Operation Sindoor: অক্ষৰধামৰ পৰা পহলগামলৈ…সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৩৫০তকৈ অধিক ভাৰতীয়, শ্বহীদ ৬০০ জোৱান…

Operation Sindoor: ২২ এপ্ৰিলত পহালগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ংকৰ ঘটনা। এই ঘটনাত ২৬ জন লোক নিহত হৈছিল। ভয়ংকৰ এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ মাজনিশা ভাৰতে পাকিস্তানত প্ৰৱেশ কৰি আক্ৰমণ চলায়।

Operation Sindoor: অক্ষৰধামৰ পৰা পহলগামলৈ...সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৩৫০তকৈ অধিক ভাৰতীয়, শ্বহীদ ৬০০ জোৱান...

অপাৰেশ্যন সেন্দূৰ

Published: 

07 May 2025 14:46 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে ৬-৭ মে’ৰ নিশা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ডাঙৰ আক্ৰমণ চলায়। পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰ (POK)ত অভিযান চলাই ভাৰতীয় সেনাই ৯ টাকৈ সন্ত্ৰাসবাদী স্থান ধ্বংস কৰে। এই আক্ৰমণৰ পাছত বৈদিশক সচিব বিক্ৰম মিশ্ৰীয়ে দুই মহিলা সামৰিক বিষয়াৰ সৈতে সংবাদমেল সম্বোধন কৰি ইয়াৰ বিষয়ে জনায়। সংবাদমেলত কয় যে, এই ঘটনা ইমানেই নৃশংস আছিল যে পৰিয়ালৰ সন্মুখত হত্যা কৰা হৈছিল। ইয়াৰ ন্যায় স্বৰূপে মাজনিশা আক্ৰমণ চলাই ভাৰতীয় সেনাই অপাৰেশ্যন সেন্দূৰক সফলতা প্ৰদান কৰে।

সংবাদমেল সম্বোধন কৰাৰ আগতে তেওঁলোকে এটা ভিডিঅ’ প্ৰচাৰ কৰিছিল য’ত ২০০১ চনত সংসদত, ২০০২ চনত অক্ষৰ ধাম মন্দিৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰা আৰম্ভ কৰি পহলগাম কাণ্ডলৈ দেখুওৱা হৈছিল। লগতে এয়াও জনাইছিল যে, বিগত দশকত সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ ফলত ৩৫০ জনতকৈ অধিক ভাৰতীয় নিহত হোৱাৰ আগতে ৮০০ৰো অধিক লোক আহত হৈছে। ইয়াৰোপৰি এই সময়চোৱাত ৬০০ ৰো অধিক নিৰাপত্তাৰক্ষী শ্বহীদ আৰু ১৪০০ ৰো অধিক আহত হৈছিল। ইয়াৰোপৰি মুম্বাই ২৬/১১ আক্ৰমণৰ পাছত এয়া আছিল অসামৰিক লোকৰ বিৰুদ্ধে চলোৱা ডাঙৰ আক্ৰমণ।

উইং কমাণ্ডাৰ ব্যোমিকা সিঙে অপাৰেশ্যন সেন্দূৰৰ বিষয়ে কয় যে, অপাৰেশ্যন সেন্দূৰ অভিযান আমাৰ সশস্ত্ৰ বাহিনীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোক আৰু তেওঁলোকৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে চলাইছিল। এই সময়চোৱাত নিৰাপত্তাৰক্ষীয়ে ৯ টাকৈ সন্ত্ৰাসবাদীৰ স্থান লক্ষ্য কৰি লৈছিল।

 

কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে অভিযানৰ বিষয়ে উল্লেখ কৰাৰ লগতে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰ (PoJK)ৰ মুণ্ড্ৰিকে আৰু অন্যান্য সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণৰ ভিডিঅ’ দেখুয়ায়। পাছত কুশ্বেৰীয়ে কয় যে,২২ এপ্ৰিলত পহালগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা নিৰীহ সাধাৰণ নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰা হৈছিল। এই অভিযানৰ জৰিয়তে মাত্ৰ ২৫ মিনিটতে ৯টা স্থানৰ ২১টা লক্ষ্য ধ্বংস কৰা হয়।

তেওঁ কয় যে, অপাৰেশ্যন সেন্দূৰ নিশা ১.০৫ৰ পৰা ১.৩০ বজাৰ ভিতৰত কৰা হৈছিল। এই অভিযানৰ জৰিয়তে সাধাৰণ নাগৰিকৰ কোনো ক্ষতিসাধন কৰা হোৱা নাছিল। পহলগাম সন্ত্ৰাসবাদী কাণ্ডৰ ষড়যন্ত্ৰকাৰীক ইয়াত লক্ষ্য কৰি লোৱা হৈছিল। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, পাকিস্তানে বিশ্বত নিজৰ পৰিচয় সন্ত্ৰাসবাদীৰ বাবে নিৰাপদ আশ্ৰয়স্থল হিচাপে গঢ়ি তুলিছে। সন্ত্ৰাসবাদী আন্তঃগাঁথনি নিৰ্মূলৰ পাকিস্তানে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। সন্ত্ৰাসবাদী আন্তঃগাঁথনি নিৰ্মূলৰ বাবে চলোৱা অভিযানসমূহ নিঁখুত আৰু দায়িত্বশীল আছিল।

 

অন্য খবৰ পঢ়কঃ Operation Sindoor: মাত্ৰ ২৫ মিনিটত ভাৰতীয় সেনাই ধ্বংস কৰিছিল ৯ টা সন্ত্ৰাসবাদী শিবিৰ, জানক সকলো…

শাওন মাহৰ মঙলবাৰে এইদৰে পূজা কৰক হনুমানক, আচৰিত ফল পাব
ভগৱানৰ নাম ল'লে মনৰ সকলো ইচ্ছা পূৰণ হয় নেকি? ক'লে প্ৰেমানন্দ মহাৰাজে...
অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...