‘উগ্ৰপন্থী’ মুজাম্মিল-শ্বাহিনৰ ‘গুৰু’গৃহত নচলে বুলডজাৰ, আদালতে দিলে এনে ৰায়…

দিল্লী বিস্ফোৰণৰ আত্মঘাতী বোমাৰু উমৰ আৰু ফৰিদাবাদৰ বিস্ফোৰক উদ্ধাৰৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুজাম্মিল-শ্বাহিনৰ সৈতে বিশ্ববিদ্যালয়খনৰ লিংক বিচাৰি পাইছে তদন্ত সংস্থাই। এনে পৰিস্থিতিত জনসাধাৰণৰ দৃষ্টিত এই বিশ্ববিদ্যালয়খন হৈ পৰিছে ‘উগ্ৰপন্থীৰ ঘাটি’।

‘উগ্ৰপন্থী’ মুজাম্মিল-শ্বাহিনৰ ‘গুৰু’গৃহত নচলে বুলডজাৰ, আদালতে দিলে এনে ৰায়...

মুজ্জামিল আৰু শ্বাহিনৰ গুৰু ছিদ্দিকি (মাজত)

Updated On: 

23 Nov 2025 13:24 PM

দিল্লী বিস্ফোৰণৰ ঘটনাৰ পিছৰে পৰা সংবাদ শিৰোনামলৈ আহিছে হাৰিয়ানাৰ ফৰিদাবাদস্থিত আল-ফলাহ বিশ্ববিদ্যালয়। ইতিমধ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে নাকে (NAC)। তদন্তকাৰী সংস্থায়ো বিশ্ববিদ্যালয়খনত চলাইছে অভিযান। দিল্লী বিস্ফোৰণৰ আত্মঘাতী বোমাৰু উমৰ আৰু ফৰিদাবাদৰ বিস্ফোৰক উদ্ধাৰৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুজাম্মিল-শ্বাহিনৰ সৈতে বিশ্ববিদ্যালয়খনৰ লিংক বিচাৰি পাইছে তদন্ত সংস্থাই। এনে পৰিস্থিতিত জনসাধাৰণৰ দৃষ্টিত এই বিশ্ববিদ্যালয়খন হৈ পৰিছে ‘উগ্ৰপন্থীৰ ঘাটি’।

শেহতীয়াকৈ মধ্য প্ৰদেশ প্ৰশাসনে বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক জৱাদ আহমেদ ছিদ্দিকীৰ পূৰ্বপুৰুষৰ ঘৰ ভঙাৰ বাবে দিছিল নিৰ্দেশনা। অৱশ্যে এইক্ষেত্ৰত সাময়িক সকাহ প্ৰদান কৰিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। প্ৰশাসনৰ এই সিদ্ধান্তক লৈ উচ্চ ন্যায়ালয়ে সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰিছে।

উচ্চ ন্যায়ালয়ে নিজ আদেশত ছিদ্দিকীৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে। মধ্যপ্ৰদেশৰ মাহুটৰ মুকেৰী মহলত অৱস্থিত ছিদ্দিকিৰ পূৰ্বপুৰুষৰ ঘৰ। অভিযোগ অনুসৰি ঘৰটোৰ এটা অংশ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। সেই তথ্যৰ ভিত্তিত মহাউ কেণ্টনমেণ্ট ব’ৰ্ডে ঘৰটোৰ সেই অংশটো ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়।

এই সন্দৰ্ভত ব’ৰ্ডে জাননীও প্ৰেৰণ কৰে। ইয়াৰ পিছতে সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আদালতৰ কাষ চাপিছিল আব্দুল মজীদ। তেওঁ হৈছে আল-ফলাহ বিশ্ববিদ্যায়ৰ প্ৰতিষ্ঠাপক জৱাদ ছিদ্দিকিৰ আত্মীয়। বৰ্তমান তেওঁ পূৰ্বপুৰুষৰ সেই ঘৰতে বাস কৰে। বৃহস্পতিবাৰে মজীদৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ প্ৰণয় বাৰ্মাৰ বিচাৰপীঠে। শুনানিৰ সময়ত আবেদনকাৰীয়ে আদালতত ঘৰটোৰ বিবদমান অংশ ভাঙিবলৈ মাত্ৰ তিনিদিনৰ সময়সীমা দিয়া হৈছে বুলি উল্লেখ কৰে। এই কাৰ্যই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰিছে বুলিও তেও দোহাৰে। এই যুক্তিৰ আধাৰতে তেওঁ সকাহ লাভ কৰে।

লক্ষণীয়ভাৱে ইতিপূৰ্বে কেণ্টনমেণ্ট ব’ৰ্ডে অট্টালিকাটোৰ এই বিবদমান অংশ ভাঙিবলৈ ১৯৯৬-৯৭ চনতো জাননী জাৰি কৰিছিল। এতিয়া প্ৰায় ৩০ বছৰ পাছত পুনৰ জাননী জাৰি কৰিছে কেণ্টনমেণ্ট ব’ৰ্ডে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এই পৰিস্থিতিত এতিয়া কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছে।

ইফালে আব্দুল মজীদক আত্মপক্ষ সমৰ্থনত তথ্য তথা প্ৰাসংগিক নথি-পত্ৰ দাখিল কৰিবলৈ ১৫ দিনৰ সময়সীমা প্ৰদান কৰিছে আদালতে। অন্তৱৰ্তীকালীন আদেশত লগতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আৰু ১০ দিনৰ বাবে ব’ৰ্ডে আবেদনকাৰীৰ ঘৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল’ব নোৱাৰিব বুলি কোৱা হৈছে।

মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি? জানক...
নাৰীৰ কোনবোৰ বস্তুৱে পুৰুষক আকৰ্ষণ কৰে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
পত্নীৰ সৈতে নকৰিব কাজিয়া, অভাৱ-অনাটনে দেখা দিব জীৱনত!
শীতকালত কলেষ্টেৰল কম কৰিবলৈ খাওক এই খাদ্য...