প্ৰায় ৫০ বছৰ ধৰি চকুত নাই তিলমানো টোপনি, দেহতো নাই কোনো সমস্যা, এনেকৈও জীয়াই থাকিব পাৰেনে কোনোবা?

মোহনলালে দাবী কৰে যে তেওঁ কেইবাবছৰ ধৰি একেবাৰে টোপনি যোৱা নাই বা শোৱা নাই, তথাপিও তেওঁ কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱা নাই আৰু সম্পূৰ্ণ সুস্থ জীৱন যাপন কৰিছে। তেওঁৰ দৈনন্দিন কাম-কাজ আন মানুহৰ দৰেই স্বাভাৱিক।

প্ৰায় ৫০ বছৰ ধৰি চকুত নাই তিলমানো টোপনি, দেহতো নাই কোনো সমস্যা, এনেকৈও জীয়াই থাকিব পাৰেনে কোনোবা?

মোহনলাল আৰু পত্নী

Published: 

16 Jan 2026 | 03:57 PM

মধ্যপ্ৰদেশৰ ৰেৱাৰ অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত মোহনলাল দ্বিবেদী চিকিৎসা বিজ্ঞানৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। যোৱা প্ৰায় ৫০ বছৰ ধৰি এঘুমতিও শোৱা নাই এইগৰাকী ব্যক্তি। শুনি আচৰিত যেন লগা কাহিনী এয়া। কোনো মানুহে ইমান দিন টোপনি নোযোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে? নিশ্চিতভাৱে আচৰিত হ’লেও এয়া সঁচা। প্ৰায় ৫০ বছৰে শোৱা নাই বুলি দাবী কৰিছে মোহনলালে। ইফালে কোনো গুৰুতৰ বেমাৰতো ভুগি থকা নাই তেওঁ, মোহনলালৰ শৰীৰটো এতিয়াও তজবজীয়া হৈ আছে। শিলৰ দ্বৰে কঠিন হৈ পৰা তেওঁৰ দেহত আঘাত লাগিলেও মোহনলালে কোনো বিষ অনুভৱ নকৰে।

তেওঁৰ পত্নীও টোপনি অনিয়মীয়া

ৰেৱা চহৰৰ চাণক্যপুৰী কলনীত বাস কৰা মোহনলাল দ্বিবেদী কোনো গুৰুতৰ ৰোগত আক্ৰান্ত নহয়। ৰেৱা আৰু জবলপুৰৰ পৰা আৰম্ভ কৰি দিল্লী, মুম্বাইৰ দৰে ডাঙৰ চহৰলৈকে চিকিৎসালয়ৰ চিকিৎসকৰ পৰা তেওঁৰ এই বিৰল ৰোগৰ চিকিৎসা বিচাৰিছিল যদিও প্ৰখ্যাত চিকিৎসকসকলেও তেওঁৰ অৱস্থা নিৰ্ণয় কৰিবলৈ সক্ষম হোৱা নাই। তদুপৰি মোহনলালৰ পত্নীও দিনটোত মাত্ৰ ৩ৰ পৰা ৪ ঘণ্টাহে টোপনি যায়।

৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত মোহনলাল দ্বিবেদীৰ অৱস্থাক লৈ চিকিৎসা বিজ্ঞানো বিমোৰত পৰিছে। চিকিৎসা বিজ্ঞানে উল্লেখ কৰিছে যে প্ৰতিজন ব্যক্তি সুস্থ হৈ থাকিবলৈ প্ৰতি ২৪ ঘণ্টাত ৬ৰ পৰা ৮ ঘণ্টা টোপনি যোৱাটো অতি প্ৰয়োজনীয়। কিন্তু মোহনলাল দ্বিবেদীয়ে এদিন, এসপ্তাহ, এমাহৰ বাবে নহয়, বিগত প্ৰায় ৫০ বছৰ ধৰি এক মুহূৰ্তৰ বাবেও তেওঁ টোপনি যোৱা নাই।

