অযোধ্যাৰ ৰাম মন্দিৰত নামাজ আদায় কৰাৰ চেষ্টা যুৱকৰ, তাৰ পিছত…

অযোধ্যাৰ ৰাম মন্দিৰ কমপ্লেক্সৰ সমীপত নামাজ আদায়ৰ চেষ্টা কৰা এজন যুৱকক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে ৰখিব দিয়াৰ লগে লগে লোকজনে এটা বিশেষ সম্প্ৰদায়ৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। যুৱকজন কাশ্মীৰৰ শ্বোপিয়ান নিবাসী আহমেদ শ্বেখ বুলি জানিব পৰা গৈছে।

অযোধ্যাৰ ৰাম মন্দিৰত নামাজ আদায় কৰাৰ চেষ্টা যুৱকৰ, তাৰ পিছত...

অযোধ্যাৰ ৰাম মন্দিৰ

Updated On: 

10 Jan 2026 | 07:24 PM

অযোধ্যা ৰাম মন্দিৰ চৌহদৰ ভিতৰত এজন মুছলমান যুৱকে নামাজ পঢ়াৰ ঘটনা পোহৰলৈ আহিছে। ৰাম মন্দিৰৰ চৌহদৰ ভিতৰত ধৰ্মীয় কাম-কাজ কৰি থকা অৱস্থাত সমাজৰ একাংশ লোকে আটক কৰে এজন যুৱকক। মন্দিৰ চৌহদৰ ভিতৰত নামাজ আদায় কৰা যুৱকজন এটা বিশেষ সম্প্ৰদায়ৰ বুলি কোৱা হৈছে। ধৃত যুৱকজনে ৰাম মন্দিৰ কমপ্লেক্সৰ ভিতৰতে নামাজ পঢ়াৰ চেষ্টা চলাছিল।

অযোধ্যাৰ ৰাম মন্দিৰ কমপ্লেক্সৰ সমীপত নামাজ আদায়ৰ চেষ্টা কৰা এজন যুৱকক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে ৰখিব দিয়াৰ লগে লগে লোকজনে এটা বিশেষ সম্প্ৰদায়ৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। যুৱকজন কাশ্মীৰৰ শ্বোপিয়ান নিবাসী আহমেদ শ্বেখ বুলি জানিব পৰা গৈছে।

মন্দিৰ কমপ্লেক্সত উপস্থিত থকা লোকসকলে জনোৱা মতে, যুৱকজনে নিৰাপত্তাৰক্ষীয়ে ৰখাওতে শ্লোগান দিবলৈ আৰম্ভ কৰে। তাৰ পিছত ঘটনাস্থলীত উপস্থিত থকা নিৰাপত্তা বাহিনীয়ে লগে লগে তেওঁক আটক কৰে। এই কাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে চোৰাংচোৱা সংস্থা, স্থানীয় আৰক্ষী, আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে তদন্তত লিপ্ত হয়। যুৱকজনক বৰ্তমান সোধা-পোছা কৰি থকা হৈছে। এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য পোহৰলৈ অনাৰ বাবে অব্যাহত আছে এক সম্যক তদন্ত।

খবৰ অনুসৰি আহমেদ শ্বেখ গেট ডি ১ৰ মাজেৰে মন্দিৰত প্ৰৱেশ কৰে। যুৱকজনে ৰাম মন্দিৰ কমপ্লেক্সৰ দক্ষিণ প্ৰাচীৰত নামাজ আদায় থকা অৱস্থাত একাংশ লোকৰ চকুত পৰে। নিৰাপত্তাৰক্ষীয়ে তেওঁক ৰখাবলৈ চেষ্টা কৰে। এই হুলস্থূলৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযুক্ত যুৱকজনক আটক কৰে। ধৃত যুৱকজনক চোৰাংচোৱা সংস্থা, আৰক্ষী, আৰু উচ্চপদস্থ বিষয়াই জেৰা অব্যাহত ৰাখিছে।

মন্দিৰ কমপ্লেক্সত নামজ আগবঢ়োৱাৰ কাণ্ডৰ পিছতে তদন্তত লিপ্ত হয়  আৰক্ষী। মহানগৰীত কাশ্মীৰী চাদৰ বিক্ৰী কৰা লোকসকলকো আৰক্ষীয়ে আটক কৰি ৰাখিছে আৰু সোধা-পোছা অব্যাহত ৰাখিছে। আজি পুৱা এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত ৰাম মন্দিৰ ট্ৰাষ্টে কোনো বিবৃতি প্ৰকাশ কৰা নাই।

ভাৰতৰ ১০০ টকা এইখন দেশত হৈ পৰে ২০,০০০! জানক...
শীতত কিডনীক প্ৰয়োজন বিশেষ যত্নৰ, এইসমূহ খাদ্যই বচাই ৰাখিব সমস্যাৰ পৰা
পুৱা সাৰ পোৱাৰ পাছতে গেছৰ সমস্যা হয় নেকি? ই কিহৰ ইংগিত, জানক...
কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