কংগনা ৰাণাৱটে লাভ কৰিলে নতুন দায়িত্বঃ ভুৱনেশ্বৰ কলিতাৰো বাঢ়িল গুৰুত্ব..

অসমৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই এক বিশেষ দায়িত্ব লাভ কৰিছে। বিজ্ঞান প্ৰযুক্তি, বন আৰু পৰিৱেশ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে ভুৱনেশ্বৰ কলিতাই। বলীউডৰ অভিনেত্ৰী তথা এইবাৰ প্ৰথমবাৰৰ বাবে লোকসভালৈ মনোনীত হোৱা কংগনা ৰাণাৱটেও স্থান লাভ কৰিছে সংসদীয় সমিতিত।

কংগনা ৰাণাৱটে লাভ কৰিলে নতুন দায়িত্বঃ ভুৱনেশ্বৰ কলিতাৰো বাঢ়িল গুৰুত্ব..

সংসদীয় সমিতিত স্থান লাভ কংগনা ৰাণাৱট, ভুৱনেশ্বৰ কলিতাৰ

Published: 

27 Sep 2024 18:40 PM

বৃহস্পতিবাৰে গঠন কৰা হয় ২৪খন গুৰুত্বপূৰ্ণ সংসদীয় সমিতি। ৰাজ্যসভা সচিবালয়ে এক বিবৃতি জাৰি কৰি এই সমিতিসমূহৰ অধিসূচনা ঘোষণা কৰে। এই সংসদীয় সমিতিত অসমৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই এক বিশেষ দায়িত্ব লাভ কৰিছে। বিজ্ঞান প্ৰযুক্তি, বন আৰু পৰিৱেশ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে ভুৱনেশ্বৰ কলিতাই। লোকসভাৰ সাংসদ তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই সমিতিৰ সদস্য হিচাপে দায়িত্ব লাভ কৰিছে।

ইফালে বলীউডৰ অভিনেত্ৰী তথা এইবাৰ প্ৰথমবাৰৰ বাবে লোকসভালৈ মনোনীত হোৱা কংগনা ৰাণাৱটেও স্থান লাভ কৰিছে সংসদীয় সমিতিত। কংগনা ৰাণাৱটক যোগাযোগ আৰু তথ্য-প্ৰযুক্তি সমিতিৰ সদস্য হিচাপে নিয়োগ কৰা হৈছে। বিজেপিৰে সাংসদ নিশিকান্ত ডুবেক এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক প্ৰতিৰক্ষা পৰিক্ৰমা সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়। বিজেপিৰ সাংসদ ৰাধা মোহন সিঙক প্ৰতিৰক্ষা পৰিক্ৰমা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। মুঠ ২৪খন স্থায়ী সমিতিৰ ভিতৰত বিজেপিয়ে ১১খন সমিতিৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ বিপৰীতে বিজেপিৰ মিত্ৰ দলসমূহে চাৰিখন সমিতিৰ নেতৃত্ব লাভ কৰিছে।

আনহাতে কংগ্ৰেছে লাভ কৰিছে চাৰিখন সমিতিৰ অধ্যক্ষ পদ। ডি এম কে আৰু তৃণমূলৰ পৰা দুজনকৈ নেতা আৰু সমাজবাদী পাৰ্টিৰ এজন নেতাই স্থায়ী সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিব। ৰাজ্যসভা সচিবালয়ৰ জাননী অনুসৰি সংসদীয় স্বাস্থ্য পৰিক্ৰমা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে সমাজবাদী পাৰ্টিৰ নেতা ৰাম গোপাল যাদৱক।

বিজেপিৰ ৰাধা মোহন দাস আগৰৱালাক গৃহ পৰিক্ৰমা সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। দলটোৰ সাংসদ ভৰ্তৃহাৰী মেহতাবক বিত্ত বিভাগৰ সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছ নেতা দিগ্বিজয় সিঙক মহিলা, শিক্ষা, যুৱক-যুৱতী আৰু ক্ৰীড়া বিষয়ক সংসদীয় সমিতিৰ দায়িত্ব দিয়া হৈছে।

সংসদীয় বৈদেশিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে কংগ্ৰেছ নেতা শশী থাৰুৰক। বিজেপি সাংসদ অৰুণ গোভিলক এই সমিতিৰ সদস্য হিচাপে স্থান দিয়া হৈছে। বিজেপি নেতা চি এম ৰমেশক ৰে’ল পৰিক্ৰমা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। অনুৰাগ ঠাকুৰক কয়লা, খনি আৰু তীখা সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

একে সময়তে সঞ্জয় ঝাক পৰিবহণ, পৰ্যটন আৰু সাংস্কৃতিক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। চৰণজিৎ চান্নীক কৃষি সমিতিৰ অধ্যক্ষ আৰু দোলা সেনক বাণিজ্য সমিতিৰ অধ্যক্ষ ৰূপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে সংসদীয় কাম-কাজ আৰু বিভিন্ন বিষয়ৰ সঠিক আলোচনাৰ বাবে এই সংসদীয় সমিতি গঠন কৰা হয়।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension