Operation Sindoor: নিশা আমি শুই আছিলো, তেতিয়া এটা ড্ৰ’ন…পাকিস্তানী যুৱকে দিলে ভাৰতৰ আক্ৰমণৰ বৰ্ণনা…

Operation Sindoor: মাজনিশাৰ অভিযান অপাৰেশ্যন সেন্দূৰে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভাৰতীয়ে সেনাই এই অভিযান চলায়।

Operation Sindoor: নিশা আমি শুই আছিলো, তেতিয়া এটা ড্ৰন...পাকিস্তানী যুৱকে দিলে ভাৰতৰ আক্ৰমণৰ বৰ্ণনা...

পাকিস্তানত আক্ৰমণ

Published: 

07 May 2025 15:19 PM

পাকিস্তানত প্ৰৱেশ কৰি ভাৰতে চলোৱা আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে এজন প্ৰত্যক্ষদৰ্শীয়ে। পাকিস্তানৰ মুৰিডকেৰ এজন পাকিস্তানী নাগৰিকে কয় যে, নিশা প্ৰায় ১২.৪৫ মান বাজিছিল, আমি সকলো শুই আছিলো। তাৰ পাছত প্ৰথমে এটা ড্ৰ’ন আহিছিল আৰু পাছত তিনিটা ড্ৰ’ন একেলগে আহি তিনিটা মছজিদত আক্ৰমণ কৰিছিল। মুহূৰ্তৰ ভিতৰতে মছজিদটো ধ্বংস হৈ গৈছিল। ইয়াৰ পাছতে জনতাৰ মাজত হুৱা-দুৱা লাগে বুলি তেওঁ কয়।

উল্লেখ্য যে, ৬-৭ মেটৰ নিশা ১.০৫ বজাত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত সেনাই সন্ত্ৰাসবাদীৰ ৯ টাকৈ স্থান লক্ষ্য কৰি লয়। এই ঘটনাৰ পাছতে সংবাদ মেল সম্বোধন কৰি ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু সেনাই ঘটনাৰ বিষয়ে সবিশেষ জনায়। সংবাদমেলত কয় যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ ন্যায়স্বৰূপে এই আক্ৰমণ সংঘটিত কৰা হৈছিল। সংবাদমেলত কয় যে, অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতীয় সেনাই কেৱল সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছিল। ইয়াত পাকিস্তানী সামৰিক শক্তি বা সাধাৰণ নাগৰিকৰ কোনো ক্ষতিসাধন হোৱা নাই।

ইয়াৰ কিছুসময় পাছতে পাকিস্তানী সেনাই সংবাদমেল সম্বোধন কৰি ভাৰতৰ কাৰ্যক গৰিহনা প্ৰদান কৰে। লগতে কয় যে, এই অভিযানত সাধাৰণ তথা নিৰীহ লোকৰো মৃত্যু হৈছে। খবৰ অনুসৰি পাকিস্তান চৰকাৰে পাকিস্তানী সেনাক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে। এক কথাত, ভাৰতৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সেনাক মুক্ত হাত দিছে চৰকাৰে।

উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ংকৰ ঘটনা। য’ত ২৬ জন লোকক হত্যা কৰা হৈছিল। আচৰিত কথা এয়াই যে এই ঘটনাত হিন্দু আৰু পুৰুষসকলক হত্যা কৰিছিল। সন্ত্ৰাসবাদীৰ এনে ভয়ংকৰ কূটঘাতমূলক কাণ্ডৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক ক্ষেত্ৰত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু সামৰিক দিশৰ পৰা মাজনিশা ভাৰতে আক্ৰমণ চলায়।

এই কাণ্ডৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত উত্তেজনা চৰম পৰ্যায় পাইছেগৈ। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ চীনে এই ঘটনাক দুখজনক আখ্যা দিয়াৰ লগতে ইজৰাইলে কৰিছে সমৰ্থন। মুঠতে দেশ দুখনৰ মাজৰ অস্থিৰতাই এতিয়া বিশ্ব চুইছে। গতিকে এই উত্তেজনা কি পৰ্যায়লৈ যায় সেয়া সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ Operation Sindoor: অক্ষৰধামৰ পৰা পহলগামলৈ…সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৩৫০তকৈ অধিক ভাৰতীয়, শ্বহীদ ৬০০ জোৱান…

ভগৱানৰ নাম ল'লে মনৰ সকলো ইচ্ছা পূৰণ হয় নেকি? ক'লে প্ৰেমানন্দ মহাৰাজে...
অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...