পহলগাম কাণ্ডৰ দোষী কোন? NIA ৰ চাৰ্জশ্বীটত আছে কাৰ কাৰ নাম…

জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী কাণ্ডৰ কথা মনত আছেনে? যি কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। সেই জঘন্য কাণ্ড সন্দৰ্ভত নিয়াই আজি আদালতত প্ৰথমখন চাৰ্জশ্বীট দাখিল কৰিছে।

পহলগাম কাণ্ডৰ দোষী কোন? NIA ৰ চাৰ্জশ্বীটত আছে কাৰ কাৰ নাম...

পহলগাম কাণ্ড

Updated On: 

15 Dec 2025 | 05:26 PM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত সোমবাৰে নিয়া (NIA)ৰ বিশেষ দলে NIA আদালতত চাৰ্জশ্বীট দাখিল কৰে। সূত্ৰ অনুসৰি, এই গোচৰটোত নিয়াই পাকিস্তান ভিত্তিত সন্ত্ৰাসবাদী হেণ্ডেলাৰৰ নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ ভিতৰত আছে লস্কৰ-ই-তৈবাৰ মূল সন্ত্ৰাসবাদী হেণ্ডেলাৰ ছৈফুল্লা কাছুৰী, হাফিজ ছৈয়দ আৰু তালহা ছৈয়দৰ নাম।

ইয়াৰোপৰি এই চাৰ্জশ্বীটত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা তিনিজন পাকিস্তানী সন্ত্ৰাসবাদীৰ নাম উল্লেখ কৰা হৈছে। তেওঁলোক হৈছে-জিব্ৰান, চুলেমান, আৰু হামজা আফগান। ইয়াৰ লগতে নিয়াই কাশ্মীৰৰ তিনিজন সহযোগী সন্ত্ৰসবাদীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক পাৰভেজ আহমেদ জোথাৰ আৰু অনন্তনাগ জিলাৰ দুজন ভাতৃ বছিৰ আহমেদ জোথাৰ।

সন্ত্ৰাসবাদীক কোনে যোগান ধৰিছিল ফোন

এই কাণ্ডত সন্ত্ৰাসবাদীৰ সহযোগী মহম্মদ ইউছুফ কাটাৰিয়াকো গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, অপাৰেশ্যন মহাদেৱৰ পূৰ্বে তেওঁ সন্ত্ৰাসবাদীক মোবাইল ফোন আৰু চাৰ্জাৰ যোগান ধৰিছিল। জম্মু-কাশ্মীৰত থকা ৬ জন অভিযুক্তৰ নামো সন্নিবিষ্ট কৰা হৈছে। ইয়াৰোপৰি পাকিস্তান অধীকৃত কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ নামো চাৰ্জশ্বীটত অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে, ১৮০ দিন ধৰি কৰা তদন্তৰ অন্তত আজি নিয়াই প্ৰথমখন চাৰ্জশ্বীট দাখিল কৰিছে। এতিয়াও সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। গতিকে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। চলি থকা তদন্তৰ অন্তত পুনৰ নিয়াই পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰিব পাৰে।

উল্লেখ্য যে, ২২ এপ্ৰিল ২০২৫ ত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত ২৫ জন ভাৰতীয় নাগৰিক, এগৰাকী নেপালী নাগৰিককে ধৰি মুঠ ২৬ জন নিহত হৈছিল। বৈছাৰন উপত্যকাক মিনি ছুইজাৰলেণ্ড বুলি কোৱা হয়। গতিকে আক্ৰমণৰ সময়ত তাত বহু লোক উপস্থিত আছিল। অভিযোগ অনুসৰি, ধৰ্ম সুধি সন্ত্ৰাসবাদীয়ে সেই জঘন্য কাণ্ড সংঘটিত কৰিছিল। তাৰ পাছতে ভাৰতে চলাইছিল অপাৰেশ্যন সেন্দূৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান নিয়াই চলাই আছে তদন্ত।

 

 

অন্য খবৰ পঢ়কঃ স্নাতক উত্তীৰ্ণৰ বাবে গুৱাহাটীত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...