ঘটনাৰ বাস্তৱতকৈ বিজেপি নেতাৰ ভাবমূৰ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হ’ল: প্ৰধানমন্ত্ৰীক তীব্ৰ কটাক্ষ গৌৰৱ গগৈৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “দুবছৰ পলমকৈ” মণিপুৰ ভ্ৰমণ কৰা কাৰ্যক সমালোচনা কৰি লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে দাবী কৰে যে এই ভ্ৰমণত পটভূমিৰ বাস্তৱ কাহিনীতকৈ বিজেপি নেতাৰ ভাবমূৰ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে।

প্ৰধানমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ
ভয়ানক গোষ্ঠী সংঘৰ্ষৰ প্ৰায় দুবছৰৰ পাছত আজি মণিপুৰত পদাৰ্পণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংঘাতৰ সময়ৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ নকৰাক লৈ তীব্ৰ সমালোচনা কৰিছিল বিৰোধীয়ে। আজি মণিপুৰত উপস্থিত হোৱাৰ পাছতো বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰীগৰাকী। বিমানবন্দৰৰ পৰা গাড়ীৰে গোষ্ঠী সংঘৰ্ষৰ মূলকেন্দ্ৰ হিচাপে চিহ্নিত চুৰাচান্দপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী। তাত তেওঁ এই সংঘৰ্ষৰ ফলত গৃহহাৰা হোৱা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “দুবছৰ পলমকৈ” মণিপুৰ ভ্ৰমণ কৰা কাৰ্যক সমালোচনা কৰি লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে দাবী কৰে যে এই ভ্ৰমণত পটভূমিৰ বাস্তৱ কাহিনীতকৈ বিজেপি নেতাৰ ভাবমূৰ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে।
২০২৩ চনৰ মে’ মাহত জাতিগত সংঘাতৰ সৃষ্টি হোৱাৰ সময়ত উত্তৰ-পূব ৰাজ্যখনত শান্তিৰ দিশত প্ৰথম পদক্ষেপ ল’ব লাগিছিল বুলিও কয় গৌৰৱ গগৈয়ে। মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত কমেও ২৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে। প্ৰধানমন্ত্ৰীক ৰাজ্যখন ভ্ৰমণ নকৰাৰ বাবে বিৰোধী দলসমূহে সমালোচনা কৰি আহিছে।
The first step on the journey to peace and healing in Manipur should have been Prime Minister Modi’s visit to the state two years ago. Now two years late his visit should primarily be about respecting the sentiments of the Northeast. Instead the optics are tone deaf and…
— Gaurav Gogoi (@GauravGogoiAsm) September 13, 2025
‘‘মণিপুৰৰ শান্তি আৰু সংঘাত ৰোধৰ প্ৰথম পদক্ষেপ হিচাপে দুবছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখন ভ্ৰমণ কৰিব লাগিছিল।’’ এক্সত এক পোষ্টত গগৈয়ে কয়।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে লগতে কয়, ‘‘এতিয়া দুবছৰ পলমকৈ তেওঁৰ ভ্ৰমণত মূলতঃ উত্তৰ-পূৱৰ আৱেগক সন্মান কৰা উচিত আছিল। কিন্তু পৰিস্থিতিৰ বাস্তৱতাত কৈ প্ৰধানমন্ত্ৰীৰ ভাবমূৰ্তিত মনোনিৱেশ কৰা হৈছে।’’
ইফালে কংগ্ৰেছ দলৰ আন কেবাজনো নেতায়ো প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক সমালোচনা কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই মোদীয়ে নিজৰ বাবে এক বৃহৎ আদৰণি অনুষ্ঠান আয়োজন কৰাৰ অভিযোগ উত্থাপন কৰি দাবী কৰে যে ভুক্তভোগীসকলৰ কটা ঘাঁত এয়া “এক নিষ্ঠুৰ আঘাত”।
.@narendramodi ji
Your 3-hour PIT STOP in Manipur is not compassion — it’s farce, tokenism, and a grave insult to a wounded people.
Your so-called ROADSHOW in Imphal and Churachandpur today, is nothing but a cowardly escape from hearing the cries of people in relief camps!…
— Mallikarjun Kharge (@kharge) September 13, 2025
“নিজৰ কথাত… ক’ত আপোনাৰ ৰাজধৰ্ম?” মোদীৰ মণিপুৰ ভ্ৰমণৰ ঠিক আগতেই এক্সত প্ৰশ্ন কৰিছিল খাৰ্গেই। “নৰেন্দ্ৰ মোদী জী, মণিপুৰত আপোনাৰ ৩ ঘণ্টীয়া পিট ষ্টপটো মমতা নহয় — প্ৰহসন, টোকেনিছ, আৰু আহত লোকক এক গুৰুতৰ অপমান। আজি ইম্ফল আৰু চুৰাচান্দপুৰত আপোনাৰ তথাকথিত ৰোডশ্ব’, ৰিলিফ কেম্পত থকা মানুহৰ কান্দোন শুনি ভীৰুৰ দৰে পলায়নৰ বাহিৰে আন একো নহয়!” কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে এক্সত কৰা পোষ্টত এইদৰে কয়।
ৱায়ানাডত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই প্ৰধানমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ বহু আগতেই ৰাজ্যখন ভ্ৰমণ কৰিব লাগিছিল।
“মই আনন্দিত যে তেওঁ সিদ্ধান্ত লৈছে, দুবছৰৰ পিছত, যে ই (মণিপুৰ) ভ্ৰমণৰ যোগ্য। তেওঁ বহু আগতেই যাব লাগিছিল। ইমান দিনে তাত যি হৈ আছে আৰু ইমানবোৰ লোকক হত্যা কৰিবলৈ দিয়াটো অতি দুৰ্ভাগ্যজনক। ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ পৰম্পৰা সেয়া নহয়।”
কুকি সংখ্যাগৰিষ্ঠ চুৰাচান্দপুৰ আৰু মেইটেইৰ দুৰ্গ ৰাজ্যৰ ৰাজধানী ইম্ফল ভ্ৰমণৰ সময়ত মোদীয়ে দুয়োটা স্থানৰ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকৰ সৈতে মত বিনিময় কৰে। লগতে নগৰ দুখনত ৰাজহুৱা সভাত ভাষণ দি ৰাজ্যখনৰ বাবে ৮৫০০ কোটি টকাৰ প্ৰকল্পৰ কথা ঘোষণা কৰে।