চৈয়দ আদিল হুচেইন শ্বাহ…যিয়ে সন্ত্ৰাসবাদীৰ হাতৰ পৰা ৰাইফল কাঢ়ি পৰ্যটকক ৰক্ষাৰ চেষ্টা চলাইছিল, মৃত্যু…
পহলগাম আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। এই আক্ৰমণত নিহত হৈছে এজন মুছলমান তথা স্থানীয় লোক। চৈয়দ আদিল হুচেইন শ্বাহ নামৰ যুৱকজনে পৰ্যটকক ৰক্ষা কৰিবলৈ গৈ মৃত্যুক সাৱতি ল'বলগীয়া হয়।

আদিল শ্বাহ
মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। এই ঘটনাতে সন্ত্ৰাসবাদীৰ কবলৰ পৰা পৰ্যটকক ৰক্ষা কৰাৰ চেষ্টা কৰি মৃত্যুক সাৱতি লয় এজন যুৱকে। জানিব পৰা মতে, যুৱকজনে পহলগামত ঘোৰা চলায়। অন্য দিনাৰ দৰে কালিও যুৱকজনে পৰ্যটকক কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰাই আছিল আৰু তেতিয়াই সংঘটিত হয় অনাকাংক্ষিত ঘটনা। যুৱকজনে অদম্য সাহস দেখুৱাই সন্ত্ৰাসবাদীৰ হাতৰ পৰা ৰাইফলটো কাঢ়ি লবলৈ চেষ্টা কৰে আৰু তেতিয়াই তেওঁ সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে।
এই যুৱকজনৰ নাম চৈয়দ আদিল হুচেইন শ্বাহ। এই যুৱকজনে পৰ্যটকসকলক বাহন পাৰ্কিং কৰা ঠাইৰ পৰা বেচৰন অঞ্চললৈ খোজ কাঢ়ি ঘোৰাত উঠাই লৈ যায়। কালি ঘটনাৰ সময়ত যুৱকে সন্ত্ৰাসবাদীৰ হৈ যুঁজি পৰ্যটকসকলক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেতিয়াই সন্ত্ৰাসবাদীয়ে যুৱকজনক হত্যা কৰে।
খবৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে সকলোৰে ধৰ্ম সুধি এই হত্যাকাণ্ড সংঘটিত কৰিছিল। আনকি পৰ্যটকসকলক কলমা পঢ়িবলৈ দিছিল। এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত প্ৰায় ২৬ জন লোক নিহত হৈছে। চৰকাৰৰ পৰা জাৰি কৰা মৃতকৰ তালিকা অনুসৰি মৃতসকলৰ ভিতৰত শ্বাহ একমাত্ৰ মুছলমান তথা স্থানীয় ব্যক্তি।
#WATCH | J&K | Mother of the Anantnag resident Syed Hussain Shah, who lost his life in the #PahalgamTerroristAttack, gets emotional, says, "He was the only bread earner of the family…" pic.twitter.com/W7BgzeVOEC
— ANI (@ANI) April 23, 2025
পিতৃ-মাতৃ, পত্নী আৰু সন্তানকে ধৰি শ্বাহ আছিল ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী। ঘৰৰ একমাত্ৰ পুত্ৰ তথা উপাৰ্জনকাৰীক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে পিতৃ-মাতৃ। পৰিয়ালটোৱে এই ঘটনাৰ ন্যায়ৰ বাবে তদন্ত জনাই দোষীৰ উচিত শাস্তিৰ দাবী জনাইছে।
ঘটনা সন্দৰ্ভত পিতৃয়ে কয় যে, মোৰ পুত্ৰই কালি কামৰ বাবে পহলগামলৈ গৈছিল আৰু আমি বিয়লি ৩ বজাত আক্ৰমণৰ ঘটনাৰ বিষয়ে শুনিছিলো। আমি বাৰে বাৰে শ্বাহক ফোন কৰিছিলো কিন্তু ফোন অফ আছিল। বিয়লি ৪.৪০ বজাত ফোন অন হৈছিল কিন্তু কোনোৱে ৰিচিভ কৰা নাছিল। লগে লগে আমি আৰক্ষী থানালৈ গলো আৰু গম পালো যে আমাৰ পুত্ৰৰ গুলীচালনা মৃত্যু হৈছে।
অন্য খবৰ পঢ়কঃ মুছলমানসকলে অসহায় অনুভৱ কৰে…পহলগাম ঘটনা সন্দৰ্ভত কি ক’লে প্ৰিয়ংকা গান্ধীৰ স্বামীয়ে…
অন্য খবৰ পঢ়কঃ ভাৰতক কোনে কৰিব সমৰ্থন? পহলগাম আক্ৰমণৰ পাছত সহায়ৰ বাবে আগবাঢ়ি আহিল এইসমূহ দেশ…