৮৮ মিনিট মুখামুখিকৈ মোদী-শ্বাহ-ৰাহুল, ৰুদ্ধদ্বাৰ বৈঠকত কি বিষয়ৰ আলোচনা কৰিলে তিনিওজনে?

৮৮ মিনিটৰ ৰুদ্ধদ্বাৰ বৈঠক। সমুখা-সমুখিকৈ বহিল তিনিজন পৰিচিত ৰাজনৈতিক নেতা। এই বৈঠক অৱশ্যে সাংবিধানিক নিয়ম অনুসৰি হৈছিল। যেতিয়া সমগ্ৰ বিষয়টো সাংবিধানিক নীতি অনুসৰি কৰা হৈছিল, তেন্তে ইয়াক লৈ ইমান চৰ্চা কিয়? একাংশৰ মতে এই ক্ষেত্ৰত সময় এটা ডাঙৰ কাৰক।

৮৮ মিনিট মুখামুখিকৈ মোদী-শ্বাহ-ৰাহুল, ৰুদ্ধদ্বাৰ বৈঠকত কি বিষয়ৰ আলোচনা কৰিলে তিনিওজনে?

মোদী-শ্বাহ-ৰাহুলৰ বৈঠক

Published: 

11 Dec 2025 | 01:41 PM

এখন টেবুল, তিনিখন চকী। বহি আছে দেশৰ ৰাজনীতিৰ তিনিখন পৰিচিত মুখ। ইয়াৰে দুজন একেটা মেৰুৰ, আনজন অন্য এক পক্ষৰ। যাক লৈ নতুন দিল্লীৰ লগতে দেশৰ চুকে-কোণে আলোচনা চলি থাকে। এই তিনি নেতা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। ৮৮ মিনিটৰ বাবে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় তিনিওজন। কিন্তু কিয়?

এই বৈঠক অৱশ্যে সাংবিধানিক নিয়ম অনুসৰি হৈছিল। তিনিওজনে মুখামুখিকৈ ​​বহি কেন্দ্ৰীয় তথ্য আয়ুক্ত আৰু আঠজন তথ্য আয়ুক্তৰ নিযুক্তিৰ লগতে পৰৱৰ্তী ভিজিলেন্স আয়ুক্তৰ নিযুক্তি সন্দৰ্ভত আলোচনা কৰে। কিন্তু যেতিয়া সমগ্ৰ বিষয়টো সাংবিধানিক নীতি অনুসৰি কৰা হৈছিল, তেন্তে ইয়াক লৈ ইমান চৰ্চা কিয়? একাংশৰ মতে এই ক্ষেত্ৰত সময় এটা ডাঙৰ কাৰক। তিনিওজন নেতা ইমান সময় মুখামুখিকৈ মিলিত হোৱা, সেইটোও শীতকালীন অধিবেশনৰ সময়ত, দেশৰ ৰাজনীতিত সম্ভৱতঃ ই নজিৰবিহীন ঘটনা।

বুধবাৰে দিনৰ ১ বজাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হয় ৰাহুল গান্ধী। দিনৰ ১:০৭ বজাৰ পৰা আৰম্ভ হয় বৈঠক। ৮৮ মিনিটৰ অন্তত বিৰোধী দলৰ নেতাগৰাকী প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ওলাই যায়। কিন্তু ইমান সময়ত প্ৰকৃততে কি কি আলোচনা হৈছিল? ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় তথ্য আয়ুক্ত, আঠজন তথ্য আয়ুক্ত আৰু ভিজিলেন্স আয়ুক্তক নিযুক্তি দিয়াত ৰাহুল গান্ধীয়ে আপত্তি প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ বিবৃতিও লিখিতভাৱে দাখিল কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

মন কৰিবলগীয়া যে মোদীৰ শাসনকালত পৰিৱর্তিত আইন অনুসৰি মুখ্য নির্বাচন আয়ুক্ত আৰু নির্বাচন আয়ুক্ত নিযুক্তিৰ কমিটীত প্রধানমন্ত্রী, এজন প্রধানমন্ত্রীৰ দ্বাৰা মনোনীত মন্ত্রী আৰু লোকসভাৰ বিৰোধী দলৰ নেতা থাকিব ৷ প্ৰধানমন্ত্ৰীয়ে কমিটীৰ বৈঠক আহ্বান কৰিব। সেই বৈঠকত গ্ৰহণ কৰা নামসমূহ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব। তাৰ পিছত ৰাষ্ট্ৰপতিয়ে তেওঁলোকক নিযুক্তি দিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব