নাবালিকাৰ সৈতে জঘন্য কাণ্ড, গৰ্ভৱতী হোৱাৰ পিছত জীৱিত অৱস্থাতে….
ওড়িশাৰ জগতসিংপুৰ জিলাত নাবালিকাক দলবদ্ধ ধৰ্ষণৰ এক হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। অভিযুক্তই বাৰে বাৰে ধৰ্ষণ কৰাৰ লগতে ছোৱালীজনী গৰ্ভৱতী হোৱাৰ লগে লগে জীৱিত অৱস্থাত সমাধিস্থ কৰিবলৈ চেষ্টা চলাইছিল।

প্ৰতীকি ফটো
ওড়িশাৰ জগতসিংপুৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ঘটনা। যিয়ে সমগ্ৰ অঞ্চলবাসীক ক্ষুব্ধ কৰি তুলিছে। য’ত এগৰাকী নাবালিকাক কেইবাৰো নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। পিছত যেতিয়া তেওঁ গৰ্ভৱতী হৈছিল তেতিয়া জীৱন্তে সমাধিস্থ কৰাৰ চেষ্টা কৰা হৈছিল। কুজাং থানা এলেকাৰ সংঘটিত হৈছে এই চাঞ্চল্যকৰ অপৰাধৰ ঘটনা। এই বিষয়ত ইতিমধ্যে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।
বংশাবৰা গাঁৱৰ বাসিন্দা ভাগীৰথ দাস আৰু পঞ্চনন দাস নামৰ ২ ভাতৃৰ বিৰুদ্ধে তুলু বাবু নামৰ তৃতীয় সহযোগী এজনৰ সৈতে লগ লাগি নাবালিকাক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্বৰতা ইমানেই বেছি আছিল যে ছোৱালীজনী ৫ মাহৰ গৰ্ভৱতী আছিল। ইফালে অভিযুক্তই ছোৱালীজনীৰ গৰ্ভধাৰণৰ বিষয়ে গ’ম পোৱাৰ লগে লগে তেওঁলোকে নিজৰ জঘন্য অপৰাধ লুকুৱাবলৈ এক ভয়ংকৰ অপচেষ্টা চলাইছিল। অভিযোগ অনুসৰি তেওঁলোকে ছোৱালীজনীক জীৱিত অৱস্থাতে সমাধিস্থ কৰিবলৈ চেষ্টা কৰিছিল। এই ঘটনাই প্ৰচেষ্টা যিয়ে হয়তো সকলোকে স্তম্ভিত কৰি তুলিছে।
আটকাধীন অভিযুক্ত ভাগীৰথ দাস আৰু পঞ্চনন দাসে ওচৰৰ মঠত কাম কৰিছিল। তেওঁলোকে ছোৱালীজনীক বহুদিন ধৰি শোষণ কৰি আছিল। অৱশ্যে তৃতীয় অভিযুক্ত তুলু বাবু বৰ্তমান পলাতক। তেওঁক ধৰিবলৈ আৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলাই আছে। আশা কৰা হৈছে যে তেওঁ অতি সোনকালে আইনৰ কবলত পৰিব।
সৌভাগ্যক্ৰমে ঠিক সময়তে উদ্ধাৰ হয় ভুক্তভোগী নাবালিকাগৰাকী। লগে লগে তেওঁক জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসা পৰীক্ষা কৰা হয়। এই ঘটনা তেতিয়া পোহৰলৈ আহে যেতিয়া কিশোৰীগৰাকীৰ পিতৃয়ে কুজাং থানাত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে। লগে লগে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন অভিযুক্তক
এই গোচৰত এতিয়ালৈ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত চলি আছে, আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে। এই গোচৰত আৰক্ষীয়ে কিমান ক্ষীপ্ৰতাৰে আৰু কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়। যাতে ভুক্তভোগীয়ে ন্যায় পাব পাৰে আৰু এনে অপৰাধীক উচিত শাস্তি দিব পাৰে।