Operation Sindoor: মাত্ৰ ২৫ মিনিটত ভাৰতীয় সেনাই ধ্বংস কৰিছিল ৯ টা সন্ত্ৰাসবাদী শিবিৰ, জানক সকলো…

Operation Sindoor: অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত বৈদিশক সচিব বিক্ৰম মিশ্ৰী , কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু সেনাবাহিনীৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙে এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলত কোৱা হয় যে, কেনেকৈ চলিছিল এই আক্ৰমণ।

Operation Sindoor: মাত্ৰ ২৫ মিনিটত ভাৰতীয় সেনাই ধ্বংস কৰিছিল ৯ টা সন্ত্ৰাসবাদী শিবিৰ, জানক সকলো...

অপাৰেশ্যন সেন্দুৰ

Published: 

07 May 2025 11:43 AM

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ লয় ভাৰতে। ৬-৭ মে’ৰ মাজনিশা ভাৰতে পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে। এই আক্ৰমণৰ সময়ত ভাৰতীয় সেনাই লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদ আদিকে ধৰি বহু সন্ত্ৰাসবাদীৰ শিবিৰ লক্ষ্য কৰি লয়। অভিযান সফল হোৱাৰ পাছত ভাৰতে কয় যে, এই আক্ৰমণ আছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে। ইয়াত পাকিস্তানৰ সামৰিক শক্তিক আঘাত কৰা হোৱা নাছিল।

ইয়াৰ পাছতে বুধবাৰে সংবাদমেল সম্বোধন কৰি বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু সেনাবাহিনীৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙে ঘটনাৰ সবিশেষ জনায়। সংবাদমেলত মিশ্ৰীয়ে কয় যে লস্কৰ আৰু পাক প্ৰশিক্ষিত সন্ত্ৰাসবাদীয়ে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল সংঘাতক উচতনি দিয়া আৰু সেই ঠাইৰ উন্নয়ন তথা পৰ্যটন ক্ষেত্ৰৰ ক্ষতি সাধন কৰা।

ষ্ট্ৰাইক সন্দৰ্ভত বৈদেশিক সচিবগৰাকীয়ে কয় যে, ভাৰতে সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত নিখুঁত আক্ৰমণ চলাইছিল। এই অভিযানৰ সময়ত কোনো সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হোৱা নাছিল।  লগতে তেওঁ কয়, ২২ এপ্ৰিলত পহলগামত এক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। অতি নিষ্ঠুৰভাৱে এই আক্ৰমণ সংঘটিত কৰি পৰিয়ালৰ আগতে আপোনজনক হত্যা কৰা হৈছিল। লস্কৰ আৰু জইছ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল এই কাণ্ড। এয়া আছিল এক বৰ্বৰ আক্ৰমণ। জম্মু-কাশ্মীৰৰ স্বাভাৱিক পৰিস্থিতি পুনৰ বিঘ্নিত কৰিবলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছিল। এই আক্ৰমণৰ মূল উদ্দেশ্য আছিল পৰ্যটন আৰু পৰিৱেশ বিঘ্নিত কৰা, উন্নয়ন আৰু প্ৰগতিৰ ক্ষতি কৰা লগতে ইয়াক সন্ত্ৰাসবাদৰ উৰ্বৰ ভূমি হিচাপে গঢ়ি তোলা।

তেওঁ কয় যে, ভাৰতত সংঘাত কৰিবলৈ এই আক্ৰমণ সংঘটিত কৰিছিল। কিন্তু ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাই তেওঁলোকৰ উদ্দেশ্য বিফল কৰি তুলিলে। ইয়াৰ বাবে দেশৰ নাগৰিককো মিশ্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, এই আক্ৰমণত টি আৰ এফৰ ভূমিকাও পোহৰলৈ আহিছিল।

