পুনৰ কাশ্মীৰ ৰক্তাক্ত কৰা পৰিকল্পনা পাক-সন্ত্ৰাসবাদীৰ, সষ্টম ভাৰতীয় সেনা আৰু চোৰাংচোৱা

যোৱা ছেপ্টেম্বৰৰ পৰাই সীমান্তৰ সিপাৰৰ পৰা কেনেদৰে অনুপ্ৰৱেশ কৰি অস্ত্ৰ-শস্ত্ৰ আনিব পাৰি তাৰ পৰিকল্পনা কৰি আহিছে সংগঠনটোৱে। সূত্ৰই দাবী কৰিছে যে নিয়ন্ত্ৰণ ৰেখাৰ আশে-পাশে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছে লস্কৰ-ই-তৈবা আৰু জয়ছ-ই-মহম্মদৰ কেইবাটাও ইউনিটে।

পুনৰ কাশ্মীৰ ৰক্তাক্ত কৰা পৰিকল্পনা পাক-সন্ত্ৰাসবাদীৰ, সষ্টম ভাৰতীয় সেনা আৰু চোৰাংচোৱা

সন্ত্ৰাসবাদীৰ প্ৰতীকী ছবি

Published: 

06 Nov 2025 | 01:56 PM

অপাৰেচন সেন্দূৰৰ পৰা কোনো শিক্ষা নল’লে ইছলামিক সন্ত্ৰাসবাদীয়ে। আকৌ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা! সেয়াও পাকিস্তানৰ সহায়ত। চলিত বৰ্ষৰ এপ্ৰিল মাহত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণ। ধৰ্মীয় পৰিচয়ৰ ভিত্তিত নিৰ্বাচিতভাৱে হত্যা কৰা হৈছিল হিন্দু পৰ্যটকক। ইয়াৰ পিছতেই ভাৰতে অপাৰেচন সেন্দূৰৰ জৰিয়তে প্ৰতিশোধ লয় এই আক্ৰমণৰ। ধ্বংস কৰি পেলোৱা হৈছিল পাকিস্তানত থকা কেবাটাও সন্ত্ৰাসবাদীৰ ঘাটি। কিন্তু এই সকলোবোৰৰ পাছতো পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনবোৰে থমকি ৰোৱা নাই।

এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি উপত্যকাটোত পুনৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদে। যোৱা ছেপ্টেম্বৰৰ পৰাই সীমান্তৰ সিপাৰৰ পৰা কেনেদৰে অনুপ্ৰৱেশ কৰি অস্ত্ৰ-শস্ত্ৰ আনিব পাৰি তাৰ পৰিকল্পনা কৰি আহিছে সংগঠনটোৱে। সূত্ৰই দাবী কৰিছে যে নিয়ন্ত্ৰণ ৰেখাৰ আশে-পাশে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছে লস্কৰ-ই-তৈবা আৰু জয়ছ-ই-মহম্মদৰ কেইবাটাও ইউনিটে। পাকিস্তানৰ বিশেষ সেৱা গোট আৰু আই এছ আইৰ সদস্যসকলে সহায় কৰিছে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশত।

সূত্ৰসমূহে আৰু দাবী কৰিছে যে শ্বমশ্বেৰ নামৰ এটা সন্ত্ৰাসবাদীৰ নেতৃত্বত লস্কৰ ইউনিটে কেৱল ভাৰতত প্ৰৱেশ কৰাই নহয়, ড্ৰ’ন উৰুৱাই নিয়ন্ত্ৰণ ৰেখাত থকা ব্যৱধান চিনাক্ত কৰি আকাশী জৰীপো কৰিছে। অহা কেইসপ্তাহমানৰ ভিতৰত এই সন্ত্ৰাসবাদীয়ে ফিডাইন আক্ৰমণ অৰ্থাৎ আত্মঘাতী আক্ৰমণ বা ড্ৰোনেৰে ভাৰতৰ ওপৰত ব্যাপক বোমাবৰ্ষণ কৰিব পাৰে।

অক্টোবৰ মাহত পাক অধিকৃত কাশ্মীৰত অনুষ্ঠিত হৈছিল এখন উচ্চ পৰ্যায়ৰ বৈঠক। এই বৈঠকত জামাত ই ইছলামী, হিজবুল মুজাহিদীন আৰু আই এছ আইৰ মুৰব্বীসকল উপস্থিত থাকে। সন্ত্ৰাসবাদী গোটক পুনৰ সক্ৰিয় কৰাৰ চেষ্টা চলাইছে তেওঁলোকে। সূত্ৰ অনুসৰি লস্কৰ-ই-তৈবাৰ সদস্যসকলেও কাশ্মীৰ উপত্যকাৰ কোনসকল লোক সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল আৰু তেওঁলোকৰ হাতত কিমান সম্পত্তি আছে সেই বিষয়েও জৰীপ আৰম্ভ কৰিছে।

নতুন দিল্লীৰ চোৰাংচোৱা সংস্থাৰ কাণত এই খবৰ পৰাৰ লগে লগে তেওঁলোকে ইয়াক সতৰ্কবাণী হিচাপে গুৰুত্ব প্ৰদান কৰিছে। ভাৰতীয় সেনা আৰু চোৰাংচোৱা সংস্থাও হাই এলাৰ্টত আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...