নাই কোনো শাৰীৰিক সমস্যা

মোহনলালে দাবী কৰে যে তেওঁ কেইবাবছৰ ধৰি একেবাৰে টোপনি যোৱা নাই বা শোৱা নাই, তথাপিও তেওঁ কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱা নাই আৰু সম্পূৰ্ণ সুস্থ জীৱন যাপন কৰিছে। তেওঁৰ দৈনন্দিন কাম-কাজ আন মানুহৰ দৰেই স্বাভাৱিক।

ইয়াৰ উপৰিও দাবী কৰা হৈছে যে মোহনলাল দ্বিবেদীৰ পত্নী নৰ্মদা দ্বিবেদীয়ে ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ৩ৰ পৰা ৪ ঘণ্টাহে শোৱে। মোহনলালে কয় যে প্ৰথমাৱস্থাত তেওঁ এই সমস্যাৰ কথা কাকো কোৱা নাছিল। গোটেই ৰাতি তেওঁ সাৰ পাই থাকে, কিন্তু চকু দুটা জ্বলা-পোৰাও কৰা নাছিল, দৈনন্দিন আন কামবোৰতো ইয়াৰ প্ৰভাৱ নপৰে। কিছুদিন পিছতে পৰিয়ালক নিজৰ সমস্যাৰ কথা ক’লে মোহনলালে।

প্ৰথমতে তেওঁ ভূত-প্ৰেত নিৰ্বাসনৰ চেষ্টা কৰিছিল যদিও যেতিয়া কোনো সকাহ পোৱা নগ’ল, তেতিয়া তেওঁৰ পৰিয়ালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উপযুক্ত বুলি সিদ্ধান্ত লৈছিল। ৰেৱা, জবলপুৰ, দিল্লী, মুম্বাইৰ চিকিৎসকৰ ওচৰলৈ মোহনলালক লৈ যোৱা হয় আৰু অসংখ্য পৰীক্ষা কৰা হয়। কিন্তু এই অদ্ভুত ৰোগৰ কোনো কাৰণ চিনাক্ত কৰিব পৰা নগ’ল।

সুন্দৰভাৱে জীৱন যাপন

১৯৭৩ চনত মোহনলালে প্ৰবক্তা হিচাপে চাকৰি লাভ কৰে আৰু কেইদিনমান পিছত জুলাই মাহত তেওঁৰ টোপনি কমিবলৈ ধৰে। ১৯৭৪ চনত তেওঁ এম পি পি এছ চিৰ বাবে যোগ্যতা অৰ্জন কৰি নাইব তহচিলদাৰ হয়, আৰু ২০০১ চনত যুটীয়া আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে। মোহনলালৰ অনিদ্ৰাই লগ লোৱাই নহয়, শৰীৰত বিষৰো কোনো অনুভূতিও নাই। তেওঁ বেছিভাগ সময় কিতাপ পঢ়ি আৰু গভীৰ নিশালৈকে টেৰেচত খোজ কাঢ়ি কটায়।

ৰেৱাৰ সঞ্জয় গান্ধী চিকিৎসালয়ৰ অধীক্ষক ৰাহুল মিশ্ৰই এই সন্দৰ্ভত বুজাই দিয়ে যে মনোৰোগ বিভাগে টোপনিৰ বিস্তৃত অধ্যয়ন কৰে। যদি এই সমস্যা কোনো পৰিয়ালত চলি থাকে তেন্তে ই জিনীয় হ’ব পাৰে। এনে ৰোগীয়ে সম্যক মূল্যায়নৰ বাবে মনোৰোগ বিভাগৰ ওচৰলৈ আহিব লাগে। তেওঁ বুজাই দিয়ে যে অনিদ্ৰাৰ হাজাৰ হাজাৰ কাৰণ থাকিব পাৰে। অধিক পৰীক্ষাৰ পিছতহে স্পষ্ট হয় যে অনিদ্ৰাৰ কাৰণ কি। এই সমস্যাৰ কাৰণ যিয়েই নহওক, ৫০ বছৰ টোপনি নোযোৱা বুলি কৰা মোহনলালৰ দাবীয়ে সকলোকে আচৰিত কৰি তুলিছে।

গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
সূৰ্যাস্তৰ পাছত আনক নিদিব এই ৫বিধ বস্তু!
এই ৫টা ভুলে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি