ভাৰত-পাক যুদ্ধবিৰতিত ভূমিকা নাছিল আমেৰিকাৰ! ট্ৰাম্পৰ দাবী খাৰিজ কৰিলে জয়শংকৰে

জয়শংকৰে উল্লেখ কৰা মতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ৯ মে’ত প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কৰিছিল। এই ফোনকলত ভেন্সে মোদীৰ আগত পাকিস্তানে এক ডাঙৰ আক্ৰমণৰ বাবে সাজু হোৱাৰ কথা জনোৱা বুলি জয়শংকৰে কয়।

ভাৰত-পাক যুদ্ধবিৰতিত ভূমিকা নাছিল আমেৰিকাৰ! ট্ৰাম্পৰ দাবী খাৰিজ কৰিলে জয়শংকৰে

লোকসভাত বৈদেশিক মন্ত্ৰী জয়শংকৰ

Published: 

28 Jul 2025 20:25 PM

লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত আজিৰ পৰা অপাৰেচন সেন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। এই আলোচনাৰ সময়তে আজি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে অপাৰেচন সেন্দূৰ সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি জয়শংকৰে ভাৰতৰ এই স্থিতি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উপস্থাপন কৰা বুলি জানিবলৈ দিয়ে বিশ্ববাসীৰ আগত ভাৰতৰ এই স্থিতি দাঙি ধৰাৰ লগতে  নিৰাপত্তা পৰিষদে ভাৰতৰ পক্ষ সমৰ্থন কৰা বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে

এছ জয়শংকৰে লগতে পাকিস্তানৰ ষড়যন্ত্ৰ উদঙাই দিয়াটোৱেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কাম আছিল আৰু এইক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ ল’ব লগা হৈছিল বুলিও দোহাৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি কঠোৰ পদক্ষেপ লৈছিলো। আমি বিশ্বৰ সন্মুখত পাকিস্তানক উদঙাই দিলো।”- এইদৰে কয় জয়শংকৰে ইয়াৰ মাজতে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘটোৱা বুলি কৰা দাবীও নাকচ কৰে।

সদনত ভাষণ প্ৰদান কৰি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে পহলগাম আক্ৰমণৰ পিছত স্পষ্ট, শক্তিশালী আৰু দৃঢ় বাৰ্তা প্ৰেৰণ কৰাটো প্ৰয়োজনীয় আছিল। ইয়াৰ পৰিণতি যে ভয়াৱহ হ’ব সেয়া আমি স্পষ্ট কৰি দিছিলো বুলিও উল্লেখ কৰে জয়শংকৰে। সেই উদ্দেশ্যে প্ৰথম পদক্ষেপ হিচাপে ২৩ এপ্ৰিলত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয় বুলি সদৰী কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে।

তেওঁ সদৰী কৰা মতে, এই বৈঠকত ৫টা সিদ্ধান্ত লোৱা হৈছিল। এই সিদ্ধান্তসমূহ আছিল ক্ৰমে

পাকিস্তানে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন বন্ধ নকৰালৈকে ১৯৬০ চনৰ সিন্ধু জল চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হ’ব।

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আট্টাৰী চেক প’ষ্ট বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।

SARCৰ ভিছা ৰেহাই আঁচনিৰ অধীনত যাত্ৰা কৰা পাকিস্তানী নাগৰিকক এই সুবিধাৰ পুনৰাই নিদিয়াৰ সিদ্ধান্ত লোৱা হয়।

পাকিস্তান উচ্চায়ুক্তৰ প্ৰতিৰক্ষা, নৌসেনা আৰু বায়ু উপদেষ্টাসকলক ‘persona non grata’ হিচাপে ঘোষণা কৰা হ’ব।

উচ্চায়ুক্তৰ সংখ্যা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰা হ’ব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে এই কেবিনেট কমিটীৰ প্ৰথম পদক্ষেপৰ পিছত পহলগাম আক্ৰমণৰ প্ৰতি ভাৰতৰ সঁহাৰি যে ইয়াতেই স্তব্ধ নহ’ব সেয়া অতি স্পষ্ট হৈ পৰিছিল। পহলগাম আক্ৰমণক বিশ্বৰ সমুখত দাঙি ধৰাটো কূটনৈতিক আৰু বৈদেশিক নীতিৰ দৃষ্টিকোণৰ পৰা বৈদেশিক মন্ত্ৰালয়ৰ প্ৰধান কাম আছিল বুলি তেওঁ লগতে দোহাৰে।

পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদৰ দীৰ্ঘদিনীয়া ব্যৱহাৰৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভালদৰে তুলি ধৰা মন্ত্ৰালয়ৰ দায়িত্ব আছিল বুলি তেওঁ কয় সেয়ে জম্মু-কাশ্মীৰৰ অৰ্থনীতিক লক্ষ্য কৰি ভাৰতৰ জনসাধাৰণৰ মাজত সাম্প্ৰদায়িক বিদ্বেষ বিয়পাই দিয়াৰ লক্ষ্যৰে কিদৰে পহলগাম আক্ৰমণ কৰা হৈছিল সেয়া বিশ্বৰ আগত প্ৰকাশ কৰা হৈছিল বুলি ভাষণত উল্লেখ কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে।

ইফালে নাল্ড ট্ৰাম্পৰ দাবী সন্দৰ্ভতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে জয়শংকৰে উল্লেখ কৰা মতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ৯ মে’ত প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কৰিছিল। এই ফোনকলত ভেন্সে মোদীৰ আগত পাকিস্তানে এক ডাঙৰ আক্ৰমণৰ বাবে সাজু হোৱাৰ কথা জনোৱা বুলি জয়শংকৰে কয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক ভাৰতে উপযুক্ত উত্তৰ দিব বুলি স্পষ্ট কৰি দিয়াৰ কথাও বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয়।

সেই অনুসৰি ভাৰতে পাকিস্তানক শক্তিশালীভাৱে উত্তৰ দিলে বুলি ভাষণত কয় বৈদেশিক মন্ত্ৰী জয়শংকৰে এই প্ৰসঙ্গতে তেওঁ ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ অৱসান ঘটোৱা বুলি কৰা দাবী নাকচ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ক্ষেত্ৰত কোনো মধ্যস্থতাকাৰী নাছিল বুলি জয়শংকৰে স্পষ্ট কৰি দিয়ে।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...