প্ৰথমে তোমাৰ পৰা ৰাখী পিন্ধিম, পাছত বিয়া পাতিম…যুৱকৰ মোবাইলৰ তথ্য দেখি হতবাক আৰক্ষী…

এগৰাকী-দুগৰাকী নহয়, প্ৰায় ২০ গৰাকী কিশোৰীৰ জীৱন ধ্বংস কৰিলে এজন যুৱকে। এই যুৱকজনৰ ফোনৰ পৰা বহু চাঞ্চল্যকৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

প্ৰথমে তোমাৰ পৰা ৰাখী পিন্ধিম, পাছত বিয়া পাতিম...যুৱকৰ মোবাইলৰ তথ্য দেখি হতবাক আৰক্ষী...

যুৱকজন

Published: 

10 Sep 2025 15:18 PM

পুনৰ পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। অভিযোগ অনুসৰি, এজন যুৱকে এগৰাকী দুগৰাকী নহয় প্ৰায় ২০ গৰাকী কিশোৰীৰ জীৱন ধ্বংস কৰে। এই যুৱকজনে প্ৰথমে কিশোৰীসকলক প্ৰেমৰ জালত পেলাই, তাৰ পাছত কিশোৰীগৰাকীক পৰিয়ালৰ বিৰুদ্ধে কথা ক’বলৈ আৰম্ভ কৰে। লগতে যুৱকজনে কয় যে, তেওঁ কিশোৰীগৰাকীক বিয়া পাতি এটা ভাল জীৱন দিব। তাৰ পাছতে কিশোৰীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি ভিডিঅ’ প্ৰস্তুত কৰে। ইয়াতেই ক্ষান্ত নাথাকি যুৱকজনে কিশোৰীগৰাকীৰ এই ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি বাৰে বাৰে ধৰ্ষণ কৰে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত। অভিযুক্ত যুৱকজন কেশৱ উত্তম বুলি চিনাক্ত হৈছে। তেওঁৰ মোবাইলৰ পৰা আৰক্ষীয়ে ২০ গৰাকীতকৈ অধিক কিশোৰীৰ নগ্ন ফটো, ভিডিঅ’, অন্য লোকক কিশোৰী যোগান ধৰা, ব্লেকমেইলিং কৰা আদিৰ ৰেকৰ্ডিং লাভ কৰিছে। এই কাণ্ডত ভুক্তভোগী এগৰাকী কিশোৰীয়ে জনাইছে যে, কেশৱে তেওঁক প্ৰথমে প্ৰেমৰ জালত আৱদ্ধ কৰিছিল। তাৰ পাছত বিভিন্ন কথা কৈ পৰিয়ালৰ বিৰুদ্ধে কৰাৰ চেষ্টা কৰিছিল।

যুৱকজন কৈছিল যে, তেওঁক বহুত মৰম দিব। ৰাণীৰ দৰে ৰাখিব। কেতিয়াও একো কাম কৰিব নিদিয়ে। বিয়া পাতি সদায় সুখত ৰাখিব। ইমানেই নহয়, যুৱকজনে কৈছিল যে, “মই তোমাক কেতিয়াও এৰি নাযাও। কিন্তু পৰিয়ালে যাতে আমাক সন্দেহ নকৰে সেয়ে তেওঁলোকৰ আগত তোমাৰ পৰা ৰাখী পিন্ধিম। যেতিয়া উপযুক্ত সময় আহিব তেতিয়া বিয়া পাতিম”। ইয়াৰ পাছত কেশৱে কিশোৰীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। পাছত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে আৰু ভিডিঅ’ কৰি লয়। এনেকৈয়ে এই ভিডিঅ’ তেওঁ ভাইৰেল কৰাৰ ভাবুকি দি বাৰে বাৰে কিশোৰীগৰাকীক ধৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

কিন্তু এতিয়া এই কাণ্ড পোহৰলৈ আহিছে। জানিব পৰা মতে, যুৱকজনে নাৰ্চিং হোমৰ এখন কেন্টিন চলায়। কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত বৰ্তমান এজাহাৰ দাখিল কৰিছে। কিন্তু অভিযুক্ত পলাতক অৱস্থাত আছে।

এই সন্দৰ্ভত আৰক্ষীয়ে জনাই যে, এটা পৰিয়ালে অভিযোগ কৰা অনুসৰি তেওঁলোকৰ ১৪ বছৰীয়া কিশোৰীগৰাকীক যুৱকজনে প্ৰতিদিনে মাতি নি ধৰ্ষণ কৰিছিল। কিন্তু প্ৰতিদিনে এই অত্যাচাৰ সহিব নোৱাৰি কিশোৰীগৰাকীয়ে সমগ্ৰ কাণ্ড পিতৃ-মাতৃক খুলি কৈছিল। কিশোৰীগৰাকীৰ পৰিয়ালে যেতিয়া যুৱকজনক আটক কৰাৰ চেষ্টা কৰে লগে লগে তেওঁ মোবাইল এৰি পলাই যায়। এই মোবাইলৰ পৰা উদ্ধাৰ হৈছে যুৱকজনৰ কাণ্ড। পৰৱৰ্তী সময়ত পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।  বৰ্তমান অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ  কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ ১১ দিন পাছত আছিল বিয়া, ফটোশ্বুটৰ আছিল পৰিকল্পনা! পিছে তাৰ পূৰ্বেই প্ৰাণ হেৰুৱালে যুৱতীয়ে…

বৃক্ক বিকল হ'লে ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
অত্যধিক চুলি সৰিছে নেকি? ঘৰুৱা উপায়েৰে দূৰ কৰক এই সমস্যা
ফ্ৰীজত কণী ৰখাৰ সময়ত নকৰিব এই ভুল! হ'ব স্বাস্থ্যৰ ক্ষতি...
গুপ্তাংগৰ খজুৱতি উঠিলে কি কৰিব? জানক সহজ ঘৰুৱা উপায়