অপাৰেচন হোৱাইট ৱেলৰ বৃহৎ সাফল্যঃ ৫৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ৫জনক গ্ৰেপ্তাৰ

অভিযানৰ সময়ত যৌথ অভিযানকাৰী দলটোৱে বিপুল পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন উদ্ধাৰ কৰে। অভিযানকালত বিষয়াসকলে ৭,৭৫৫.৭৫ গ্ৰাম হেৰ’ইন জব্দ কৰে। জব্দকৃত এই হেৰ’ইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৫৪.২৯ কোটি টকা হ’ব বুলি বিষয়াসকলে সদৰী কৰিছে।

অপাৰেচন হোৱাইট ৱেলৰ বৃহৎ সাফল্যঃ ৫৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, ৫জনক গ্ৰেপ্তাৰ

বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Published: 

10 Jun 2025 | 08:38 AM

উত্তৰ-পূব ভাৰতত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক অভিযান। অঞ্চলটোত চলি থকা এই ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে আন এক বৃহৎ সফলতা লাভ কৰিছে প্ৰশাসনে। এই সফলতাৰ কেন্দ্ৰস্থল হৈছে মণিপুৰ। ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত যোৱা ৫ জুনৰ পৰা ৭ জুনৰ ভিতৰত এক বিশেষ অভিযান চলোৱা হৈছিল। এই অভিযানক অপাৰেচন হোৱাইট ৱেল নামেৰে নামাকৰণ কৰা হৈছিল।

ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেঞ্চ, চমুকৈ DRI, শুল্ক বিভাগ, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যৌথ দলে এই অভিযান চলাইছিল। এই অভিযানৰ সময়ত যৌথ অভিযানকাৰী দলটোৱে বিপুল পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন উদ্ধাৰ কৰে। অভিযানৰ সময়ত বিষয়াসকলে ৭,৭৫৫.৭৫ গ্ৰাম হেৰ’ইন জব্দ কৰে। জব্দকৃত এই হেৰ’ইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৫৪.২৯ কোটি টকা হ’ব বুলি বিষয়াসকলে সদৰী কৰিছে।

ইয়াৰ উপৰিও অভিযানকালত ৬,৭৩৬ গ্ৰাম আফিং উদ্ধাৰ কৰা হৈছে। এই আফিংখিনিৰ মূল্যও প্ৰায় ৮৭.৫৭ লাখ টকা টকা হ’ব বুলি অনুমান কৰা হৈছে। ইফালে অভিযানকাৰী দলটোৱে এই সময়ত নগদ ৩৫.৬৩ লাখ টকাও জব্দ কৰিছে। কেৱল এয়াই নহয়, অভিযান স্থানৰ পৰা দুটা বাওফেং ৱাকি-টকি আৰু এখন মাৰুতি ইকো ভেনো দলটোৱে জব্দ কৰিবলৈ সক্ষম হৈছে।

এই সমগ্ৰ অভিযানত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ সকলোৰে বিৰুদ্ধে এন ডি পি এছ এক্ট ১৯৮৫ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই। লক্ষণীয়ভাৱে মণিপুৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহত ড্ৰাগছ সৰবৰাহ দীৰ্ঘদিন ধৰি এক চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈ আহিছে।

নিৰাপত্তা সংস্থাসমূহৰ এই শেহতীয়া অভিযানক এই দিশত এক বৃহৎ সফলতা হিচাপে গণ্য কৰা হৈছে। তদন্তকাৰী সংস্থাসমূহে এনে অভিযানে ড্ৰাগছৰ নেটৱৰ্ক ভংগ কৰাত বহুখিনি সহায় কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু ভৱিষ্যতেও এনে ব্যৱস্থা অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...