পুত্ৰৰ কাৰণে ক্ৰয় কৰা মাটিতে পুত্ৰৰ সমাধিঃ বাংগালুৰু কাণ্ডৰ শোকাৱহ দৃশ্যই চকু সেমেকাই তুলিব আপোনাৰ

আৰচিবিৰ আই পি এল জয়ৰ আনন্দ মুহূৰ্ততে পৰিণত হৈছিল বিষাদলৈ। এই বিষাদৰ এক ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ভিডিঅ’ই চকু সেমেকাই তুলিছে প্ৰতিজন লোকৰ। ভাইৰেল এই ভিডিঅ’টোত এগৰাকী পিতৃয়ে পুত্ৰৰ সমাধিত বাগৰি কান্দি উঠা দেখিবলৈ পোৱা গৈছে।

পুত্ৰৰ কাৰণে ক্ৰয় কৰা মাটিতে পুত্ৰৰ সমাধিঃ বাংগালুৰু কাণ্ডৰ শোকাৱহ দৃশ্যই চকু সেমেকাই তুলিব আপোনাৰ

বাংগালুৰু পদপিষ্ট কাণ্ডৰ পিছৰ শোকাৱহ দৃশ্য

Published: 

08 Jun 2025 14:05 PM

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ আই পি এল ২০২৫ জয়ৰ আনন্দই একাংশ লোকৰ পৰিয়াললৈ কঢ়িয়াই আনিলে শোকৰ সময়। দলটোৰ খিতাপ জয়ৰ আনন্দ উদযাপনৰ বাবে চিন্নাস্বামী ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানৰ সময়ত সংঘটিত হোৱা পদপিষ্ট ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছিল ১১ জন লোকে। এইদৰে জয়ৰ আনন্দ মুহূৰ্ততে পৰিণত হৈছিল বিষাদলৈ। এই বিষাদৰ এক ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ভিডিঅ’ই চকু সেমেকাই তুলিছে প্ৰতিজন লোকৰ।

ভাইৰেল এই ভিডিঅ’টোত এগৰাকী পিতৃয়ে পুত্ৰৰ সমাধিত বাগৰি কান্দি উঠা দেখিবলৈ পোৱা গৈছে। ক্ৰন্দনৰত এই লোকজনে কাষত থকা লোকসকলক উদ্দেশ্যি পুত্ৰক এৰি ক’লৈকো যাব নিবিচাৰে বুলি কোৱা শুনিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’টো হাছানপুৰৰ। আৰচিবিৰ আই পি এল জয়ৰ আনন্দ উদযাপনলৈ এই ব্যক্তিজনৰ জীৱনলৈ কঢ়িয়াই আনিছে কঠিন পৰিস্থিতি।

ক্ৰন্দনৰত এই লোকজনৰ নাম বি টি লক্ষ্মণ। ভাইৰেল ভিডিঅ’টোত পুত্ৰ শোকত ম্ৰিয়মান লক্ষ্মণক মাটিত বাগৰি কান্দি কান্দি দেখিবলৈ পোৱা গৈছে। পুত্ৰৰ সমাধি সাবটি বাগৰি পৰা লক্ষ্মণক কিছু লোকে উঠাই নিবলৈ চেষ্টা কৰিছে যদিও কান্দি কান্দি তেওঁ কৈ উঠে, “মইও ইয়াত থাকিব বিচাৰো। প্লিজ মোক ইয়াত থাকিবলৈ দিয়ক।” বি টি লক্ষ্মণৰ পুত্ৰ ভূমিক লক্ষ্মণ বাংগালুৰুৰ পদপিষ্ট কাণ্ডত নিহত হৈছিল।

পুত্ৰক হেৰুৱাই শোকত ভাগি পৰা বি টি লক্ষ্মণ কয়, “এই মাটিখিনি মই ভূমিকৰ ভৱিষ্যতৰ বাবে ক্ৰয় কৰিছিলো। সেই মাটিতে মোৰ ল’ৰাৰ বাবে এটা স্মৃতিসৌধ সাজিব লগা হ’ল৷ মোৰ যি হৈছে, ভগৱানে আন কাৰোৰে লগত এনেকুৱা নকৰক।“ বাংগালুৰু পদপিষ্ট কাণ্ডত নিহত হোৱা ভূমিক লক্ষ্মণ ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰি আছিল আৰু ফাইনেল ইয়েৰৰ ছাত্ৰ আছিল।

কৰ্ণাটক বিজেপিয়ে লক্ষ্মণৰ এই ভিডিঅ’টো নিজা এক্স একাউণ্টত শ্বেয়াৰ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বিজেপিয়ে ৰাজ্যখনৰ শাসকীয় কংগ্ৰেছ চৰকাৰক প্ৰশ্ন কৰিছে, “পুত্ৰৰ সমাধিৰ সন্মুখত বহি কান্দি থকা এইগৰাকী পিতৃক আপোনালোকে তেওঁৰ পুত্ৰক ঘূৰাই দিব পাৰিবনে?” বিজেপিয়ে লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক হত্যাকাৰী বুলিও অভিহিত কৰে।

ইফালে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজনীতিবিদসকলক তীব্ৰ সমালোচনা কৰিছে। সন্থাই এই পদপিষ্ট দুৰ্ঘটনাক এটা অভাৱনীয় ঘটনা বুলি উল্লেখ কৰাৰ লগতে আৰ চি বিৰ বিজয় উদযাপন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰহে আছিল বুলি স্পষ্ট কৰি দিয়ে। সেইবাবেই চৰকাৰে নিজৰ ভুল মানি লোৱা উচিত বুলিও ক্ৰিকেট সন্থাই দাবী কৰে।

IPLকৈও অধিক ধন লাভ কৰিব WTCৰ বিজয়ী দলে, ভাৰতে লাভ কৰিব ইমান পৰিমাণৰ ধন…
আপোনাৰ এনে দৈনন্দিন অভ্যাসে মাতি আনিব পাৰে বিপদ, লাহে লাহে কৰিব পাৰে হাওঁফাওঁৰ ক্ষতি
সঘনাই পেটৰ বিষ, গেছ হৈ থাকে নেকি? জানক ইয়াৰ কাৰণ...
যকৃতৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? এনেকৈ চিনাক্ত কৰক...