প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীক অপসাৰণৰ বিধেয়ক উত্থাপন লোকসভাত, প্ৰতিলিপি ফালি গৃহমন্ত্ৰীলৈ দলিয়ালে বিৰোধী সাংসদে

গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত দাখিল কৰিছে প্ৰধানমন্ত্ৰী-মন্ত্ৰী আৰু মন্ত্ৰীসকলক অপসাৰণৰ বাবে এখন বিধেয়ক। গৃহমন্ত্ৰীয়ে বিধেয়কখন দাখিল কৰাৰ পিছতে বিৰোধীয়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী সাংসদে বিধেয়কখনৰ প্ৰতিলিপি ফালি গৃহমন্ত্ৰীৰ ফালে দলিয়াই দিয়ে। এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে কয় যে, ইয়াৰ দ্বাৰা কাৰ্যবাহী সংস্থাসমূহক মুক্ত হাত দিয়া হ’ব। একে সময়তে বিধেয়কখন নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীক অপসাৰণৰ বিধেয়ক উত্থাপন লোকসভাত, প্ৰতিলিপি ফালি গৃহমন্ত্ৰীলৈ দলিয়ালে বিৰোধী সাংসদে

সংসদত বিধেয়ক উত্থাপন অমিত শ্বাহৰ

Published: 

20 Aug 2025 17:12 PM

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লোকসভাত প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্রীসকলক অপসাৰণৰ বাবে বিধেয়ক উত্থাপন কৰিছে ৷ এই বিধেয়কৰ অধীনত যদি কোনো গুৰুতৰ অপৰাধমূলক গোচৰত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা যিকোনো মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয়, তেন্তে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰিব পৰা যাব।

সংবিধান (১৩০ সংশোধনী) বিধেয়ক, ২০২৫; কেন্দ্ৰীয় শাসিত চৰকাৰ (সংশোধনী) বিধেয়ক, ২০২৫; জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৫ উত্থাপন কৰিছে অমিত শ্বাহে। বিধেয়কৰ সন্দৰ্ভত অমিত শ্বাহে কয় যে বিধেয়কখন নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰা হ’ব। পিছত বিধেয়কখন জেপিচিলৈ প্ৰেৰণ কৰা হয়।

এই বিধেয়কখনৰ বিৰোধিতা কৰে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি আৰু কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়ে। মনীষ তিৱাৰীয়ে কয়, এয়া স্পৰ্শকাতৰ বিধেয়ক। বিধেয়কখনৰ ওপৰত আলোচনাৰ প্ৰয়োজন। তেওঁ আৰু কয়, “এই বিধেয়কখনে ৰাজনৈতিক অপব্যৱহাৰৰ সূচনা কৰিব। মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো।”

এন কে প্ৰেমচন্দ্ৰনে কয়, এই বিধেয়কখন আনিবলৈ ইমান খৰখেদা কিয়। একে সময়তে সমাজবাদী পাৰ্টীৰ নেতা ধৰ্মেন্দ্ৰ যাদৱে কয়, “আমি তিনিওখন বিধেয়কৰ বিৰোধিতা কৰোঁ, এই তিনিওখন সংবিধান বিৰোধী, ন্যায় বিৰোধী বিধেয়ক।”

ওৱেইছিয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰে

এই বিধেয়কখনৰ বিৰোধিতা কৰে AIMIMৰ মুৰব্বী ওৱেইছিয়ে। তেওঁ কয়, “এই বিধেয়কখনে সংবিধানৰ ক্ষমতা পৃথকীকৰণৰ নীতি উলংঘা কৰি জনসাধাৰণৰ নিৰ্বাচিত চৰকাৰ গঠনৰ অধিকাৰ দুৰ্বল কৰি তুলিছে। ইয়াৰ ফলত কাৰ্যবাহী সংস্থাসমূহে সৰু সৰু অভিযোগ আৰু সন্দেহৰ ভিত্তিত ন্যায়াধীশ আৰু জল্লাদ দুয়োটা হ’বলৈ মুক্ত অনুমতি লাভ কৰে। এই চৰকাৰে যিকোনো মূল্যৰ বিনিময়ত দেশখনক আৰক্ষী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। লগতে তেওঁ কয়, “এই পদক্ষেপে নিৰ্বাচিত চৰকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰু গণতন্ত্ৰৰ শিপা দুৰ্বল কৰিবলৈ গৈ আছে। ভাৰতৰ সংবিধান এনেদৰে সলনি কৰা হৈছে যাতে দেশখনক আৰক্ষীৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰিব পৰা যায়।”

প্ৰতিলিপি ফালি প্ৰতিবাদ জনালে বিৰোধী সাংসদে

সংবিধানৰ ১৩০ সংখ্যক সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সময়ত বিৰোধী সাংসদসকলে বিধেয়কখনৰ প্ৰতিলিপি ফালি গৃহমন্ত্ৰীৰ ফালে দলিয়াই দিয়ে। বিৰোধী দলৰ সাংসদসকলে শাসকীয় দলৰ ট্ৰেজাৰী বেঞ্চ ঘেৰাও কৰি গৃহমন্ত্ৰীৰ মাইক ঘূৰাবলৈ চেষ্টা কৰে।