মিশ্ৰীয়ে লগতে কয় যে, মুম্বাই আক্ৰমণৰ পিছত যিকোনো আক্ৰমণত অসামৰিক লোকৰ মৃত্যুৰ ক্ষেত্ৰত এইটোৱেই আটাইতকৈ ডাঙৰ ঘটনা। পহলগামত আপোনজনৰ আগত পৰিয়ালৰ সদস্যক আক্ৰমণ কৰা হৈছিল। আনকি উভতি গৈ বাৰ্তা দিবলৈও কৈছিল। ৰাষ্ট্ৰসংঘই নিষিদ্ধ কৰা TRF লস্কৰৰ সৈতে জড়িত। এই কাণ্ডই পাকিস্তানৰ চৰিত্ৰ সমগ্ৰ দেশত উদঙাই দিছে বুলি তেওঁ কয়।

২৫ মিনিট চলিছিল আক্ৰমণ

কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে পহলগাম আক্ৰমণত নিহত হোৱাসকলৰ ন্যায়ৰ বাবে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰা হৈছিল। বুধবাৰে মাজনিশা ১.০৫ বজাৰ পৰা ১.৩০ বজালৈ এই আক্ৰমণ চলিছিল। অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে ৯ টা স্থানত আক্ৰমণ চলোৱা গৈছিল। ইয়াত কোনো সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হোৱা নাছিল। কেৱল সন্ত্ৰাসবাদী আক্ৰমণত জড়িত সকলহে লক্ষ্য আছিল।  ইয়াৰ দ্বাৰা সন্ত্ৰাসবাদীৰ মেৰুদণ্ড ভাঙিবলৈ চেষ্টা কৰা হৈছিল বুলিও তেওঁ কয়।

জানিব পৰা মতে, সেনাৰ আক্ৰমণৰ পূৰ্বে এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু ডিজিপিক অৱগত কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ সময়ত কেৱল পুৰুষ আৰু হিন্দু লোকক হত্যা কৰিছিল। এই আক্ৰমণ আছিল ভাৰতীয় সংস্কৃতি, সভ্যতাৰ ওপৰত কৰা আক্ৰমণ। যাৰ বাবে এই আক্ৰমণৰ নাম ৰাখে ‘অপাৰেশ্যন সেন্দূৰ’।

 

অন্য খবৰ পঢ়কঃ Operation Sindoor: পাকিস্তানে কিয় ভাৰতৰ বিৰুদ্ধে কোনো ডাঙৰ সিদ্ধান্ত ল’ব নোৱাৰে? জানক এই ৪ টা কাৰণ…

আৰু পঢ়কঃ Operation Sindoor: সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস, কিয় ভাৰতে অভিযানৰ নাম ৰাখিছিল ‘অপাৰেশ্যন সেন্দূৰ’, জানক…

Related Stories
Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
যুদ্ধবিৰতিৰ সন্দৰ্ভত বৈদেশিক সচিবক সমালোচনা কৰাটো ‘লজ্জাজনক’….বিক্ৰম মিশ্ৰীৰ সমৰ্থনত ৰাজনৈতিক নেতাৰ প্ৰতিক্ৰিয়া
৯টা সন্ত্ৰাসবাদী লঞ্চ পেড, ১০০ সন্ত্ৰাসবাদী… অপাৰেচন সেন্দূৰৰ খতিয়ান দিলে ভাৰতীয় সেনাই
‘তাৰ পৰা যদি গুলী চলে…’, অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল এনে স্পষ্ট নিৰ্দেশনা
Colonel Sofiya Qureshi: কৰ্ণেল ছফিয়া কুৰেশ্বীৰ তেজত বৈছে দেশপ্ৰেম, কি কথা শুনি সেনাবাহিনীত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল?
যুদ্ধবিৰতিৰ পিছত বিশেষ তিনিটা বিষয়ত ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী পাকিস্তান! খোৱাজা আছিফে ক’লে…
হাড়তো হ'ব পাৰে টিবি ৰোগ, জানক ইয়াৰ মূল লক্ষণসমূহ কি কি?
কেঁচা গাখীৰ খোৱা উচিত হয় নে? বিশেষজ্ঞসকলে কি কয় জানো আহক
সোমবাৰে কৰক এই ৫টা সহজ কাম, ভগৱান শিৱ সন্তুষ্ট হ'ব আপোনাৰ পূজাত!
আই পি এল স্থগিত নৰখা হ’লেই বৃহৎ লোকচানৰ সন্মুখীন হ’লহেঁতেন আৰ চি বি!