তপা হোৱা বাবে পত্নীয়ে কৰিছিল ঠাট্টা, দিছিল গোচৰ! স্বামীয়ে ল’লে চৰম পন্থা…

পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম পন্থা বাছি ল'লে এজন ব্যক্তিয়ে। জানিব পৰা মতে, তপা হোৱা বাবে পত্নীয়ে প্ৰায়ে তেওঁক হাঁহিছিল আৰু মিছা গোচৰ ৰুজু কৰিছিল। এই সকলোবোৰ সহ্য কৰিব পৰা নাছিল লোকজনে।

তপা হোৱা বাবে পত্নীয়ে কৰিছিল ঠাট্টা, দিছিল গোচৰ!  স্বামীয়ে ললে চৰম পন্থা...

স্বামী-স্ত্ৰী

Published: 

17 Mar 2025 | 05:11 PM

পত্নীৰ মানসিক অত্যাচাৰ সহ্য কৰি নোৱাৰি চৰম পন্থা গ্ৰহণ কৰিলে এজন লোকে। কিন্তু মৃত্যুৰ পূৰ্বে তেওঁ সকলো কথা এখন কাগজত লিখি থৈ যায়। এই লোকজন ৩২ বছৰীয়া পৰশিৱমূৰ্তি বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, পৰশিৱমূৰ্তিৰ পত্নীয়ে বিভিন্ন সময়ত তেওঁক উপহাস কৰি হাঁহিছিল আৰু কৈছিল যে “তোমাৰ মূৰত চুলি নাই, তুমি তপা। তোমাৰ লগত বাহৰিলৈ যাব মোৰ লাজ লাগে”। যাৰ বাবে পত্নীৰ অত্যাচাৰ সহিব নোৱাৰি এই কাণ্ড সংঘটিত কৰে লোকজনে।  এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ চামৰাজনগৰৰ উদিগালা গাঁৱত।

পত্নীৰ কথাত আঘাত পাই পৰশিৱমূৰ্তিয়ে আত্মহত্যা কৰে। এই সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ইতিমধ্যে চামৰাজনগৰ থানাত এক গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে, প্ৰায় দুবছৰ পূৰ্বে পৰশিৱমূৰ্তি আৰু মমতাৰ বিবাহ চামৰাজনগৰ গ্ৰাম্য থানা এলেকাত হৈছিল। পৰশিৱমূৰ্তি পেছাত চালক আছিল আৰু আগতে ট্ৰাক চলাইছিল। বিয়াৰ পাছতে তেওঁৰ চুলি সৰিবলৈ আৰম্ভ কৰে আৰু কিছুদিনৰ ভিতৰত তপা হৈ পৰে। মমতাই এই সন্দৰ্ভত প্ৰায়ে স্বামীত ঠাট্টা কৰিছিল যে তোমাৰ লগত বাহিৰলৈ ওলাই যাব মোৰ লাজ লাগে।

অভিযোগ অনুসৰি মমতাই যৌতুক হাৰাশাস্তিৰ ভুৱা গোচৰ ৰুজু কৰি স্বামী পৰশিৱমূৰ্তিক জেললৈ প্ৰেৰণ কৰিছিল। ইয়াৰোপৰি সামাজিক মাধ্যমত জনপ্ৰিয় আছিল মমতা। আনকি বিয়াৰ পাছতো তেওঁ সামাজিক মাধ্যমত নগ্ন ছবি শ্বেয়াৰ কৰিছিল। এনেবোৰ কাৰণত স্বামী-স্ত্ৰীৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। গতিকে এনে সকলো কথাত অশান্তি পাই লোকজনে চৰম পন্থা বাছি লোৱা বুলি পৰিয়ালে দাবী কৰিছে।

জানিব পৰা মতে পৰশিৱমূৰ্তিয়েও তেওঁৰ ছুইচাইড নোটত তেওঁৰ পত্নীৰ হাৰাশাস্তি, যৌতুকৰ ভুৱা গোচৰ, বাৰে বাৰে ঠাট্টা কৰা আদি সকলো উল্লেখ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অন্তত জানিব পৰা যাব কেনেকৈ মৃত্যু হ;ল তেওঁৰ। ইয়াৰোপৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, তদন্তৰ অন্তত প্ৰকৃত তথ্য পোহৰলৈ আহিব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...