সন্ত্ৰাসবাদৰ বিৰুদ্ধে পুনৰ বিশ্বৰ নেতাৰ আগত ভাৰতৰ স্থিতি স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ৰ নেতাসকলক সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ লগতে সন্ত্ৰাসবাদক “প্ৰচাৰ আৰু সমৰ্থন” কৰাসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে পুনৰ বিশ্বৰ নেতাৰ আগত ভাৰতৰ স্থিতি স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী মোদী

Published: 

18 Jun 2025 09:32 AM

পুনৰ বিশ্বৰ নেতাৰ আগত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ৰ নেতাসকলক সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ লগতে সন্ত্ৰাসবাদক “প্ৰচাৰ আৰু সমৰ্থন” কৰাসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

মঙলবাৰে কানাডাত অনুষ্ঠিত জি-৭ সন্মিলনত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল চাউথৰ উদ্বেগ আৰু অগ্ৰাধিকাৰৰ প্ৰতিও মনোযোগ দিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে, ভাৰতে গ্ল’বেল চাউথৰ কণ্ঠক বিশ্ব মঞ্চলৈ অনাটো নিজৰ দায়িত্ব হিচাপে লৈছিল । এক্স পোষ্টত এই কথা প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে।

তেখেতে কয় যে, প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি পুনৰবাৰ উল্লেখ কৰে আৰু ভয়ংকৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ বাবে নেতাসকলক ধন্যবাদ জনায়। জয়ছৱালে কয় যে, তেওঁ ভাষণত শক্তি সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে আৰু এই লক্ষ্যৰ দিশত ভাৰতৰ আইএছএ, চিডিআৰআই আৰু গ্ল’বেল বায়’ফুৱেলছ এলায়েন্সৰ দৰে বিশ্বব্যাপী পদক্ষেপসমূহৰ বিষয়ে বিশদভাৱে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে, প্ৰযুক্তিৰ ব্যৱহাৰক গণতান্ত্ৰিক কৰাৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতা আৰু ইয়াক নিয়োগ কৰাৰ ক্ষেত্ৰত মানৱকেন্দ্ৰিক পদ্ধতিৰ ওপৰতো আলোকপাত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে. তেওঁ এআইক লৈ সৃষ্টি হোৱা উদ্বেগৰ সৈতে মোকাবিলা কৰিবলৈ আৰু এই ক্ষেত্ৰত উদ্ভাৱনক প্ৰসাৰিত কৰিবলৈ সমস্যাসমূহ সমাধানৰ আহ্বান জনায়।

শাৰীৰিক সম্পৰ্কত সমস্যাই দেখা দিছে নেকি? জানক ইয়াৰ কাৰণ...
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
ছালৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণ দেখা যায়? সবিশেষ জানক
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হ'ব? সবিশেষ জানক