ৰাষ্ট্ৰীয় মঞ্চত একক কণ্ঠ উত্থাপনৰ লক্ষ্যৰে একক ৰাজনৈতিক সত্তা গঠন উত্তৰ-পূবৰ নেতাৰ

“ONE NORTH EAST” শীৰ্ষক এক যৌথ বিবৃতিত ৰূপৰেখা প্ৰস্তুত কৰা এই পদক্ষেপে দলীয় সীমা অতিক্ৰম কৰি এটা ৰাজনৈতিক মঞ্চৰ অধীনত আঞ্চলিক আকাংক্ষাক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।

ৰাষ্ট্ৰীয় মঞ্চত একক কণ্ঠ উত্থাপনৰ লক্ষ্যৰে একক ৰাজনৈতিক সত্তা গঠন উত্তৰ-পূবৰ নেতাৰ

একক ৰাজনৈতিক সত্তা গঠন

Published: 

04 Nov 2025 16:13 PM

মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেশ্যনেল পিপলছ পাৰ্টিৰ সভাপতি কনৰাড চাংমাকে ধৰি উত্তৰ-পূবৰ চাৰিটা ভিন্ন দলৰ নেতাই মঙলবাৰে ঘোষণা কৰে যে তেওঁলোকে অঞ্চলটোৰ সমস্যা উত্থাপন কৰিবলৈ একক ৰাজনৈতিক সত্তা গঠন কৰিব।

এই সিদ্ধান্ত ঘোষণা কৰা যৌথ বিবৃতিত স্বাক্ষৰকাৰীসকলৰ ভিতৰত টিপ্ৰা মোথাৰ প্ৰদ্যুৎ মাণিক্য, পিপলছ পাৰ্টি অসমৰ নেতা ডেনিয়েল লাংথাছা আৰু বিজেপিৰ মুখপাত্ৰ মমহোনলুমো কিকন আদি অন্যতম। “ONE NORTH EAST” শীৰ্ষক এক যৌথ বিবৃতিত ৰূপৰেখা প্ৰস্তুত কৰা এই পদক্ষেপে দলীয় সীমা অতিক্ৰম কৰি এটা ৰাজনৈতিক মঞ্চৰ অধীনত আঞ্চলিক আকাংক্ষাক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।

ৰাজ্য শাসনৰ দায়িত্বত থকা মিজোৰামৰ জোৰাম পিপলছ মুভমেণ্ট, নাগালেণ্ডৰ নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি আৰু অসমত বিজেপিৰ চৰকাৰৰ অংশীদাৰ অসম গণ পৰিষদ এই প্ৰস্তাৱিত ৰাজনৈতিক সত্তাৰ অংশ নহয়।

নেতাসকলে যৌথ বিবৃতিত কৈছে, “আমি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ নেতাসকলে আজি একত্ৰিত হৈ এক সামূহিক আৰু ঐতিহাসিক ঘোষণা কৰিছোঁ। অৰ্থাৎ আমাৰ অঞ্চলৰ বিভিন্ন কণ্ঠ একত্ৰিত হৈ এক ঐক্যবদ্ধ একক ৰাজনৈতিক সত্তা গঠন কৰিছো, যিয়ে আমাৰ জনসাধাৰণৰ আকাংক্ষাক সঁচা অৰ্থত প্ৰতিনিধিত্ব কৰে।”

তেওঁলোকৰ “শক্তি ঐক্যত নিহিত হৈ আছে” বুলি জোৰ দি “উত্তৰ-পূবৰ নৱ প্ৰজন্ম” বুলি বৰ্ণনা নেতাসকলে কৰি কয় যে খণ্ডিত ৰাজনৈতিক আখ্যানৰ বাহিৰলৈ যোৱাৰ সময় আহি পৰিছে। যৌথ বিবৃতিটোত কোৱা হৈছে, “বহু দিন ধৰি আমি আমাৰ জনসাধাৰণৰ একেবোৰ বিষয় আৰু উদ্বেগক লৈ কথা পাতিছো, কিন্তু বিভিন্ন মঞ্চৰ পৰা। আমি উপলব্ধি কৰিছো যে আমাৰ জনসাধাৰণক এটা সামূহিক কণ্ঠ দিয়াৰ সময় আহি পৰিছে।”

নেতাসকলে দৃঢ়তাৰে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক “ৰাষ্ট্ৰীয় পৰ্যায়ত এক শক্তিশালী, ঐক্যবদ্ধ, আৰু খিলঞ্জীয়া ৰাজনৈতিক কণ্ঠৰ জৰিয়তে শুনা, সন্মান আৰু প্ৰতিনিধিত্ব কৰাৰ যোগ্য।”

ইয়াক বৃহত্তৰ যাত্ৰাৰ “প্ৰথম পদক্ষেপ” হিচাপে চিহ্নিত কৰি তেওঁলোকে প্ৰস্তাৱিত সত্তাটোৰ পদ্ধতি, গঠন আৰু ভৱিষ্যতৰ ৰোডমেপৰ ওপৰত আলোচনা কৰিবলৈ এখন সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে।

“অঞ্চলটোৰ মৰ্যাদা আৰু পৰিচয়ৰ বাবে নিস্বাৰ্থভাৱে যুঁজ দিয়া” অতীতৰ নেতাসকলৰ পৰা প্ৰেৰণা লৈ “একেলগে আমি এক শক্তিশালী, অধিক ঐক্যবদ্ধ উত্তৰ-পূৰ্বাঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো” শীৰ্ষক এক শক্তিশালী প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়।

শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ
এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...
কিডনী ষ্টোন হ'লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক