গুজৰাট উপকূলত ‘আল মদিনা’ লিখা নাও, কাশ্মীৰ সীমান্তত একাধিক ড্ৰোন, নতুন ষড়যন্ত্ৰ নেকি পাকিস্তানৰ?

যোৱা দুসপ্তাহত তিনি-চাৰিবাৰ ভাৰতৰ ভূখণ্ডত বাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই অনা ড্ৰোনে প্ৰৱেশ কৰিছে। ভাৰতীয় সেনাই বিশ্বাস কৰে যে পাকিস্তানে তলে তলে কোনো ডাঙৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বেও সীমান্ত অঞ্চলৰ পৰা পাকিস্তানী ড্ৰোন ধাৰাবাহিকভাৱে উৰি থকা দেখা গৈছিল।

গুজৰাট উপকূলত আল মদিনা লিখা নাও, কাশ্মীৰ সীমান্তত একাধিক ড্ৰোন, নতুন ষড়যন্ত্ৰ নেকি পাকিস্তানৰ?

গুজৰাট উপকূলত সন্দেহজনক নাও

Published: 

16 Jan 2026 | 03:05 PM

অপাৰেচন সেন্দূৰৰ সময়ত শিক্ষা নহ’ল পাকিস্তানৰ। পুনৰ সীমান্তত ড্ৰোন উৰুৱাই নিলাজৰ ফেপেৰি পাতিছে পাকিস্তানে। কেইদিনমান পূৰ্বে কাশ্মীৰৰ ভাৰত-পাক সীমান্তত দেখা গৈছিল পাকিস্তানী ড্ৰোন। এইবাৰ কেৱল এঠাইত নহয়। সন্ধিয়া আন্ধাৰ নামি অহাৰ লগে লগে ৰামগড় ছেক্টৰ, পুঞ্চ আৰু জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানৰ ওপৰেৰে উৰিবলৈ আৰম্ভ কৰে পাকিস্তানী ড্ৰোন ।

ইখনৰ পিছত সিখন ড্ৰোনলৈ গুলীচালনা কৰে ভাৰতীয় সেনাই। সেনাৰ সূত্ৰ অনুসৰি কেইবাখনো ড্ৰোন ভূ-পতিত কৰা হৈছে ইতিমধ্যে। খবৰ পোৱা গৈছে যে সেইবোৰত বাৰুদ আছিল। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি সামৰিক ঘাটিসমূহত আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰা হৈছে এই ড্ৰোনেৰে।

যোৱা দুসপ্তাহত তিনি-চাৰিবাৰ ভাৰতৰ ভূখণ্ডত বাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই অনা ড্ৰোনে প্ৰৱেশ কৰিছে। ভাৰতীয় সেনাই বিশ্বাস কৰে যে পাকিস্তানে তলে তলে কোনো ডাঙৰ পৰিকল্পনা কৰিছে। ইয়াৰ পূৰ্বেও সীমান্ত অঞ্চলৰ পৰা পাকিস্তানী ড্ৰোন ধাৰাবাহিকভাৱে উৰি থকা দেখা গৈছিল। এই সন্দৰ্ভত নিজেই উদ্বেগ প্ৰকাশ কৰে সেনা প্ৰধান জেনেৰেল দ্বিবেদীয়ে। তেওঁ পাকিস্তানৰ গতিবিধি সন্দৰ্ভতো সন্দেহ প্ৰকাশ কৰে।

আনহাতে, গুজৰাটৰ উপকূলৰ পৰা উদ্ধাৰ হৈছে আন এখন সন্দেহজনক পাকিস্তানী নাও। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আৰব সাগৰত চোৰাংচোৱাগিৰি চলাই থকাৰ সময়তে এই সন্দেহজনক নাওখন ভাঁহি থকা দেখা পায়। পাকিস্তানৰ পতাকা উৰি থকা নাওখনত নাম লিখা আছিল আল মদিনা। ইয়াৰ ফলত ৰহস্য আৰু অধিক ঘনীভূত হয়।

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সূত্ৰ অনুসৰি নাওখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও সন্দেহজনক সামগ্ৰী আৰু নথি-পত্ৰ । এই নাওখন অনুপ্ৰৱেশৰ বাবে ব্যৱহাৰ কৰা হৈছিল নে ইয়াৰ আঁৰত তাতকৈও ডাঙৰ পৰিকল্পনা আছে, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে। এই কথা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইফালে ৯ জন পাকিস্তানীক গ্ৰেপ্তাৰ কৰা জনাইছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...