ভূমিস্খলনত জাহ গ’ল গাঁও, মৃত্যু ৪৫ জনৰ! বায়ুসেনা, NDRF বাহনীয়ে চলাইছে উদ্ধাৰ অভিযান

ঘটনাস্থলীলৈ বায়ুসেনাৰ দুখন হেলিকপ্টাৰো প্ৰেৰণ কৰা হৈছিল যদিও বৰষুণৰ বাবে অৱতৰণ কৰাত অসুবিধা হৈছে। এন ডি আৰ এফৰ অতিৰিক্ত ইউনিটকো স্থানলৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ অভিযানৰ বাবেও সেনাবাহিনী মোতায়েন কৰা হৈছে।

ভূমিস্খলনত জাহ গল গাঁও, মৃত্যু ৪৫ জনৰ! বায়ুসেনা, NDRF বাহনীয়ে চলাইছে উদ্ধাৰ অভিযান

ভূমিস্খলন. কেৰেলা

Edited By: 

Manas Borah | Updated On: 30 Jul 2024 | 07:01 PM

ভয়ংকৰ ভূমিস্খলে প্ৰাণ ল’লে  প্ৰায় ৪৫ জনলোকৰ, লগতে আহত হয় বহুতো। এতিয়াও অঞ্চলটোত শ শ লোক আৱদ্ধ হৈ আছে আৰু তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত আছে। মঙলবাৰে পুৱা কেৰালাৰ বায়নাড জিলাৰ মেপ্পাজিৰ ওচৰৰ পাহাৰীয়া অঞ্চলত হয়  এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ইয়াৰ ফলত অঞ্চলটোৰ চাৰিওফালে পানীৰে ভৰি পৰা দেখা যায়। অঞ্চলটোত যেন আৰম্ভ হৈছে প্ৰকৃতিৰ ধ্বংসলীলা।

এই সন্দৰ্ভত কংগ্ৰেছ নেতা সুৰেশে কৈছে যে,  ৱায়ানাডত হোৱা ভূমিস্খলন অতি ভয়ংকৰ। কাৰণ ইয়াত বহু লোকৰ মৃত্যু হৈছে। বান- গৰাখহনীয়াই দলং ভাঙি নিয়াৰ ফলত কেইবাখনো গাঁৱৰ লগত সংযোগ বিচ্চিন্ন হৈ পৰিছে। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই ভয়ংকৰ ভূমিস্খলনৰ ফলত এখন গাঁও সম্পূৰ্ণ জাহ গৈছে পানীত। ইতিমধ্যে কেৰালা চৰকাৰে আৰম্ভ কৰিছে সাহায্যৰ কাম।  কেন্দ্ৰীয় চৰকাৰৰ সহায়ত বায়ুসেনা, এন ডি আৰ এফ,  হেলিকপ্টাৰ আদি সকলোৰে সহযোগত চলিছে উদ্ধাৰ অভিযান।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়ানাডত সংঘটিত ভূমিস্খলনৰ ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ সৈতে কথা পাতি কেন্দ্ৰৰ পৰা সম্ভাৱ্য সকলো সহায়ৰ আশ্বাস দিয়ে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়েও মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মোদীয়ে এই ঘটনাক লৈ দুখ ব্যক্ত কৰে।

 

মোদীয়ে বায়নাডৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী আৰু মন্ত্ৰী জৰ্জ কুৰিয়ানৰ লগতো কথা পাতে। মোদীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ লগত কথা পাতি সকলো সাহাৰ্য প্ৰদানৰ কথা সুনিশ্চিত কৰাৰ কথা কয়। ইয়াৰোপৰি ভূমিস্খলনত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী সাহাৰ্য নিধিৰ পৰা ২ লাখকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে।

অঞ্চলটোত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত উদ্ধাৰ কাৰ্যত কিছু বাধাৰ সৃষ্টি হৈছে। বিষয়াসকলে জনোৱা মতে, মালাপ্পুৰমৰ নীলাম্বুৰ অঞ্চলত বৈ যোৱা চলিয়াৰ নদীয়ে বহু লোক উটুৱাই নিয়াৰ সম্ভাৱনা আছে। ইফালে, মুণ্ডাক্কাইত বহু ঘৰ-দুৱাৰ, দোকান-পোহাৰ, যান-বাহন ধ্বংসাৱশেষৰ তলত পোঁত খাই গৈছে । সেই স্থানলৈ যোৱা এখন দলং জাহ যোৱাৰ ফলত উদ্ধাৰত অসুবিধাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নে আশ্বাস দিছে যে অস্থায়ী দলং নির্মাণ, হেলিকপ্টাৰেৰে মানুহক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰা হব।

ঘটনাস্থলীলৈ বায়ুসেনাৰ দুখন হেলিকপ্টাৰো প্ৰেৰণ কৰা হৈছিল যদিও বৰষুণৰ বাবে অৱতৰণ কৰাত অসুবিধা হৈছে। এন ডি আৰ এফৰ অতিৰিক্ত ইউনিটকো স্থানলৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ অভিযানৰ বাবেও সেনাবাহিনী মোতায়েন কৰা হৈছে। আহতসকলৰ চিকিৎসা কৰিবলৈ চিকিৎসা কৰ্মীৰো ব্যৱস্থা কৰা হৈছে। এই ভূমিস্খলনে বিস্তৰ ক্ষতিসাধন কৰে। মুণ্ডক্কাই, চুৰালমালা, আট্টামালা আৰু নুলপুঝা গাঁৱৰ অৱস্থা অতি বেয়া হৈ গৈছে। বানপানী, গৰাখহনীয়াত উটি হৈছে ঘৰ দুৱাৰ, মানুহ,গাড়ী,মটৰ আদি সকলো। বৰ্তমানলৈকে আহতৰ সংখ্যা ৭০ জনৰো অধিক বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...