Operation Sindoor: পাকিস্তানে কিয় ভাৰতৰ বিৰুদ্ধে কোনো ডাঙৰ সিদ্ধান্ত ল’ব নোৱাৰে? জানক এই ৪ টা কাৰণ…

Operation sindoor: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰে। ইয়াৰ পাছতে প্ৰশ্ন হয় পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব নেকি?

Operation Sindoor: পাকিস্তানে কিয় ভাৰতৰ বিৰুদ্ধে কোনো ডাঙৰ সিদ্ধান্ত লব নোৱাৰে?  জানক এই ৪ টা কাৰণ...

অপাৰেশ্যন সেন্দূৰ

Published: 

07 May 2025 10:56 AM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভাৰতে সফলতাৰে ৰূপায়ন কৰে ‘অপাৰেশ্যন সেন্দূৰ’  (Operation sindoor) অভিযান। ৬-৭ মে’ৰ মাজ নিশা ভাৰতে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰ (POK) ৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ স্থানত বিমান আক্ৰমণ চলায়। এই আক্ৰমণত ১০০ জনৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে LOC ত গুলীচালনা কৰিছে য’ত ৩ জন সাধাৰণ লোক নিহত হোৱা বুলি খবৰ আহি পৰিছে।

ইয়াৰোপৰি এতিয়ালৈকে পাকিস্তানে কোনো ডাঙৰ মন্তব্য আগবঢ়োৱা নাই। কেইটামান এনে বিষয় বা দিশ আছে যাৰ বাবে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আগত চিন্তা কৰিব লাগিব।

ইচ্ছ্যুক নহয় শীৰ্ষ নেতৃত্ব

পাকিস্তানত বৰ্তমান শ্বাহবাজ শ্বৰীফৰ চৰকাৰ আছে। শ্বাহবাজ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কনিষ্ঠ ভাতৃ। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তানত শংকিত পৰিবেশৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিৰ মাজতে কিছুদিন পূৰ্বে শ্বাহবাজে নাবাজক সাক্ষাৎ কৰিছিল। বৈঠকৰ সময়ত নবাজে যুদ্ধত অংশগ্ৰহণ নকৰাৰ বাবে শ্বাহবাজত কৈছিল। নবাজে কৈছিল যে, যুদ্ধলৈ গ’লে ধ্বংস হ’ব। নৱাজে কূটনৈতিক উপায়েৰে সমাধান কৰাৰ পৰামৰ্শ দিছিল।

গতিকে পাকিস্তানৰ শীৰ্ষ নেতৃত্বসকল যুদ্ধৰ বাবে সাজু নহয়। তেনে অৱস্থাত কব পাৰি যে  পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা কম।

কেৱল সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ

ইয়াৰোপৰি ভাৰতে কেৱল সন্ত্ৰাসবাদীৰ ঘাটীতহে আক্ৰমণ চলাইছে। ভাৰতে কোনো সামৰিক স্থান লক্ষ্য কৰি লোৱা নাই। এই আক্ৰমণত লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদৰ দৰে সন্ত্ৰাসদাবী সংগঠনৰ শিবিৰ লক্ষ্য কৰি লোৱা গৈছিল। এই ষ্ট্ৰাইকৰ দ্বাৰা ভাৰতে বাৰ্তা দিছিল যে, এই আক্ৰমণ পাকিস্তান নহয়, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে।

গতিকে পাকিস্তানে যদি কোনো ডাঙৰ পদক্ষেপ লয় তেন্তে সন্ত্ৰাসবাদ সন্দৰ্ভত তেওঁলোকৰ স্থিতিৰ বহিঃপ্ৰকাশ ঘটিব। ইতিমধ্যে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ কথা স্বীকাৰ কৰিছিল।

আৰ্থিক দিশ

৯ মে’ত অনুষ্ঠিত হব আই এম এফৰ বৈঠক। য’ত পাকিস্তানক ঋণ দিয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু এই বৈঠকতেই আই এম এফে পাকিস্তানক ঋণ দিয়াৰ সিদ্ধান্ত ল’ব। দুদিন পূৰ্বে আক্রমণ কৰি ভাৰতে পাকিস্তানক জালত পেলাইছে। পাকিস্তানে প্ৰতিশোধ ল’লে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হ’ব আৰু এনে পৰিস্থিতিত আই এম এফৰ পৰা ঋণ নাপাব। আই এম এফৰ পৰা ঋণ নাপালে পাকিস্তানে দেউলীয়া হ’ব পাৰে।

ডাঙৰ শক্তি

ভাৰত-পাকিস্তানৰ পূৰ্বৰ যুদ্ধলৈ চালে দেখা যায় যে ডাঙৰ দেশসমূহে সদায় পাকিস্তানক সমৰ্থন কৰি আহিছে। কিন্তু এইবাৰ পৰিস্থিতি বেলেগ। এইবাৰ আমেৰিকা আৰু ৰাছিয়াৰ সমৰ্থন লাভ কৰিছে ভাৰতে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমাৰ পুটিনে মোদীক ফোন কৰি আশ্বাস দিছিল যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোক ভাৰতৰ পক্ষত থিয় দিব। ইয়াৰোপৰি অন্য দেশসমূহো আছে ভাৰতৰ লগত। তেনে ক্ষেত্ৰত পাকিস্তানে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা কম।

 

 

অন্য খবৰ পঢ়কঃ Operation sindoor: ভাৰতৰ প্ৰতিশোধ! ১০০ জনৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু, চাওক ফটো…

আৰু পঢ়কঃ Operation Sindoor: সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস, কিয় ভাৰতে অভিযানৰ নাম ৰাখিছিল ‘অপাৰেশ্যন সেন্দূৰ’, জানক…

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তস্ৰাৱ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?