১১ বছৰীয়া কিশোৰীক মাতি নিলে পথাৰলৈ, পাছত যুৱকৰ ভয়ংকৰ কাণ্ড…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। এগৰাকী কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ পাছতে হত্যা কৰে কিশোৰীগৰাকীক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

১১ বছৰীয়া কিশোৰীক মাতি নিলে পথাৰলৈ, পাছত যুৱকৰ ভয়ংকৰ কাণ্ড...

ঘটনাস্থলী

Published: 

06 Jan 2026 | 01:20 PM

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক জঘন্য কাণ্ডৰ খবৰ পোহৰলৈ আহিছে। এগৰাকী ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ৩১ ডিচেম্বৰৰ সন্ধিয়া এই কাণ্ড সংঘটিত হৈছে ছত্তীশগড়ৰ নাৰায়ণপুৰত।

প্ৰাপ্ত খবৰ অনুসৰি, অভিযুক্ত ২২ বছৰীয়া যুৱক সঞ্জু কুমেটিয়ে কিশোৰীগৰাকীক প্ৰলোভিত কৰি গাঁৱৰ কাষৰ এখন পথাৰলৈ লৈ যায়। পাছত তাত ধৰ্ষণ কৰে। এই কথা কিশোৰীগৰাকীয়ে পৰিয়ালক কৈ দিব বুল ভয় খাই যুৱকজনে তেওঁক কুঠাৰেৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰে। ইয়াৰ পাছত মৃতদেহটো পথাৰত পেলাই থৈ পলায়ন কৰে।

আৰক্ষীৰ মতে, ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰা সঞ্জুই প্ৰায়ে কিশোৰীগৰাকীৰ ঘৰলৈ অহা যোৱা কৰিছিল। তেনেকৈ কিশোৰীগৰাকীৰ সৈতে তেওঁ চিনাকী হৈছিল। আৰক্ষীৰ মতে, এই চিনাকীৰ সুযোগ লৈ যুৱকজনে এই ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰে।

ইফালে ৩১ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা কিশোৰীগৰাকী নিৰুদ্দেশ হৈ পৰাত পৰিয়ালৰ লোক চিন্তিত হয়। পৰিয়াল, আত্মীয়-স্বজনে বিচাৰিছিল যদিও কোনো খবৰ লাভ কৰা নাছিল। অৱশেষত ৪ জানুৱাৰীত এখন পথাৰত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বৰ্বৰ কাণ্ড

প্ৰাপ্ত খবৰ অনুসৰি, কিশোৰীগৰাকীৰ মৃতদেহটোত আঘাতৰ চিন স্পষ্ট আছিল। কাপোৰবোৰ ফাটি আছিল, যাৰ বাবে প্ৰথম অৱস্থাতে বিষয়টো ধৰ্ষণৰ সন্দেহত আহিছিল। পৰৱৰ্তী সময়ত মৰণোত্তৰ প্ৰতিবেদনত কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ কথা স্পষ্ট হৈ পৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ গোপন তথ্যৰ বিনিময়ত টকা! ISI ৰ নজৰত এইবাৰ কিশোৰ, পোহৰলৈ ভয়ংকৰ তথ্য…

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?