তাৰ মাজতে সদনৰ ভিতৰৰ পৰিস্থিতি উত্তেজিত হৈ পৰিল। শাসকীয় দলৰ বহু সাংসদেও গৃহমন্ত্ৰীৰ পক্ষত আহি বিৰোধী সাংসদক বাধা দিবলৈ চেষ্টা কৰিছিল। শাসকীয় দলৰ ৰৱনীত বিট্টু, কমলেশ পাছোৱান, কিৰেণ ৰিজিজু, সতীশ গৌতমে গৃহমন্ত্ৰীৰ ওচৰত শ্লোগান দি থকা আগ্ৰাসী বিৰোধী সাংসদক বাধা দিবলৈ চেষ্টা কৰে।

তীব্ৰ শ্লোগান বিৰোধীৰ

সংসদত টিএমচিৰ সাংসদসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে। বিধেয়কখন উত্থাপন হোৱাৰ পৰাই টিএমচিৰ সাংসদসকলে সংসদত ধাৰাবাহিকভাৱে শ্ল’গান দিবলৈ আৰম্ভ কৰে। পিছত কংগ্ৰেছৰ সাংসদ তথা সাধাৰণ সম্পাদক কে চি বেনুগোপালে নিজৰ আসনৰ পৰা বিধেয়কখনৰ প্ৰতিলিপি ফালি পেলাই দিলে। ইয়াৰ পিছত কংগ্ৰেছৰ সকলো সাংসদ নামি আহিল।

বেনুগোপালৰ পিছত ধৰ্মেন্দ্ৰ যাদৱেও বিধেয়কখনৰ প্ৰতিলিপি নিজৰ আসনৰ পৰা ফালি পেলাই আৰু সমাজবাদী পাৰ্টীৰ সকলো সাংসদ ৱেললৈ নামি আহে। পিছত যেতিয়া গৃহমন্ত্ৰীয়ে বিধেয়কখন উত্থাপন কৰিছিল তেতিয়া বিৰোধী দলৰ সকলো সাংসদ লোকসভাৰ ৱেললৈ নামি আহি এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰে। এবাৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটা দেখা যায়। যাৰ পৰিপ্ৰেক্ষিতত সদনৰ কাম-কাজ স্থগিত ৰাখিব লগা হয়। সেই সময়ত সদনত স্বয়ং গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ পক্ষৰ সাংসদসকলক শান্ত কৰা দেখা গৈছিল।

এই বিধেয়ক কি? বিৰোধী ইমান নাৰাজ কিয়?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে তিনিখন বিধেয়ক।

কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক ২০২৫

কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ আইন, ১৯৬৩ (১৯৬৩ চনৰ ২০)ৰ অধীনত গুৰুতৰ অপৰাধমূলক অভিযোগৰ বাবে গ্ৰেপ্তাৰ আৰু আটক কৰা মুখ্যমন্ত্ৰী বা মন্ত্ৰীক অপসাৰণ কৰাৰ কোনো ব্যৱস্থা নাই। এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী বা মন্ত্ৰীক অপসাৰণ কৰিবলৈ আইন প্ৰণয়নৰ প্ৰয়োজন হয়। ইয়াৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ আইন, ১৯৬৩ৰ ৪৫ নং ধাৰা সংশোধন কৰিব লাগিব। এই বিধেয়কৰ জৰিয়তে পুনৰ আইন প্ৰণয়ন কৰিব পৰা যাব।

১৩০ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক ২০২৫

সংবিধানৰ অধীনত বৰ্তমান গুৰুতৰ অপৰাধমূলক অভিযোগত গ্ৰেপ্তাৰ আৰু আটক কৰি ৰখা মন্ত্ৰীক অপসাৰণৰ কোনো ব্যৱস্থা নাই। তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ যিকোনো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী বা ৰাজ্য আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ মন্ত্ৰী পৰিষদৰ যিকোনো মন্ত্ৰীক অপসাৰণৰ বাবে আইনী কাঠামো গঢ়ি তোলাৰ লক্ষ্যৰে সংবিধানৰ ৭৫, ১৬৪ আৰু ২৩৯এএ অনুচ্ছেদ সংশোধন কৰিব লাগিব। সেইবাবেই এই বিধেয়কখন উত্থাপন কৰা হৈছে।

জম্মু কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক, ২০২৫

জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ (২০১৯ চনৰ ৩৪)ৰ অধীনত গুৰুতৰ অপৰাধমূলক অভিযোগৰ বাবে গ্ৰেপ্তাৰ আৰু আটক কৰা মুখ্যমন্ত্ৰী বা মন্ত্ৰীক অপসাৰণৰ কোনো ব্যৱস্থা নাই, গতিকে জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ৰ ৫৪ নং ধাৰা সংশোধন কৰি এনে গোচৰত মুখ্যমন্ত্ৰী বা মন্ত্ৰীক অপসাৰণ কৰিব পৰাকৈ আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন আছে।

 

গণেশ চতুৰ্থীত দুৰ্লভ সংযোগ! ভাল দিন আহিব এই ২ ৰাশিৰ জীৱনলৈ...
দূৰ হ'ব সকলো সমস্যা! মাথোঁ পাকঘৰত নকৰিব এইকেইটা কাম...
স্তনৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণসমূহ কি কি? জানক...
গণেশ চতুৰ্থীত কেনেকৈ সন্তুষ্ট কৰিব গণপতি বাপ্পাক?