নীতিন গাডকাৰীক কোনে অফাৰ কৰিছিল প্ৰধানমন্ত্ৰীৰ পদ ?

২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ দৌৰত নীতিন গাডকাৰীৰ নাম বিশেষ চৰ্চাত আছিল। নাগপুৰ লোকসভা নিৰ্বাচনৰ পৰা ৩ বাৰকৈ জয়লাভ কৰা গাডকাৰীয়ে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা।

নীতিন গাডকাৰীক কোনে অফাৰ কৰিছিল প্ৰধানমন্ত্ৰীৰ পদ ?

নীতিন গাডকাৰী

Published: 

15 Sep 2024 | 03:40 PM

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ এক মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে। শনিবাৰে এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি গাডকাৰীয়ে কয় যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলৰ এজন জ্যেষ্ঠ নেতাই তেওঁৰ লগত যোগাযোগ স্থাপন কৰি কৈছিল যে যদি আপুনি প্ৰধানমন্ত্ৰী হয় তেন্তে আপোনাক সমৰ্থন জনাম । কিন্তু সেই প্ৰস্তাৱ তেওঁ পলকতে নাকচ কৰি দিছিল। অৱশ্যে কোন নেতাই তেওঁক এই অফাৰ দিছিল সেয়া উল্লেখ নকৰিলে।

গাডকাৰীয়ে কয়, মই তেওঁক সুধিছিলো যে তেওঁ মোক কিয় সমৰ্থন দিব বিচাৰিছে। আৰু মই কিয় সমৰ্থন ল’ব  লাগে।  তেওঁ কয়, প্ৰধানমন্ত্ৰী হোৱাই মোৰ উদ্দেশ্য নহয়। মই মোৰ বিচাৰ আৰু প্ৰতিবদ্ধতাত দৃঢ়। সাংবাদিকতা হওক বা আমোলাতন্ত্ৰ,ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি প্ৰত্যয় বুলি ভাবো। গণতন্ত্ৰক শক্তিশালী কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গাডকাৰীয়ে কয়, মই এনে এটা দলত আছো যিয়ে মোক সকলো দিছে। গতিকে কোনো ধৰণৰ কথাই মোক প্ৰলোভিত কৰিব নোৱাৰে। মই এক নীতি আৰু বিশ্বাসৰ মাজেৰে ডাঙৰ হৈছো আৰু তাৰ ক্ষেত্ৰত মই কেতিয়াও বুজা বুজি নকৰো।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিদৰ্ভ গৌৰৱ পত্ৰকাৰিতা সমাৰোহত এই মন্তব্য কৰে। তেওঁ কয়, সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। ন্যায়পালিকা, কাৰ্যপালিকা, বিধান মণ্ডল আৰু সংবাদ মাধ্যমে যেতিয়া নিজৰ আদৰ্শ অনুসৰণ কৰে তেতিয়া গণতন্ত্ৰ সফল হ’ব। আমি ভাৰতীয়সকল বিশ্বৰ গণতন্ত্ৰৰ মাতৃ।

এই সন্দৰ্ভত শিৱসেনা(UBT)ৰ নেতা সঞ্জয় ৰাৱটে কয় যে, নীতিন গাডকাৰী এজন সৰ্বস্বীকৃতি প্ৰাপ্ত নেতা। যদি বিৰোধিয়ে তেওঁক প্ৰধানমন্ত্ৰী পদ অফাৰ কৰিছিল তেন্তে তাত কোনো ভুল নাছিল। ১৯৭৭ চনত কংগ্ৰেছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল জনজীৱন ৰামে। তাৰ পাছত পৰাজয় বৰণ কৰিছিল ইন্দিৰা গান্ধীয়ে। এই দেশত যদি স্বাধীনতা, গণতন্ত্ৰ আৰু ন্যায়পালিকাৰ স্বাধীনতা বজাই ৰাখিব লাগে তেন্তে শাসনত থকাৰ পাছতো কিছুমানে ত্যাগ কৰাতো প্ৰয়োজনীয় হৈ পৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ দৌৰত নীতিন গাডকাৰীৰ নাম বিশেষ চৰ্চাত আছিল। নাগপুৰ লোকসভা নিৰ্বাচনৰ পৰা ৩ বাৰকৈ জয়লাভ কৰা গাডকাৰীয়ে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ পৰাই তেওঁ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয় পদত অধিষ্ঠিত হৈ আহিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত গাডকাৰীয়ে কংগ্ৰেছ প্ৰতিদ্বন্দ্বীক ১,৩১,৬০৩ টা ভোটত পৰাস্ত কৰিছিল। অৱশ্যে ২০১৯ ৰ তুলনাত গাডকাৰীৰ ভোটৰ পৰিমাণ কিছু কমি গৈছিল। ২০১৯ চনত কংগ্ৰেছৰ নানা পটোলেক তেওঁ ২,১৬,০০০ ভোটত পৰাস্ত কৰিছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...