জুবিন গাৰ্গ অসমীয়া সংস্কৃতিৰ উজ্জ্বল ৰত্ন: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
তেওঁ কয়, "অসমীয়া সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গ আমাৰ হৃদয়ত আছে। তেওঁ সদায় তেনেকৈয়ে থাকিব। তেওঁৰ সংগীতে আগন্তুক প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি থাকিব।" প্ৰধানমন্ত্ৰী মোদীয়ে জুবিন গাৰ্গকো সাংস্কৃতিক আইকন বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জুবিন গাৰ্গ
আজি ২৮ ছেপ্টেম্বৰ দেওবাৰে মন কী বাতৰ ১২৬ সংখ্যক খণ্ডৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। এই সময়তে অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। মন কী বাত সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “জুবিন গাৰ্গৰ অকাল মৃত্যুত জনতাই গভীৰ শোক প্ৰকাশ কৰিছে। জুবিন গাৰ্গ আছিল এজন প্ৰখ্যাত কণ্ঠশিল্পী যিয়ে সমগ্ৰ দেশতে নিজৰ নাম উজলাইছিল।”
তেওঁ কয়, “অসমীয়া সংস্কৃতিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গ আমাৰ হৃদয়ত আছে। তেওঁ সদায় তেনেকৈয়ে থাকিব। তেওঁৰ সংগীতে আগন্তুক প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি থাকিব।” প্ৰধানমন্ত্ৰী মোদীয়ে জুবিন গাৰ্গকো সাংস্কৃতিক আইকন বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী কয়, জুবিন গাৰ্গ অসমীয়া সংস্কৃতিৰ উজ্জ্বল ৰত্ন আছিল। জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব।”
Zubeen Garg was a shining gem of Assam’s cultural heritage. He will always live in the hearts of the people! #MannKiBaat pic.twitter.com/wUWx7fA0hz
— Narendra Modi (@narendramodi) September 28, 2025
ভূপেন হাজৰিকাক স্মৰণ প্ৰধানমন্ত্ৰীৰ
অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, “তেওঁৰ কণ্ঠৰ এয়াই প্ৰমাণ যে কিদৰে ভূপেন হাজৰিকাৰ গীতে বিশ্বৰ বিভিন্ন দেশক কেনেদৰে সংযোগ কৰে। ভূপেন হাজৰিকাক সন্মাই জনাই শ্ৰীলংকাত গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। তাত ভূপেন দাৰ বিখ্যাত গীত ‘মানুহে মানুহৰ বাবে’ শ্ৰীলংকাৰ শিল্পীয়ে সিংহল আৰু তামিল ভাষালৈ অনুবাদ কৰিছে।” “কিছুদিন পূৰ্বে অসমত তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। ই আছিল এক অতি স্মৰণীয় অনুষ্ঠান।”
লতাজীক স্মৰণ প্ৰধানমন্ত্ৰী মোদীৰ
“মন কী বাত” অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কণ্ঠশিল্পী লতা মংগেশকাৰৰ কথাও উল্লেখ কৰে। তেওঁ কয়, “বন্ধুসকল, আজি লতা মংগেশকাৰৰ জন্মবাৰ্ষিকী। ভাৰতীয় সংগীত আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহী যিকোনো ব্যক্তিয়ে তেওঁৰ গীতত আপ্লুত নোহোৱাকৈ থাকিব নোৱাৰে। তেওঁৰ গীতত মানুহৰ আৱেগক আলোড়িত কৰা সকলো কথাই সন্নিবিষ্ট কৰা হৈছে। তেওঁ গোৱা দেশপ্ৰেমমূলক গীতে মানুহক বহুত অনুপ্ৰাণিত কৰিছিল। ভাৰতীয় সংস্কৃতিৰ সৈতেও তেওঁৰ গভীৰ সম্পৰ্ক আছিল। লতা দিদিক মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো।”