প্ৰেমিকৰ সৈতে পলাই যোৱা হ’ল কাল! কিশোৰীৰ সৈতে পৰিয়ালৰ ভয়ংকৰ কাণ্ড…

প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বাবে পৰিয়ালৰ লোকে এগৰাকী কিশোৰীক কঠোৰ শাস্তি বিহিলে। যাৰ বাবে কিশোৰীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

প্ৰেমিকৰ সৈতে পলাই যোৱা হল কাল! কিশোৰীৰ সৈতে পৰিয়ালৰ ভয়ংকৰ কাণ্ড...

ঘটনাস্থলী

Published: 

11 Jan 2026 | 11:00 PM

প্ৰেমিকৰ সৈতে পলাই যোৱা কাল হ’ল এগৰাকী কিশোৰীৰ বাবে। অতি নৃশংসভাৱে হত্যা কৰি পৰিয়ালৰ লোকে জ্বলাই দিলে মৃতদেহ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিব পাৰি কিশোৰীগৰাকীৰ পুৰি যোৱা মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাত। এই নৃশংস কাণ্ডই পুনৰ এবাৰ মানৱ জাতিক লজ্জিত কৰি তুলিছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে ১৮ বছৰীয়া শচীন নামৰ যুৱকজনৰ সৈতে পলাই গৈছিল ১৬ বছৰীয়া কিশোৰীগৰাকী। কিন্তু ১০ ডিচেম্বৰত দুয়োকে আগ্ৰাত আটক কৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি, তাৰ পাছতে কিশোৰীগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আনে আৰু মাৰধৰ কৰে। পৰিয়ালে নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি কিশোৰীগৰাকীক মৰিয়াই মৰিয়াই হত্যা কৰে আৰু পাছত মাজনিশা শ্মশানলৈ নি মৃতদেহটো জ্বলাই দিয়ে। পিছে এই ঘটনাৰ বিষয়ে জানিব পৰা গাঁৱৰে এজন লোকে দেওবাৰে পুৱা আৰক্ষীক খবৰ দিয়ে।

লগে লগে আৰক্ষী গাঁওখনত উপস্থিত হৈ কিশোৰীগৰাকী সন্দৰ্ভক সোধা-পোছা কৰে। তেতিয়া কিশোৰীগৰাকীৰ পৰিয়ালে জনাই তেওঁ কোনো আত্মীয়ৰ ঘৰলৈ গৈছে। কিন্তু সমগ্ৰ বিষয়টোত আৰক্ষীৰ সন্দেহ হয়, যাৰ বাবে অভিযান অব্য়াহত ৰাখে। কিশোৰীগৰাকীক বিচাৰি বিচাৰি আৰক্ষী শ্মশানঘাট পাই আৰু জানিব পাৰে যে তাতেই কিশোৰীগৰাকীক জ্বলোৱা হৈছিল। লগে লগে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহৰ অৱশিষ্ট অংশ লৈ তদন্ত আৰম্ভ কৰে।

ইফালে আৰক্ষীয়ে জীৱন্ত অৱস্থাত উদ্ধাৰ কৰি প্ৰেমিক যুৱকজন। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।  জানিব পৰা মতে, ইতিমধ্যে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে পলায়ন কৰিছে। সমগ্ৰ কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ হ’ব নেকি ডাঙৰ কিবা? ইৰানত আক্ৰমণ কৰিব পাৰে আমেৰিকাই, হাই এলাৰ্টত ইজৰাইল…

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