শান্ত হোৱা নাই মণিপুৰ! অসম ৰাইফলছৰ শিবিৰত ভয়াৱহ আক্ৰমণ, আহত কেইবাজনো জোৱান
এই আক্ৰমণত চাৰিজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। আহত আটাইকেইজন জোৱানক তাৎক্ষণিকভাৱে হেলিকপ্টাৰ যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে আহত জোৱানকেইজনৰ ভিতৰত এজন জোৱানৰ অৱস্থা কিছু সংকটজনক।

মণিপুৰত অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ (প্ৰতিনিধিত্বমূলক ছবি)
মনিপুৰত অসম ৰাইফলছৰ এক শিবিৰত সংঘটিত হৈছে এক ভয়াৱহ আক্ৰমণ। অচিনাক্ত বিদ্ৰোহী সংগঠনৰ এটা সশস্ত্ৰ দলে অসম ৰাইফলছৰ শিবিৰত এই ভয়ংকৰ আক্ৰমণ চলাইছে। এই আক্ৰমণত চাৰিজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। আহত আটাইকেইজন জোৱানক তাৎক্ষণিকভাৱে হেলিকপ্টাৰ যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে আহত জোৱানকেইজনৰ ভিতৰত এজন জোৱানৰ অৱস্থা কিছু সংকটজনক। সম্প্ৰতি আটাইকেইজন জোৱান চিকিৎসাধীন হৈ আছে।
প্ৰকাশিত খবৰ অনুসৰি মণিপুৰৰ টেংনৌপাল জিলাত এই ঘটনা সংঘটিত হৈছে। টেংনৌপাল জিলাৰ চাইবলৰ ভাৰত-ম্যানমাৰ সীমান্তবৰ্তী ইয়াংগৌ-পকপি গাঁৱত অসম ৰাইফলছৰ শিবিৰত এক সশস্ত্ৰ দলে আক্ৰমণ চলায়। অঞ্চলটোৰ ৮৭ নং বৰ্ডাৰ পিলাৰৰ কাষত থকা তৃতীয় অসম ৰাইফলছৰ এটা চিকিউৰিটী পোষ্টত পুৱতি নিশা সংঘটিত হয় এই আক্ৰমণ।
অসম ৰাইফলছৰ এটা দলে ম্যানমাৰৰ সীমান্তৰ সমীপত টহল দি থকা অৱস্থাতে সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে এম্বুছ কৰে। প্ৰতিৰক্ষা মুখপাত্ৰই এক বিবৃতি যোগে সদৰী কৰা মতে এই আক্ৰমণৰ পিছতে অসামৰিক লোকৰ সুৰক্ষা নিশ্চিত কৰি অসম ৰাইফলছৰ দলটোৱে সাৱধানতা অৱলম্বন কৰি তাৎক্ষণিকভাৱে প্ৰত্যাক্ৰমণ চলায়।
বিবৃতিটোত উল্লেখ কৰা মতে অঞ্চলটোত অভিযান অব্যাহত আছে। অঞ্চলটোত অতিৰিক্ত সৈন্য মোতায়েন কৰা বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে। ইফালে এই আক্ৰমণৰ ক্ষতি সন্দৰ্ভত বিবৃতিটোত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও আৰক্ষীৰ সূত্ৰই চাৰিজন জোৱান আহত হোৱা বুলি প্ৰকাশ কৰিছে।
ইতিপূৰ্বে যোৱা ১৯ ছেপ্টেম্বৰতো মণিপুৰৰ বিষ্ণুপুৰ জিলাত এনে এক উগ্ৰপন্থী আক্ৰমণ সংঘটিত হৈছিল। এই আক্ৰমণত অসম ৰাইফলছৰ দুজন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ৫জন জোৱান আহত হৈছিল। আক্ৰমণ সংঘটিত হোৱা বিষ্ণুপুৰ এখন মেইটেই প্ৰধান জিলা। ঘটনাৰ পছতে মেইটেইৰ এটা সশস্ত্ৰ গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰা হয়।