাৰতৰ মাজত প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তিত ৱাশ্বিংটনে ভাৰতৰ পৰা কৃষি আৰু দুগ্ধ খণ্ডত শুল্ক ৰেহাইৰ দাবী জনাইছে। আমেৰিকাই সৰিয়হ, আলমণ্ড, ইথানল আৰু আপেলৰ দৰে সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবী জনাইছে। লগতে দুগ্ধজাত সামগ্ৰীৰ সুবিধা বৃদ্ধি কৰাৰ কথা কৈছে। কিন্তু চৰকাৰে দাবী কৰিছে যে ইয়াৰ প্ৰভাৱ দেশৰ কৃষকসকলৰ ওপৰত পৰিব।

ট্ৰাম্পৰ হেঁচাৰ পাছতো ভাৰতে দুগ্ধ আৰু কৃষি খণ্ডক বিদেশী হস্তক্ষেপৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে দেশৰ বিভিন্ন কৃষকৰ সৈতে আলোচনাত মিলিত হৈছিল। যত কৃষক নেতা আৰু কৃষক সংগঠনৰ বহু প্ৰতিনিধিয়ে মোদী চৰকাৰৰ সিদ্ধান্তক প্ৰশংসা কৰিছিল। কৃষকে মোদীৰ দেশ-প্ৰথম আৰু কৃষক-বন্ধুত্বপূৰ্ণ নীতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছিল।

 

ট্ৰাম্পক পৰোক্ষ উত্তৰ

ইয়াৰোপৰি ট্ৰাম্পক পৰোক্ষাভাৱে উত্তৰ দি মোদীয়ে কয় যে, “আমি কাৰোবাৰ ৰেখা চুটি কৰাত আমাৰ শক্তি নষ্ট কৰিব নালাগে। মই মোৰ অভিজ্ঞতাৰ পৰা কও, আনৰ শাৰী চুটি কৰাৰ চেষ্টা কৰি সময় অপচয় কৰিব নালাগে। যদি আমি আমাৰ ৰেখাডাল দীঘল কৰি দিওঁ, তেতিয়া পৃথিৱীয়েও আমাৰ শক্তিক গ্ৰহণ কৰিব। বিশ্বৰ পৰিস্থিতিত অৰ্থনৈতিক স্বাৰ্থপৰতা দিনক দিনে বাঢ়ি গৈ আছে। সেই সময়ত আমি কান্দি বহি থাকিলে নহ’ব। তেতিয়া সাহসেৰে ৰেখাডাল দীঘল কৰা উচিত।মই মোৰ ২৫ বছৰীয়া শাসনৰ অভিজ্ঞতাৰ পৰা কওঁ যে যদি আমি এই পথটো বাছি লওঁ, তেন্তে কোনো স্বাৰ্থপৰায়ণতাই আমাক জালত পেলাব নোৱাৰে”।

মোদীয়ে ভাষণত আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ কথা কয়। তেওঁ কয় যে, আত্মনিৰ্ভৰশীলতা কেৱল আমদানি আৰু ৰপ্তানি, টকা, পইচা, পাউণ্ড ডলাৰ নহয়। ইয়াৰ কোনো সীমিত অৰ্থ নাই। আমাৰ শক্তিৰ লগত আত্মনিৰ্ভৰশীলতা জড়িত। আমি শক্তিশালী হৈ থাকিবলৈ আত্মনিৰ্ভৰশীল হ’বই লাগিব।

 

অন্য খবৰ পঢ়কঃ Pm Modi speech: মাত্ৰ ১ মিনিটত পঢ়ক লালকিল্লাৰ পৰা মোদীয়ে দেশবাসীক উদ্দেশ্য কৰি দিয়া ভাষণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...