যুদ্ধ নহয়! ভাৰতৰ মাত্ৰ এই ৩ সিদ্ধান্তই তচনচ কৰি পেলাব পাৰে পাকিস্তানক, জানক কি কি…
ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধ বিৰতিৰ পাছতে সীমান্ত কিছু শান্ত হৈ পৰিছে। কিন্তু এই সময়ত ভাৰতে যদি মাত্ৰ ৩ টা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে যুদ্ধ নকৰাকৈ পাকিস্তানক ধ্বংস কৰিব পাৰিব।

Whatsapp Image 2025 05 12 At 2.16.52 Pm 1
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি চলাইছিল অপাৰেশ্যন সেন্দূৰ। তাৰ পাছতে পাকিস্তানী আৰ্মীয়ে যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতক আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ প্ৰতিশোধমূলক প্ৰত্যুত্তৰ দি ভাৰতে পাকিস্তানৰ লাহোৰ, ৰাৱালপিণ্ডিকে ধৰি বিভিন্ন অঞ্চলত তাণ্ডৱ চলাইছিল। ভাৰতীয় সেনাই জাৰি কৰা তথ্য অনুসৰি, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত ভাৰতীয় সেনাই ১০০ ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছে।
কিন্তু আমেৰিকাৰ মধ্যস্থতাত ভাৰত-পাকিস্তান যুদ্ধ বিৰতি হয়। এনে সময়ত ভাৰতীয় সেনাই কৈছে যে যদিহে যুদ্ধ বিৰতিৰ পাছতো পাকিস্তানে আক্ৰমণ কৰে তেন্তে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব। ইয়াৰোপৰি যি পাকিস্তানে পুনৰ আক্ৰমণ চলাই তেন্তে ইয়াক যুদ্ধ বুলি গন্য কৰা হ’ব।
যুদ্ধ বিৰতি হ’লেও ভাৰতে যদি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে পাকিস্তানৰ ডাঙৰ ক্ষতি কৰিব পাৰে। গতিকে এই তিনিটা সিদ্ধান্ত কি তলত উল্লেখ কৰা হ’ল-
১) BLA সহযোগঃ বেলুচ লিবাৰেশ্যন আৰ্মীয়ে দশক দশত ধৰি স্বাধীন বেলুচিস্তানৰ দাবী জনাই প্ৰতিবাদ কৰি আহিছে। এনে পৰিস্থিতি বেলুচ আৰ্মী পাকিস্তান চৰকাৰ আৰু পাকিস্তানী সেনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। মাজে সময়ে বেলুচ আৰ্মীয়ে পাকিস্তানী সেনাক লক্ষ্য কৰি লোৱাও দেখা যায়। শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ সংঘৰ্ষত বেলুচ আৰ্মীয়ে ভাৰতক সহযোগ কৰাৰ ঘোষণা কৰিছিল। আনকি বেলুচ আৰ্মীয়ে কৈছে যদিহে ভাৰতে সহায় আগবঢ়াই তেন্তে পাকিস্তানক ধ্বংস কৰি পেলোৱা হ’ব। এনে পৰিস্থিতি ভাৰতে বেলুচ আৰ্মীক যদি সহায় কৰে তেন্তে ছেকেণ্ডতে পাকিস্তান ধ্বংসস্তুপলৈ পৰিণত হ’ব।
2)FATF Grey List-ভাৰতে নিজৰ কূটনীতি ব্যৱহাৰ কৰি পাকিস্তানক FATF (Financial Action Task Force) ৰ গ্ৰে লিষ্টত স্থান দিব লাগিব, যাতে বিদেশৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব নোৱাৰে।
৩) IMF ঋণ ৰোধঃ যুদ্ধৰ সময়ত পাকিস্তানে আই এম এফৰ পৰা ১ বিলিয়ন টকাৰ বেইলআউট লাভ কৰিছিল। গতিকে যদি ভাৰতে কূটনৈতিক দিশ ব্যৱহাৰ কৰি এই ধন ৰোধ কৰিব পাৰে তেন্তে ই পাকিস্তানৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিব। যদি পাকিস্তানে এই ধন নাপায় তেন্তে পাকিস্তানে সন্ত্ৰাসবাদীৰ কাৰখানা বেছি দিন চলাব নোৱাৰিব।
অন্য খবৰ পঢ়কঃ পাকিস্তানক ধ্বংস কৰিবলৈ মাত্ৰ ৩ টা বস্তুৰ প্ৰয়োজন! ভাৰতৰ পৰা কি বিচাৰিছে বেলুচ আৰ্মীয়ে…