বিহাৰৰ ৰাইজৰ হৃদয় জিনিলে মৈথিলী ঠাকুৰে! প্ৰধানমন্ত্ৰী মোদীয়ো অনুৰাগী মৈথিলীৰ কণ্ঠৰ!

Maithili Thakur: বিহাৰৰ আলিপুৰ আসনৰ পৰা জয়ী হোৱাৰ দিশে Maithili Thakur। গ্ৰেণ্ড এলায়েন্সৰ বিনোদ মিশ্ৰ আৰু জন সুৰজৰ বিপ্লৱ ঝাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশংসা কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা মৈথিলীৰ এটা পোষ্ট হৈছে ভাইৰেল।

বিহাৰৰ ৰাইজৰ হৃদয় জিনিলে মৈথিলী ঠাকুৰে! প্ৰধানমন্ত্ৰী মোদীয়ো অনুৰাগী মৈথিলীৰ কণ্ঠৰ!
Updated On: 

14 Nov 2025 | 07:23 PM

বিহাৰৰ নিৰ্বাচনী ভোট গণনাত জয়ী কণ্ঠশিল্পী তথা বিজেপি প্ৰাৰ্থী মৈথিলী ঠাকুৰ। ১১টা ৰাউণ্ডৰ পাছতো আলিনগৰ সমষ্টিত আগবাঢ়িছে। ৰাষ্ট্ৰীয় জনতা দল (মিত্ৰজোঁট)ৰ বিনোদ মিশ্ৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে। নিৰ্বাচনত বিজয়ৰ মুখ দেখিলে ২৫ বছৰীয়া মৈথিলীয়ে। যদিও আনুষ্ঠানিকতা বাকী আছে তথাপিও চৌদিশে আনন্দই বিৰাজ কৰিছে।

মহিলা ভোটাৰৰ বাবে অসম মডেল অনুসৰণ কৰিছিল নীতিশ কুমাৰে। ইতিমধ্য ফটকা ফুটাই মিঠাই খুৱাই আনন্দ-উল্লাস বিজেপিৰ। বিজয়ৰ পিছতে NDAৰ প্ৰাৰ্থী জনপ্ৰিয় গায়িকা মৈথিলী ঠাকুৰে লোকসংগীত গাই ধন্যবাদ জ্ঞাপন কৰিলে নীতিশ কুমাৰক।

লোকসংগীতৰ চৰ্চা কৰা মৈথিলী ঠাকুৰৰ কণ্ঠৰ অনুৰাগী প্ৰধানমন্ত্ৰী মোদীয়ো। ২০২৪ চনত তেওঁৰ গায়কীৰ প্ৰশংসা কৰিছিল আৰু তেওঁৰ গীত এটি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এতিয়া পুনৰ চৰ্চালৈ আহিছে মোদীৰ সেই পোষ্টটো।

২০২৪ চনত অযোধ্যা ৰাম মন্দিৰ উদ্বোধনৰ সময়ত মাতৃ শ্ববৰীক লৈ এটি গীত পৰিবেশন কৰে মৈথিলী ঠাকুৰে। এতিয়া পুনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই গীতটো। গীতটিৰ বাবে প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

সৰুৰে পৰাই লোক আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীত উভয়ৰে প্ৰশিক্ষণ লাভ কৰিছিল মৈথিলীয়ে। সংগীতৰ মাজত ডাঙৰ হোৱা মৈথেলীয়ে পৰম্পৰাগত সংগীত শৈলীৰ বিষয়ে গভীৰ বুজাবুজি গঢ়ি তোলাত সহায় কৰিছিল, যিটো এতিয়া তেওঁৰ চিনাকি হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...