বিচাৰিছিল তান্ত্ৰিক শক্তি! প্ৰথমে বন্ধুক ঘৰলৈ মাতিলে, সুৰাপান কৰোৱালে আৰু পাছত…

এজন যুৱকে প্ৰাণ কাঢ়িলে নিজৰ ঘনিষ্ঠ বন্ধুৰ। অন্ধবিশ্বাসৰ কবলত পৰি যুৱকজনে এই কাণ্ড সংঘটিত কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

বিচাৰিছিল তান্ত্ৰিক শক্তি! প্ৰথমে বন্ধুক ঘৰলৈ মাতিলে, সুৰাপান কৰোৱালে আৰু পাছত...

প্ৰতীকী ফটো

Published: 

30 Sep 2025 | 03:08 PM

আধুনিক বুলি দাবী কৰা আজিৰ সমাজত এতিয়াও কিছুমান এনে ঘটনা সংঘটিত হৈ আছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এজন যুৱকে নিজ বন্ধুক মদ্যপান কৰোৱাই আৰু পাছত হত্যা কৰে। কেৱল অন্ধবিশ্বাসৰ বাবে এই কান্ধ সংঘটিত কৰে যুৱকজনে। । নিহত লোকজনৰ নাম অজয় ​​ওৰফে ঝান্টু বুলি চিনাক্ত হৈছে। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ জামছেদপুৰত।

অভিযুক্ত যুৱকজনৰ নাম সন্দীপ কুমাৰ বুলি জানিব পৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক। প্ৰাৰম্ভিক তদন্ত অনুসৰি, তন্ত্ৰ বিদ্যা আৰু তন্ত্ৰ শক্তি আহৰনৰ বাবে যুৱকজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে।

স্থানীয় ৰাইজে জনাই যে, দুয়ো একেখন দোকানতে কাম কৰিছিল আৰু ভাল বন্ধুত্ব আছিল। কিন্তু অভিযুক্ত যুৱকজনে অন্ধবিশ্বাসৰ কবলত পৰি বন্ধুক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে। সেই অনুসৰি ২৯ ছেপ্টেম্বৰৰ সন্ধিয়া সন্দীপে বন্ধু অজয়ক নিজৰ ঘৰলৈ লৈ যায়। তাত তেওঁলোকে মদ্যপান কৰে। পৰিকল্পনা অনুসৰি অভিযুক্তই অজয়ক বেছিকৈ সুৰাপান কৰায়। ইয়াৰ মাজতে যেতিয়া নিশা ১২ বাজে লগে লগে তেওঁ অজয়ৰ ডিঙি কাটি হত্যা কৰে।

বৰ্তমান ঘটনা সন্দৰ্ভত অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে মৰণোত্তৰ পৰীক্ষাৰ বাবে অজয়ৰ মৃতদেহ হাস্পাতাললৈ প্ৰেৰণ কৰিছে। গতিকে তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ আহিব পাৰে।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়। বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অন্ধবিশ্বাসৰ লগত জড়িত বিভিন্ন অপৰাধজনিত ঘটনা পোহৰলৈ আহে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ চতৰা জিলাত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড। ভুত-প্ৰেতৰ সন্দেহত হত্যা কৰিছিল এজন লোকক। হত্যাৰ পূৰ্বে সেই লোকজনৰ জিভা কাটি দিছিল আৰু পাছত লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। সেই লোকজনৰ নাম ধৰ্মদেৱ বুলি চিনাক্ত হৈছিল।

 

অন্য খবৰ পঢ়কঃ চাৰিওফালে কাঁইটীয়া বেৰ, বন্ধ কোঠাত যুৱতী! CBI য়ে প্ৰকাশ কৰিলে অভিযুক্ত বাবাক লৈ নতুন তথ্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...