মায়ানগৰী মুম্বাইত হাই এলাৰ্ট জাৰী, ৪০০ কিলোগ্ৰাম RDX সহ ৩৪ টা মানৱ বোমা স্থাপনৰ ভাবুকি লস্কৰ-ই-জেহাদীৰ

শুকুৰবাৰে মুম্বাই আৰক্ষীয়ে কয় যে এটা ভাবুকি ভৰা ফোনকলত ফোন কৰাজনে দাবী কৰিছে যে ৩৪খন বাহনত “৪০০ কিলোগ্ৰাম আৰ ডি এক্স” কঢ়িয়াই অনা ৩৪টা “মানৱ বোমা” স্থাপন কৰা হৈছে, যিটো বিস্ফোৰণে “গোটেই চহৰখনক জোকাৰি যাব”।

মায়ানগৰী মুম্বাইত হাই এলাৰ্ট জাৰী, ৪০০ কিলোগ্ৰাম RDX সহ ৩৪ টা মানৱ বোমা স্থাপনৰ ভাবুকি লস্কৰ-ই-জেহাদীৰ

মুম্বাইত হাই এলাৰ্ট

Updated On: 

05 Sep 2025 14:41 PM

পুনৰ মুম্বাই মায়ানগৰীত বিস্ফোৰণৰ ভাবুকি। ফোনযোগে ভাবুকি দিয়া হৈছে বিস্ফোৰণৰ। শুকুৰবাৰে মুম্বাই আৰক্ষীয়ে কয় যে এটা ভাবুকি ভৰা ফোনকলত ফোন কৰাজনে দাবী কৰিছে যে ৩৪খন বাহনত “৪০০ কিলোগ্ৰাম RDX” কঢ়িয়াই অনা ৩৪টা “মানৱ বোমা” স্থাপন কৰা হৈছে, যিটো বিস্ফোৰণে “গোটেই চহৰখনক জোকাৰি যাব”। ট্ৰেফিক আৰক্ষীৰ হেল্পলাইনত আহিছিল এই ভাবুকিপূৰ্ণ ফোন। সংবাদ সংস্থা পিটিআইক জনাইছে আৰক্ষীয়ে।

অনন্ত চতুৰ্দশীৰ প্ৰাকক্ষণত লস্কৰ-ই-জিহাদী নামৰ এটা সংগঠনে এই ভাবুকি প্ৰদান কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে। এই ভাবুকি লাভৰ পাছতেই সমগ্ৰ মুম্বাই তথা মহাৰাষ্ট্ৰত নিৰাপত্তা বৃদ্ধি কৰা বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰে। সংগঠনটোৱে ১৪ টা পাকিস্তানী সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশ কৰা বুলিও দাবী কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, ভাবুকি বাৰ্তাত দাবী কৰা হৈছে যে মানৱ বোমা কঢ়িয়াই অনা ৩৪খন গাড়ীৰ সহায়ত ৪০০ কিলোগ্ৰাম RDX বিস্ফোৰণ কৰা হ’ব, যাৰ ফলত প্ৰায় এক কোটি লোকৰ মৃত্যু হ’ব।

আৰক্ষীয়ে নাগৰিকসকলক উৰাবাতৰিত পতিয়ন নাযাবলৈ আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে তৎকালীনভাৱে খবৰ দিবলৈ আহ্বান জনাইছে। নিৰাপদ আৰু শান্তিপূৰ্ণভাৱে অনন্ত চতুৰ্দশী উদযাপনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি নিশ্চিত কৰিছে মুম্বাই আৰক্ষীয়ে।

সোমবাৰে মহাৰাষ্ট্ৰৰ থানে জিলাৰ ৰে’ল ষ্টেচন বিস্ফোৰণৰ সন্দৰ্ভত ভুৱা বোমাৰ ভাবুকি দিয়াৰ অভিযোগত ৪৩ বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ৰে’লৱে আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে বিয়লি প্ৰায় ৪ বজাত ৰূপেশ মধুকৰ ৰণপাইছে নামৰ অভিযুক্তজনে আৰক্ষীৰ হেল্পলাইন নম্বৰত ফোন কৰি কলৱা ৰে’লৱে ষ্টেচনত বোমা স্থাপন কৰা বুলি অৱগত কৰে। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা।

আগষ্ট মাহত দক্ষিণ মুম্বাইৰ গিৰগাঁও অঞ্চলৰ ইস্কন মন্দিৰলৈ বোমাৰ ভাবুকি ভৰা ইমেইল আহিছিল, মন্দিৰ চৌহদত পুংখানুপুংখভাৱে তালাচী চলোৱাৰ পিছত এই ভাবুকি ভুৱা বুলি প্ৰমাণিত হৈছিল। ২২ আগষ্টৰ সন্ধিয়া মন্দিৰ প্ৰশাসনে বিভাগীয় ইমেইল আইডিত এটা ইমেইল লাভ কৰিছিল, য’ত বোমা বিস্ফোৰণৰ সতৰ্কবাণী দিয়া হৈছিল বুলি এগৰাকী বিষয়াই জনায়।

বিষয়াগৰাকীয়ে কয় যে মন্দিৰৰ বিষয়াসকলে আৰক্ষীক অৱগত কৰে, তাৰ পিছত নিশা চৌহদত বোমা ধৰা পেলোৱা আৰু নিস্ক্ৰীয়কাৰী স্কোয়াড (বিডিডিএছ)ৰ সৈতে তালাচী চলোৱা হয়। আৰক্ষীয়ে অনুসন্ধানৰ সময়ত সন্দেহজনক একো সামগ্ৰী পোৱা নাছিল, আৰু ইয়াক ভুৱা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে বুলিও তেওঁ কয়। ছেপ্টেম্বৰ মাহতো মন্দিৰটোলৈ একেধৰণৰ ভাবুকিপূৰ্ণ ইমেইল আহিছিল বুলি তেওঁ কয়।

ইফালে ২৫ জুলাইত মুম্বাই আৰক্ষীয়ে ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ত বোমা বিস্ফোৰণৰ ভাবুকিৰ ফোন লাভ কৰে। কিন্তু আৰক্ষীৰ তালাচীত সন্দেহজনক কোনো সামগ্ৰী পোৱা নগ’ল।

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে সৰ্বনাশ!
জটিল স্বাস্থ্যজনিত সমস্যাৰ এটা সৰল প্ৰতিকাৰ, কিয় দৈনিক নৰিসংহ পাত খাব লাগে?
কেঁচা পিঁয়াজৰ এনে গুণাৱলীৰ কথা জানেনে? জানিলে আপুনিও নিতে ল’ব খাবলৈ
চাণক্য নীতি: সন্মানীয় আৰু সফল হ'বলৈ থাকিব লাগিব এই ৪টা গুণ